ETV Bharat / state

গোলাঘাটৰ সেনা জোৱান দুৰ্লভ গগৈক অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় পৰিয়াল-গুণমুগ্ধৰ

সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন শ্ৰীনগৰত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা সেনা জোৱান দুৰ্লভ গগৈৰ ।

Golaghat soldies last rites
গোলাঘাটৰ সেনা জোৱান দুৰ্লভ গগৈক অন্তিম বিদায় গুণমুগ্ধৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 8:25 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: গোলাঘাট জিলাৰ চাৰিওফালে কেৱল মাত্ৰ কান্দোনৰ ৰোল । কাৰণ সুস্থ শৰীৰে গৈ দেশৰ সুৰক্ষাত নিয়োজিত হোৱা সেনা জোৱানৰ নিথৰ দেহ আহিল ঘৰলৈ । লোকাৰণ্য নুমলীগড়ৰ পংকা বৰচাপৰি । সেনা জোৱান দুৰ্লভ গগৈৰ অন্তিম যাত্ৰাৰ সংগী শ শ লোক । সকলোৱে দুখ মনেৰে অন্তিম শ্ৰদ্ধাঞ্জলি জনালে সেনা জোৱানগৰাকীক ।

উল্লেখ্য যে নুমলীগড়ৰ সন্তান দুৰ্লভ গগৈ শ্ৰীনগৰত কৰ্মৰত আছিল । কিন্তু ২৬ মে'ত শ্ৰীনগৰৰ সেনা শিবিৰত থকা অৱস্থাতে হৃদক্ৰিয়া বন্ধ হৈ হাবিলদাৰ দুৰ্লভ গগৈৰ মৃত্যু হয় । ইয়াৰ পিছত শুকুৰবাৰে তেওঁৰ নশ্বৰদেহ পংকা বৰচাপৰিৰ বাসগৃহলৈ অনা হয় । নশ্বৰদেহ বাসগৃহত আহি পোৱাৰ পিছতে অঞ্চলটোৰ বহু লোক, আত্মীয় আৰু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰে । সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয় । সেই সময়ত ভাৰতীয় সেনা বাহিনীৰ জোৱান, জিলা প্ৰশাসনৰ বিষয়ববীয়া, আৰক্ষী বাহিনীৰ সদস্যৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াইও উপস্থিত থাকি জোৱান গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

গোলাঘাটৰ সেনা জোৱান দুৰ্লভ গগৈক অন্তিম বিদায় গুণমুগ্ধৰ (ETV Bharat)

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিধায়ক মৃণাল শইকীয়াই কয়, "পংকা অঞ্চলৰ হাবিলদাৰ দুৰ্লভ গগৈ কৰ্তব্যৰত অৱস্থাত হ্ৰদক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে । তেখেতৰ মৃত্যুত সমগ্ৰ খুমটাই সমষ্টিৰ ৰাইজ দুখত ভাগি পৰিছে । এজন জোৱানৰ মৃত্যু আমাৰ বাবে বহু ক্ষতি আৰু দুৰ্লভ গগৈৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি ।"

Golaghat soldies last rites
দুৰ্লভ গগৈক অন্তিম শ্ৰদ্ধাঞ্জলি বিধায়ক মৃণাল শইকীয়াৰ (ETV Bharat)

দুৰ্লভ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি গোলাঘাট জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ এজন বিষয়াই কয়, "আমাৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্দেশ্য হৈছে আমাৰ কৰ্মৰত সৈনিক আৰু প্ৰাক্তন সৈনিকসকলৰ দুখত দুখী আৰু সুখত সুখীৰ সমভাগী হোৱা । দুদিন পূৰ্বে আমি খবৰ পাইছিলো যে দুৰ্লভ গগৈৰ মৃত্যু হৈছে । তাৰ পাছত আমি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আজি দুৰ্লভ গগৈৰ শেষকৃত্য সম্পন্ন কৰিবলৈ সকলো একত্ৰিত হৈছোঁ ।"

Golaghat soldies last rites
গোলাঘাটত ভাৰতীয় সেনা জোৱান দুৰ্লভ গগৈৰ নশ্বৰদেহ (ETV Bharat)

আনহাতে দুৰ্লভ গগৈৰ অকাল বিয়োগত পৰিয়ালটোত শোকৰ ছাঁ দেখা গৈছে । শোকত ভাগি পৰিছে পৰিয়ালৰ সদস্যসকল । শোক প্ৰকাশ কৰি দুৰ্লভ গগৈৰ বৰদেউতাকে কয়, "দুৰ্লভ গগৈ সৰুৰে পৰা মোৰ লগতে ডাঙৰ-দীঘল হৈছিল । জন্মৰ পাছতে মাতৃ আঁতৰি গৈছিল আৰু পিতৃ আৰু মই তাক ডাঙৰ-দীঘল কৰিলোঁ । বহু কষ্ট কৰি সেনা বাহিনীত যোগদান কৰিছিল । এটা সময়ত নাছিকত থাকি বিলাহী খেতিত দিন হাজিৰা কৰি সেনাবাহিনীত যোগদান কৰিছিল । আমাৰ মাজৰ পৰা তেওঁ হেৰাই গৈছে, আমাৰ ভাবিবলৈও কষ্ট হৈছে । আজি আমাৰ চিতা তেওঁ সাজিব লাগিছিল ৷ কিন্তু বিধাতাৰ লিখন আমি আজি তাৰ বাবে চিতা সাজিবলগীয়া হৈছে । ২৬ বছৰ বয়সত সেনা বাহিনীত যোগদান কৰিছিল । পত্নী আৰু দুটা পুত্ৰ সন্তান আছে দুৰ্লভ গগৈৰ ।"

Golaghat soldies last rites
সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন (ETV Bharat)

উল্লেখ্য যে দুৰ্লভ গগৈ ভাৰতীয় সেনাৰ ৪৯ বায়ুৰক্ষা ৰেজিমেণ্টৰ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল । ১৯৮৪ চনৰ ২ এপ্ৰিলত পংকা বৰচাপৰিত জন্মগ্ৰহণ কৰা জোৱানজনে শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত অতি কষ্ট আৰু অনুশীলনৰ মাজেৰে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল । অৱসৰৰ বাবে মাত্ৰ কেইটামান বছৰ বাকী থকা অৱস্থাতেই তেওঁৰ অকাল মৃত্যু হোৱাত অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :

ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা: ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ'ৰ, নিমিষতে প্ৰাণ গ'ল চাৰিজনৰ