ETV Bharat / state

মাছমৰীয়াৰ বেশত বিধায়ক: বোকা-পানীত নামি মাছ ধৰাত ব্যস্ত ৰমাকান্ত দেউৰী

ৰাজনীতিৰ সমান্তৰালকৈ পথাৰ আৰু পুখুৰীত ব্যস্ত মৰিগাঁৱৰ তিনিবাৰৰ বিধায়ক ৷ এক ব্যতিক্ৰমী কৰ্মসংস্কৃতিৰ অনুপ্ৰেৰণাদায়ক কাহিনী ।

Morigaon MLA Rama Kanta Dewri is busy fishing in the pond
পুখুৰীত ব্যস্ত মৰিগাঁৱৰ তিনিবাৰৰ বিধায়ক ৰমাকান্ত দেউৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 3:34 PM IST

3 Min Read
Choose ETV Bharat

​মৰিগাঁও: সাধাৰণতে ‘বিধায়ক’ বুলি ক’লে আমাৰ চকুৰ আগত ভাঁহি উঠে বিলাসী বাহন, সুৰক্ষাকৰ্মী আৰু শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি কাগজ-পত্ৰত চহী কৰা এজন ৰাজনীতিবিদৰ ছবি । কিন্তু এই সকলোবোৰৰ মাজতো ব্যতিক্ৰম মৰিগাঁও বিধানসভা সমষ্টিৰ তিনিবাৰকৈ বিধায়কৰ আসন অলংকৃত কৰা ৰমাকান্ত দেউৰী ।

বিধায়ক হোৱাৰ পাছতো তেওঁ এৰি দিয়া নাই নিজৰ পুৰণি পৰিচয় । এহাতে যদি তেওঁ সমষ্টিৰ উন্নয়নৰ বাবে চৰকাৰী কাম-কাজত ব্যস্ত, আনহাতে সুযোগ পালেই তেওঁ নামি পৰে বোকা-পানীত ।

ৰাজনীতিৰ সমান্তৰালকৈ পথাৰ আৰু পুখুৰীত ব্যস্ত বিধায়ক ৰমাকান্ত দেউৰী (ETV Bharat Assam)

​কেতিয়াবা যদি তেওঁক মাছমৰীয়াৰ বেশত পুখুৰীৰ পাৰত দেখা যায়, কেতিয়াবা আকৌ কান্ধত নাঙল-যুঁৱলি লৈ বা ট্ৰেক্টৰ চলাই ধাননি পথাৰত ব্যস্ত থকা দেখা পোৱা যায় । ৰাজনীতি আৰু কৃষিকৰ্মক সমানে আগুৱাই লৈ যোৱা ৰমাকান্ত দেউৰী বৰ্তমান অসমৰ অন্যতম জনপ্ৰিয় আৰু চৰ্চিত ব্যক্তিত্ব ।

বুধবাৰে বিয়লি মাছমৰীয়াৰ বেশত দেখা গ’ল বিধায়ক ৰমাকান্ত দেউৰীক ৷ তেওঁ নিজেও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মাছ মাৰি থকা ভিডিঅ’ ৷

​১৯৮৩ চনৰ পৰাই মাছৰ খেতিত নিয়োজিত : এক সুদীৰ্ঘ যাত্ৰা

ৰমাকান্ত দেউৰী কেৱল নামত খেতিয়ক নহয়, তেওঁ এগৰাকী সফল আৰু অভিজ্ঞ মীন পালকো । ১৯৮৩ চনৰে পৰা, অৰ্থাৎ সক্ৰিয় ৰাজনীতিত খোজ পেলোৱাৰ বহু পূৰ্বৰে পৰাই তেওঁ বৈজ্ঞানিক পদ্ধতিৰে মাছৰ খেতি কৰি আহিছে । বিগত চাৰিটা দশক ধৰি তেওঁ মীন পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ বহু নিবনুৱা যুৱকক সংস্থাপনৰ পথ দেখুৱাইছে ।

​বিধায়কগৰাকীৰ মতে, মাছৰ খেতি কেৱল এটা ব্যৱসায় নহয়, ই তেওঁৰ বাবে এক নিচা । বৰ্তমান সময়তো সমষ্টিৰ কামৰ পৰা অলপ আজৰি সময় পালেই তেওঁক পোৱা যায় নিজৰ মীন পালন ক্ষেত্ৰত । জালখন হাতত লৈ মাছমৰীয়াৰ দৰে পুখুৰীত নামি পৰা তেওঁৰ সৰল প্ৰকৃতিয়ে সদায় আপ্লুত কৰে থলুৱা ৰাইজক ।

বিধায়ক ৰমাকান্ত দেউৰী

মীনপালনৰ সন্দৰ্ভত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়, ‘‘মই সৰুৰে পৰা মাছ মাৰো, মাছ ধৰো, ধান খেতি কৰো ৷ মই বিধায়ক হোৱাৰ বহু আগৰে পৰা খেতি কৰি আহিছো ৷ ১৯৮৩ চনৰে পৰা মাছৰ ব্যৱসায় কৰি আহিছো ৷ এয়া মোৰ বৃত্তি, এয়া মোৰ কৰ্ম ৷ মই পুৱা ৪ বজাতে শুই উঠো, মাছক দানা দিওঁ ৷ মোৰ সহায়ৰ বাবে দুই-তিনিটা মানুহ ৰাখিছো ৷ মই শুই থাকিলে সিহঁতো শুই থাকিব, সেয়ে মই সোনকালে উঠো, সিহঁতকো উঠাও, কামত লগাওঁ ৷ এটা বছৰত মই পোনা মাছ দুই-তিনি কেজি ডাঙৰ কৰিবলৈ সক্ষম হৈছো ৷’’

লগতে পঢ়ক : তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা বিধানসভালৈ...অপ্ৰতিৰোধ্য ৰমাকান্ত দেউৰী

লগতে পঢ়ক : আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰবিন্দু হ'ব দেওশাল শিৱ মন্দিৰ: মুখ্যমন্ত্ৰী