ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত ৩.৮ লাখৰো অধিক নতুন গৃহ নিৰ্মাণ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসমৰ কৃষি খণ্ডৰ উন্নয়ন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা সম্পৰ্কে মুখ্যমন্ত্ৰী শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী চৌহানৰ মাজত আলোচনা ৷

CM HIMANTA BISWA SARMA
অসমত ৩.৮ লাখৰো অধিক নতুন গৃহ নিৰ্মাণ কৰিব (HIMANTA BISWA SARMA FB)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 10:34 PM IST

|

Updated : August 25, 2026 at 10:39 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ৷ সাক্ষাৎ কালত বানত ক্ষতিগ্ৰস্ত ঘৰসমূহৰ পুনৰ নিৰ্মাণ, কৃষি খণ্ডৰ উন্নয়ন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা সম্পৰ্কে মুখ্যমন্ত্ৰী শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী চৌহানৰ মাজত আলোচনা হয় ৷ এই কথা এক্সৰ জৰিতে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাই এক্স যোগে কয়,"আজি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এক আলোচনা মিলিত হও ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা, নতুন গৃহ নিৰ্মাণ আৰু বানত ক্ষতিগ্ৰস্ত ঘৰসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ আৰু কৃষি খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷"

তেওঁ লগতে কয়,"প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমক ৫,০০০ কোটিৰো অধিক বিনিয়োগ, ৩.৮ লাখৰো অধিক নতুন গৃহ নিৰ্মাণ আৰু বানত ক্ষতিগ্ৰস্ত ঘৰসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ’ব । তদুপৰি কৃষি খণ্ডৰ উন্নয়নৰ বাবে অসমে লাভ কৰিব অতিৰিক্ত ১৩৯ কোটি টকা ।"

ইফালে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসমত শেহতীয়াকৈ হোৱা বনত ক্ষতিগ্ৰস্ত বাট-পথ মেৰামতি সম্পৰ্কে, কাজিৰঙাৰ এলিভেটেত কৰিড'ৰ আৰু গুৱাহাটী ৰিং ৰোড আদি বিষয়ত আলোচনা কৰে ৷

এই সন্দৰ্ভত এক্সত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে,"অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰে মেৰামতি আৰু ভৱিষ্যতে বানৰ ক্ষতি হ্ৰাস কৰিব পৰাকৈ অধিক শক্তিশালী পথ নিৰ্মাণৰ সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ সৈতে আলোচনা কৰা হয় ৷ লগতে যোৰাবাটৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ সামগ্ৰিক পুনৰ্নক্সা কৰাৰ বিষয়তো আলোচনা কৰা হয় ।"

লগত পঢ়ক: হোৰাহোৰে বাঢ়িছে চেনিৰ মূল্য, দাম বাঢ়িলেও চেনিৰ কমা নাই গ্ৰাহক !

Last Updated : August 25, 2026 at 10:39 PM IST