ETV Bharat / state

দুই হাজাৰ বিঘা কৃষিভূমিত মাথোঁ সেউজী-হালধীয়া ৰঙৰ ঢৌ

দুই হাজাৰ বিঘা কৃষিভূমিত কৃষকৰ কৃষি বিপ্লৱ । শাক-পাচলিৰে স্বাৱলম্বী হৈছে যুৱক ।

Agriculture in the Brahmaputra chapari
কলিয়াবৰৰ জখলাবন্ধাত ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষি বিপ্লৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 23, 2025 at 10:49 AM IST

4 Min Read
Choose ETV Bharat

কলিয়াবৰ: কলিয়াবৰৰ জখলাবন্ধাত প্ৰায় দুই হাজাৰ বিঘা কৃষিভূমি সেউজী-হালধীয়া ৰূপেৰে জিলিকিছে । এই জিলিকনিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত । ইয়াত সৰিয়হ, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবিৰ পৰা গোমধানলৈকে সকলোৱেই আছে । দুই শতাধিক কৃষকৰ কঁপালৰ ঘাম যেন সোণ হৈ পৰিছে । যেনি চাই তেনিয়েই কেৱল সেউজী-হালধীয়া ৰঙে ঢৌ খেলিছে ।

কলিয়াবৰৰ জখলাবন্ধাৰ পৰা পূবে হাতীমূৰা অঞ্চলৰ পৰা কুকুৰাকটা পাহাৰলৈকে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ প্ৰায় দুই হাজাৰ বিঘা কৃষি ভূমিত বিভিন্ন প্ৰজাতিৰ মাহ, সৰিয়হ, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, মটৰ, বেঙেনা, লাই শাক, পালেং, ধনীয়া, মূলা, গোমধান আদিৰ বিভিন্ন শাক-পাচলিৰে খেতি কৰি স্বাৱলম্বী হৈছে দুই শতাধিক কৃষক ।

কলিয়াবৰৰ জখলাবন্ধাত ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষি বিপ্লৱ (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰৰ চাপৰিত ৰবি শস্যৰ খেতিৰে বজাৰ দখল কৰাৰ লক্ষ‍্য পূৰণত ব‍্যস্ত কৃষক । স্থানীয় কৃষকসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত পৃথকে-পৃথকে গঠন কৰা গোটসমূহে আৰম্ভ কৰিছে এই কৃষি কৰ্ম য'ত শিক্ষিত যুৱকৰ সংখ‍্যাই অধিক ।

কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেডৰ জৰিয়তে প্ৰায় দুই হাজাৰ বিঘা কৃষিভূমিত দুই শতাধিক কৃষকৰ কৃষি বিপ্লৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই ক্ষেত্ৰত কৃষি বিভাগেও উন্নত জাতৰ বীজ প্ৰদান কৰি কৃষকসকলক সহায় কৰি আহিছে । এইবেলি বিশেষকৈ উন্নত জাতৰ সৰিয়হৰ বীজ যোগান ধৰিছে কৃষকসকলক ।

ইতিমধ্যে কৃষকসকলক স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই খেতি কৰা অঞ্চলটোৰ চৌপাশ চ'লাৰ ফেঞ্চিং সংস্থাপনৰ ব্যৱস্থা কৰি সহায় আগবঢ়াইছে । ফলত বনৰীয়া হাতী,ম'হ,গাহৰি,পহু আদিয়ে কৃষি শস্য অনিষ্ট কৰাৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈছে ।

ব্ৰহ্মপুত্ৰৰ চাপৰিত যুৱকৰ সপোন :

কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত বহু যুৱকে উপাৰ্জনৰ বাট মোকলাইছে । তেনে এক যুৱগোট হ'ল 'প্ৰজন্ম' । যোৱা কেইবাবছৰৰ পৰা প্ৰজন্মৰ সদস্যসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত সৰিয়হকে ধৰি আন শস্যৰ খেতি কৰি লাভৱান হৈ আহিছে । এইবাৰো প্ৰজন্মৰ পোন্ধৰজনীয়া গোটটোৱে প্ৰায় ৯০বিঘা মাটিত কৃষি কৰ্ম আৰম্ভ কৰিছে, য'ত মূলতঃ সৰিয়হ খেতিৰ লগতে ৰঙালাও, বিলাহ, আলু, জলকীয়া, নহৰু, বীটৰ পুলি আৰু বীজ ৰোপণ কৰিছে । প্ৰজন্মৰ কৃষি কাৰ্যত পূৰ্বৰে পৰা চৰকাৰৰ পৰা সহায়-সহযোগিতা লাভ কৰি আহিছে । আগৰ দৰে এইবাৰো ফচলৰ উৎপাদন আশাপ্ৰদ হ'ব বুলি প্ৰজন্ম গোটৰ কৈলাশ বৰকাকতিয়ে মন্তব্য কৰিছে ।

