স্বামী-সন্তানেৰে ভৰা সংসাৰ এৰি ক’লৈ গ’ল বনলতা? মঙলদৈত শাহুৰ কাতৰ অনুৰোধ?
স্বামী কমলজ্যোতি ডেকা আৰু এগৰাকী পাঁচবছৰীয়া কন্যা সন্তানৰ সৈতে বনলতাৰ আছিল এখন সুখৰ সংসাৰ ৷ কিন্তু যোৱা ১৬ জুনৰ পৰা কোনো সন্ধান নাই বনলতাৰ ৷

Published : June 29, 2026 at 3:03 PM IST
মঙলদৈ: বনলতা নোহোৱা হ’ল ৷ প্ৰায় এসপ্তাহ হ’ল বনলতা ঘৰত নাই ৷ ক’ত গ’ল, কাৰ লগত গ’ল একোৱেই নাজানে পৰিয়ালৰ লোকে ৷
বনলতা নোহোৱা হোৱাৰে পৰা খাৱন-শোৱন নোহোৱা হৈছে ঘৰখনত ৷ বনলতাক বিচাৰি হাবাথুৰি খাইছে স্বামীয়ে ৷ কি হৈছে একো বুজি নোপোৱা পাঁচবছৰীয়া ছোৱালীজনীয়েও আমনি কৰিছে মাকক বিচাৰি ৷ মাকৰ ঘৰলৈ বুলি ওলাই যোৱা বনলতা নাই বোলোতেই নাইকীয়া হ’ল ৷
ঘটনা মঙলদৈ থানাৰ অন্তৰ্গত মেধিপাৰাৰ ৷ স্বামী কমলজ্যোতি ডেকা আৰু এগৰাকী পাঁচবছৰীয়া কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ আছিল বনলতাৰ ৷ ঘৰখনত তেওঁলোকৰ বাহিৰে মানুহ বুলিবলৈ শহুৰেক আৰু শাহুৱেক ৷ সকলো ঠিকেই চলি আছিল ৷
কিন্তু যোৱা ১৬ জুনৰ পৰা কোনো সন্ধান নাই বনলতাৰ!!!
ক’ত নোহোৱা হ’ব পাৰে বনলতা ? পত্নীৰ সন্ধান বিচাৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে স্বামী কমলে ৷ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে বনলতাক ঘৰলৈ ঘূৰি আহিবলৈ ৷
পৰিয়ালৰ চিনাকী দুই এজনে কমলক কৈছে, 'আমিনগাঁৱত বনলতাক দেখা দেখা পোৱা গৈছে' ৷ সেই কথা শুনি কমলে তাতো গৈ সন্ধান চলালে, দুজনমান দোকানীয়ে হোটেলত খাবলৈ অহা, চিলিণ্ডাৰ বিচৰা বুলি কমলক জনাইছে ৷ কিন্তু তাৰ পাছতো বনলতাৰ কোনো শুংসূত্ৰ নাই ৷
ৰাজ্যত সচৰাচৰ ঘটি থকা বোৱাৰী পলাই যোৱা ঘটনাৰ সৈতে এই ঘটনাটোৰো সাদৃশ্য নথকা নহয় ৷ কমলে জনোৱা মতে, যোৱা মে’ মাহত ৰাজস্থানৰ এজন যুৱকৰ সৈতে ফেচবুকত চিনাকী হৈ মেছেজতে কথা-বতৰা হৈছিল বনলতা ৷ তাৰ পাছত ফোনতো বাৰ্তালাপ হ’বলৈ ধৰে ৷ যেতিয়া সেই কথা পোহৰলৈ আহে তেতিয়া কমলে বনলতাক যুৱকজনৰ সৈতে যোগাযোগ বন্ধ কৰিবলৈ কয় আৰু ম’বাইলটো কাঢ়ি লয় ৷ কিন্তু তাৰ পাছতেই হঠাৎ বনলতা নোহোৱা হ’ল ৷ এৰি গ’ল স্বামী-কন্যা, শহুৰ-শাহুক ৷
কমলে অভিযোগ কৰা মতে, ৰাজস্থানৰ যুৱকজনে বনলতাক বহুতো টকা-পইচা থকা বুলি কৈছিল আৰু বিভিন্ন প্ৰলোভনো দিছিল ৷ তদুপৰি তেওঁৰ লগত নগ’লে বনলতাক হত্যা কৰাৰো ভাবুকি দিছিল ৷ সেয়ে ৰাজস্থানৰ সেই যুৱকজনৰ লগতেই বনলতা পলাই যাব পাৰে বুলি সন্দেহ স্বামী কমলৰ ৷
বনলতা নিখোঁজ হোৱা সন্দৰ্ভত শাহুৱেকে সংবাদ মাধ্যমৰ আগত কয়, ‘‘বোৱাৰীক মই সংবাদ মাধ্যমৰ জৰিয়তে এইটোৱে কৈছোঁ যে তাই যদি ভালে আছে, ঘৰলৈ আহিব লাগে ৷ ছোৱালীজনীৰ মাক হিচাপে আহিব লাগে । আমাৰ ঘৰত হাই-কাজিয়া একো নাই ৷ শাহু-বোৱাৰী হিচাপে আমাৰ একো ধৰা ধৰি নাই ৷ এজনীয়েই বোৱাৰী, তায়েই আমাক লালন পালন কৰিব লাগিব । সকলোকে অনুৰোধ কৰিছোঁ, যেনেকৈ হ'লেও বিচাৰ-খোচাৰ কৰি মোৰ বোৱাৰীক আনি দিয়ক । মোৰ বোৱাৰী এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে ৷ কেনেকৈ নিৰুদ্দেশ হ'ল নাজানো, ঘৰত একো হাই-হুলস্থূল নাই, কোৱা মেলাও নাই । মাকৰ ঘৰলৈ যাওঁ বুলি কোৱাত মাক-দেউতাকে লৈ গৈছিল, তাৰ পৰাই নিৰুদ্দেশ হৈছে । কাৰোবাৰ মুখত শুনিছোঁ, কোনোবা ল’ৰাই হেনো তাইক নিবৰ বাবে প্ৰলোভন দি আছিল আৰু নিব নোৱাৰিলে তাইক মাৰিম বুলিও কৈছিল ৷ কিন্তু নিৰুদ্দেশ হোৱাৰ সঠিক কাৰণ ধৰিব পৰা নাই । সেই ল'ৰাটোৰ লগতে গ'ল নে তাই নিজে গ'ল, একো গম পোৱা নাই ।’’
কমলজ্যোতি ডেকাই ইতিমধ্যে যুৱকজনৰ ফটোসহ মঙলদৈ সদৰ থানাৰ এজাহাৰ দাখিল কৰিছে । কেইদিনমান পূৰ্বে চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে অসমৰ পৰা বিহাৰলৈ নিয়া ১১৫ গৰাকী যুৱক-যুৱতীক সশস্ত্ৰ সীমা বলে (SSB) উদ্ধাৰ কৰাৰ ঘটনাক লৈও উদ্বিগ্ন হৈছে পৰিয়ালটো ৷ বনলতাও এনে কেতবোৰ প্ৰলোভনৰে বলি হোৱাৰ তেওঁলোকে সন্দেহ কৰিছে।
লগতে পঢ়ক: চিকিৎসকৰ গাফিলতিক কেন্দ্ৰ কৰি বিশ্বনাথ চাৰিআলিত উত্তপ্ত পৰিস্থিতি

