এবছৰৰ পাছত ছাত্ৰী নিৰ্যাতনকাৰী শিক্ষকৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
ছাত্ৰী নিৰ্যাতনকাৰী শিক্ষকক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ ৷

Published : June 30, 2026 at 6:29 PM IST
মৰিগাঁও: শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত দাগ লগোৱা বিজ্ঞান শিক্ষক প্ৰাঞ্জল কুমাৰ নাথৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মৰিগাঁও জিলা আয়ুক্তই ৷ উল্লেখ্য যে, এবছৰ তিনিমাহৰ পূৰ্বে মৰিগাঁৱৰ পিএমশ্ৰী জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক প্ৰাঞ্জল কুমাৰ নাথৰ বিৰুদ্ধে ৷
ঘটনা অনুসৰি, ছাত্ৰীগৰাকীক ধৰ্ষণৰ অভিযোগ উত্থাপনৰ পাছতে বিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকে অভিযোগ দাখিল কৰিছিল বিভাগীয় উচ্চপদস্থ বিষয়াক ৷ কিন্তু সেই সময়ৰ মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক চমুকৈ আইএছ অপূৰ্ব ঠাকুৰীয়াই একো পদক্ষেপ গ্ৰহণ নকৰি ঘটনাৰ গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ২০২৫ চনতেই সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াক এক লিখিত অভিযোগ দাখিল কৰিছিল । লিখিত অভিযোগ লাভ কৰাৰ পিছতো জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক বা আইনী পদক্ষেপ গ্ৰহণ নকৰিলে ।
উপায়ন্তৰ হৈ বিদ্যালয়খনৰ অধ্যক্ষা জোনা ৰাণী ভাগৱতীয়েও অভিযুক্ত বিজ্ঞান শিক্ষক প্ৰাঞ্জল কুমাৰ নাথৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল জিলা আয়ুক্তক ৷ লিখিত অভিযোগ লাভ কৰাৰ পাছতে মৰিগাঁও জিলা আয়ুক্তই ঘটনাৰ সন্দৰ্ভত এক উচ্চস্তৰীয় দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে । একে সময়তে ভুক্তভোগী ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰাৰ লগতে কৰ্তব্যত গাফিলতি কৰা শিক্ষা বিষয়া আৰু অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে যাতে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰা হয়, তাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাইছে ।
ছাত্ৰী সুৰক্ষাৰ দৰে এক স্পৰ্শকাতৰ বিষয়ত জিলা পৰিদৰ্শকগৰাকীৰ এনে উদাসীন আৰু ৰহস্যজনক ভূমিকাই এতিয়া ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে কাক সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ? ইফালে ন্যায়ৰ আশাত ভুক্তভোগী পৰিয়াল ৷
লগতে পঢ়ক:কেৱল সুগন্ধিয়ে নহয়, নাৰ্জী ফুলে বিলাইছে সমৃদ্ধিৰো বতৰা