Agriculture in the Brahmaputra chapari
ব্ৰহ্মপুত্ৰৰ চাপৰিত দুই শতাধিক কৃষকৰ কৃষি বিপ্লৱ (ETV Bharat Assam)

বৰকাকতিয়ে উঠি অহা প্ৰজন্মক কৃষিমুখী হৈ স্বাৱলম্বী হ'বলৈও আহ্বান জনাই কয়, "আজি ৰাষ্ট্ৰীয় কৃষক দিৱস । দেশৰ প্ৰতিজন কৃষকলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছো । আমাৰ প্ৰজন্মই ব্ৰহ্মপুত্ৰৰ পলসুৱা চাপৰিত আজিৰে পৰা দহ বছৰৰো অধিক কাল কৃষি-কৰ্মত লাগি আহিছো । কৃষিপ্ৰধান দেশ, ভাৰতবৰ্ষৰ কৃষকৰ যি অৱদান, আমিও তাৰে সমভাগী হোৱাৰ বাবে চেষ্টা কৰি আহিছো । কৃষিৰ জৰিয়তে আমাৰ নতুন প্ৰজন্ম স্বাৱলম্বী হ'ব পাৰে তাৰ বাবেও আমি প্ৰয়াস কৰি আছো । অসমৰ যুৱক-যুৱতীসকলে কেৱল চাকৰিৰ আশাতেই বন্দী নহৈ, কৃষিকৰ্মৰ জৰিয়তেও স্বাৱলম্বী হোৱাৰ লগতে দেশলৈও অৰিহণা যোগাব পাৰে ।"

বৰকাকতিয়ে লগতে কয়,"ব্ৰহ্মপুত্ৰ সমবায় কৃষি পামত দুৰ পৰা তিনিশ কৃষক জড়িত হৈ আছে । চৰকাৰে এই ক্ষেত্ৰত যথেষ্টখিনি সহায় আগবঢ়াইছে । কৃষি পামখনৰ উন্নতিৰ বাবে চৰকাৰে আৰু বহলভাৱে সহায় কৰে তাৰ বাবে আহ্বান জনালো ।"

ৰাষ্ট্ৰীয় কৃষক দিৱস :

Agriculture in the Brahmaputra chapari
ব্ৰহ্মপুত্ৰৰ চাপৰিত কৃষি বিপ্লৱ (ETV Bharat Assam)

উল্লেখ্য় যে, ৰাষ্ট্ৰীয় কৃষক দিৱস ভাৰতত প্ৰতি বছৰৰ ২৩ ডিচেম্বৰত পালন কৰা হয়, যিটো হৈছে দেশৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকী । চৌধুৰী চৰণ সিঙৰ সোঁৱৰণত এই দিৱস পালন কৰা হয় । এই দিৱসটোৱে কৃষকসকলৰ অৱদানক সন্মান জনায় আৰু দেশৰ অৰ্থনীতি তথা খাদ্য সুৰক্ষাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰে । ভাৰতীয় কৃষকসকলৰ সেৱা আৰু অৱদানক শ্ৰদ্ধা জনোৱা, বিশেষকৈ চৌধুৰী চৰণ সিঙৰ কৃষক-হিতৈষী নীতিসমূহক স্মৰণ কৰা ।

লগতে পঢ়ক:আন্দোলন কেৱল ৰাজপথতেই সীমাবদ্ধ নহয়, এজন ছাত্ৰনেতাই খেতিপথাৰত চলাই গৈছে স্বাৱলম্বিতাৰ সংগ্ৰাম

২৪ বছৰীয়া জিণ্টুৱে প্ৰমাণ কৰি দিলে ফুলেৰেও জীৱন ৰঙীণ কৰিব পাৰি