ETV Bharat / state

সেউজ ধৰিত্ৰীৰ বাবে সমৰ্পিত এগৰাকী ব্যক্তি: প্ৰায় ডেৰ দশকত ৰোপণ-প্ৰতিপালন লক্ষাধিক গছপুলি

২০১০ চনৰ পৰা ৰিতুৰাজ বৰুৱাই লক্ষাধিক গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি আহিছে ৷ তিনিচুকীয়া-গুৱাহাটীলৈ সজাগতামূলক চাইকেল আৰু পদযাত্ৰা ৷

World Environment Day 2026
সেউজ ধৰিত্ৰীৰ বাবে সমৰ্পিত এগৰাকী ব্যক্তি; প্ৰায় ডেৰ দশকত ৰোপণ-প্ৰতিপালন লক্ষাধিক গছপুলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 6:52 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে ব্যক্তিগত উদ্যোগত গছপুলি ৰোপণ কৰিছে । কিন্তু আজিৰ দিনটোত গছপুলি ৰোপণ কৰা অধিকাংশ লোকেই ৰোপণ কৰাৰ পাছত গছপুলিটোলৈ আৰু ঘূৰি নাচায় । ৰোপণ কৰিয়েই যেনে নিজৰ দায়িত্ব সামৰে । তাৰ মাজতো এনে একাংশ লোক আছে, যিসকলে গছৰ পুলিটো নিজৰ সন্তানৰ দৰে মৰম কৰি প্ৰতিপালন কৰে ।

১৬ বছৰীয়া নিৰলস সেউজ যাত্ৰা

সেউজ ধৰিত্ৰীৰ বাবে সমৰ্পিত এগৰাকী ব্যক্তি; প্ৰায় ডেৰ দশকত ৰোপণ-প্ৰতিপালন লক্ষাধিক গছপুলি (ETV Bharat Assam)

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আমি এই প্ৰতিবেদনৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ এগৰাকী বিশেষ ব্যক্তিৰ পৰিৱেশৰ হকে কৰা কিছু কামৰ নিদৰ্শন, যি কামে তিনিচুকীয়াত সৃষ্টি কৰিছে এক সেউজীয়া ধৰিত্ৰীৰ ৷ ব্যক্তিগৰাকী হৈছে তিনিচুকীয়াৰ ৰিতুৰাজ বৰুৱা । তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা ৰিতুৰাজ বৰুৱাই ২০১০ চনৰ পৰা অবিৰতভাৱে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত অসংখ্য গছপুলি ৰোপণ কৰি আহিছে ৷

তেওঁ গছৰ পুলিসমূহ ৰোপণ কৰিয়েই দায়িত্ব সামৰা নাই ৷ গছপুলিসমূহ ৰোপণ কৰাৰ সমান্তৰালভাৱে প্ৰতিপালন কৰি প্ৰদৰ্শন কৰিছে এগৰাকী প্ৰকৃত পৰিৱেশকৰ্মীৰ পৰিচয়।

তিনিচুকীয়াক সেউজীয়া কৰি ৰখাৰ অভিযান ৰিতুৰাজৰ

তিনিচুকীয়াৰ বহু ঠাইত এতিয়া ৰিতুৰাজ বৰুৱাই ৰোপণ কৰা গছপুলি একোজোপা পূৰঠ গছৰ ৰূপ লোৱাৰ লগতে গঢ়ি তুলিছে এক সুন্দৰ পৰিৱেশ । উদাহৰণস্বৰূপে ক’ব পাৰি তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ কাষেৰে যোৱা বৰদলৈ নগৰৰ পথটোৰ কাষত থকা কৃষ্ণচূড়াৰ দীঘলীয়া শাৰীৰ কথা । য’ত এতিয়া কৃষ্ণচূড়া গছৰ পুলিসমূহ পূৰঠ হৈ পথছোৱা ফুলেৰে ৰঙীন কৰি তুলিছে ।

World Environment Day 2026
ৰিতুৰাজ বৰুৱা (ETV Bharat Assam)

আনহাতে, মাজে মাজে থকা কিছু গছৰ গুটি নিয়মীয়াকৈ খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ আহে অগণন চৰাই । সেই দৃশ্য চাই থাকিলে যেন কেতিয়াও মন নভৰে । তাৰ সমান্তৰালভাৱে তিনিচুকীয়া অসামৰিক চিকিৎসালয় চৌহদ, ৰাধাকৃষ্ণ মন্দিৰৰ চৌহদ, জনতা মহাবিদ্যালয়কে ধৰি তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত তথা পথৰ কাষত ৰিতুৰাজ বৰুৱাৰ নেতৃত্বত ৰোপণ কৰা গছে গঢ়ি তুলিছে অনন্য পৰিৱেশ ৷

পৰিৱেশ সজাগতা অভিযান

ইয়াৰ সমান্তৰালভাৱে পৰিৱেশ সজাগতাৰ বাবে ৰিতুৰাজ বৰুৱাৰ নেতৃত্বত তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ এক চাইকেল যাত্ৰাও কৰা হৈছিল । বৰুৱাই সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাই এই সন্দৰ্ভত কয়, "আজিৰ দিনটোত মানুহে লাখ লাখ গছৰ পুলি ৰোপণ কৰিব । ৰোপণ কৰাটো ডাঙৰ কথা নহয়, ইয়াৰ প্ৰতিপালন কৰাটো গুৰুত্বপূৰ্ণ ৷ গছৰ পুলিটো ৰোপণ কৰি প্ৰতিপালন কৰি পূৰঠ কৰিলেহে পৃথিৱীৰ যি ভাৰসাম্যতা সেয়া বজায় ৰাখিব পৰা যাব ৷ গতিকে সকলো ৰাইজলৈ আহ্বান জনাওঁ, আজিৰ দিনটোত সকলোৱে এটা হ’লেও গছৰ পুলি ৰোপণ কৰক আৰু নিজৰ সন্তানৰ দৰে লালন-পালন কৰি বৃহৎ গছৰ ৰূপ দিয়ক ।"

তেওঁ লগতে কয়, "আমি গছৰ পুলি নিজে ৰোপণ কৰাৰ সমান্তৰালভাৱে বিতৰণ কৰি আহিছোঁ । আমি প্ৰমাণ পাইছোঁ যে বিতৰণ কৰা গছৰ পুলিটো সুন্দৰকৈ ৰোপণ কৰি লালন-পালন কৰে । গতিকে আমি বিতৰণৰ জৰিয়তেও লাখ লাখ গছৰ পুলি ৰোপণ কৰা হৈছে । এতিয়া ৰাইজ সজাগ হৈছে । আমি ২০১২ চনত ৰাইজক সজাগ কৰিবলৈ তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ পাঁচদিনীয়া এক চাইকেল যাত্ৰা কৰিছিলোঁ আৰু ২০১৫ চনত বহলভাৱে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ প্ৰায় ৩৬ দিনীয়া পদযাত্ৰা কৰিছিলোঁ ৷"

লগতে পঢ়ক :বীজ বোমা, সেউজ সৈনিক আৰু সেউজ বিস্ফোৰণ: এখন 'খাদ্য অৰণ্য'ৰ আঁৰৰ এক নিপোটল কাহিনী
লগতে পঢ়ক :তপন বেজৰ বাঁহ-বেতৰ শিল্পৰ বিশ্বমুখী যাত্ৰা; একাংশ নৱপ্ৰজন্মই আনিছে আশাৰ বতৰা