আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে, জোনাইত খাদ্য বিষক্ৰিয়াত ৬০ৰো অধিক লোক অসুস্থ
কেইবাজনকো উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ।

Published : July 3, 2026 at 1:58 PM IST
জোনাই: খাদ্যত বিষক্ৰিয়াৰ ঘটনাই সমগ্ৰ ধেমাজি জিলাত আতংকৰ সৃষ্টি কৰিছে । প্ৰতি ঘণ্টাতে অসুস্থ লোকৰ সংখ্যা বাঢ়ি গৈয়ে আছে । জোনাইৰ গালী মিগাং, ললাদ, গালী বৰবালী, গালী চিকাৰী আৰু চুংক্ৰাং এই ৫ খন গাঁৱত বুধবাৰৰ পৰা ইজনৰ পিছত সিজন লোক অসুস্থ হৈছে ।
অসুস্থ লোকসকলক প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটাত ততাতৈয়াকৈ আটাইকেইগৰাকীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । ইয়াৰে দুগৰাকী জোনাই অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
জানিব পৰা মতে মঙলবাৰে গালি মিগাং গাঁৱৰ এঘৰত জন্মদিন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । অভিযোগ অনুসৰি অনুষ্ঠানত মাহ প্ৰসাদ আদি খোৱাৰ পাছতে ইজনৰ পিছত সিজন লোকৰ দেহত জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষ আদি লক্ষণ দেখা দিয়ে । অঞ্চলটোৰ ৭০ গৰাকীতকৈও অধিক লোক অনুষ্ঠানটোত উপস্থিত আছিল ।

এজন অসুস্থ লোকে কয়, "অনুষ্ঠানটো ৩০ তাৰিখে আছিল । নাম-প্ৰসংগত বুট মাহ, পিঠা, বুন্দিয়া ভুজিয়া আদি দিয়া হৈছিল । সেইদিনা একো হোৱা নাছিল । কিন্তু ১২ ঘণ্টামানৰ পিছত ঘটনাবোৰ আৰম্ভ হৈছে । মোৰো জ্বৰ হৈ আছে ।"

বৃহস্পতিবাৰে নিশা পুনৰ ১০ গৰাকী লোক অসুস্থ হৈ পৰে । ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে তেওঁলোকক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । ইফালে নিশা ৬ গৰাকী লোকক আইচিইউত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে । এতিয়ালৈ ৬০ ৰো অধিক লোক অসুস্থ হৈ পৰিছে । বৰ্তমান আটাইকেইগৰাকী ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ।
জোনাইৰ বিধায়ক ভূৱন পেগুৱেও এই বিষয়টো গুৰুত্বসহকাৰে লৈছে । তেওঁ অসুস্থ লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰিছে । বৃহস্পতিবাৰে সন্ধিয়া বিধায়কগৰাকী অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ একাংশ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো সাক্ষাৎ কৰে ।
লগতে পঢ়ক :
জোনাইত খাদ্যত বিষক্ৰিয়া; ৫০ আক্ৰান্তক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ

