ETV Bharat / state

গুৱাহাটীত বেদখল হৈ আছে ২০০ বিঘাৰো অধিক চৰকাৰী ভূমি

বছৰ বছৰ ধৰি ৰাজ্যৰ ৰাজধানী চহৰত গুৱাহাটীত চৰকাৰী বিভাগৰ ভূমি বেদখল হৈ আছে ।

Guwahati Land encroachment
গুৱাহাটীত বেদখল হৈ আছে ২০০ বিঘাৰো অধিক চৰকাৰী ভূমি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 6:17 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : পৰিৱেশ-পৰিস্থিতিৰ বাবে ৰাজ্যজুৰি চলা জোৰদাৰ উচ্ছেদ অভিযান সাময়িকভাৱে কিছু স্থবিৰ হৈ পৰিছিল যদিও এতিয়া পুনৰ আৰম্ভ হৈছে । বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে উচ্ছেদ চলাই বেদখলকৃত লাখ লাখ বিঘা ভূমি মুক্ত কৰিছিল । পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান । লক্ষণীয় বিষয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আছে বেদখলৰ সমস্যা ।

গুৱাহাটী মহানগৰীৰ সৰু-বৰ ১৭ খন পাহাৰত হোৱা বেদখলৰ প্ৰসংগটো নতুন নহয় । পাহাৰত হোৱা বেদখলৰ এই সমস্যাটো বহু পুৰণি । পাহাৰত হোৱা এই বেদখলৰ উপৰিও গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণত চৰকাৰী বিভাগৰ ভূমি বেদখল হৈ আছে । চৰকাৰী তথ্য মতে খোদ গুৱাহাটী মহানগৰীক মুখ্য কৰি কামৰূপ মহানগৰ জিলাত থকা চৰকাৰী বিভাগবোৰৰ মাটিৰ মুঠ ৯৬ স্থানত খণ্ড খণ্ডকৈ বেদখল হৈ আছে । ৰাজ্য চৰকাৰে এই বেদখলকৃত ভূমি এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । বৰং চৰকাৰী ভূমি বেদখলৰ ঘটনা দিনক দিনে বাঢ়ি যোৱাহে পৰিলক্ষিত হৈছে ।

Guwahati Land encroachment
গুৱাহাটীত ২৩৫ বিঘা মাটি বেদখলৰ কবলত আছে (ETV Bharat)

উল্লেখ্য যে অসম ভূমি বেদখল (প্ৰতিৰোধ) আইন, ২০১০ৰ সঠিকভাৱে প্ৰয়োগ নোহোৱাক লৈ ২০১৮ চনৰ পৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈ আছে । উচ্চ ন্যায়ালয়ে বাৰম্বাৰ গুৱাহাটী মহানগৰীত চৰকাৰী বিভাগৰ ভূমি বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্য চৰকাৰে আজি পর্যন্ত সফল হ'ব পৰা নাই । ইয়াৰ বিপৰীতে কামৰূপ মহানগৰ জিলা উপায়ুক্তই সকলো বেদখলকৃত ভূমি পুনৰুদ্ধাৰ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলিহে শপতনামা দাখিল কৰি আহিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা ১০/২০১৮ নম্বৰ গোচৰৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে ২০২১ চনৰ ১৯ মাৰ্চতে এক শপতনামাযোগে মহানগৰী আৰু ইয়াৰ আশে-পাশে থকা চৰকাৰী বিভাগসমূহৰ মাটি কিদৰে বেদখল হৈ আছিল তাৰ তথ্য প্ৰদান কৰিছিল । সেই শপতনামাত কোৱা হৈছিল যে গুৱাহাটী মহানগৰসহ কামৰূপ মহানগৰ জিলাত থকা বিভিন্ন বিভাগক ৰাজ্য চৰকাৰে মুঠ ২,৬৫২ বিঘা ২ কঠা ১৭ লেচা মাটি আবণ্টন দিয়া হৈছিল । ইয়াৰে ২৬৮ বিঘা ভূমি ইতিমধ্যে বেদখল হৈ আছে । অতি পৰিতাপৰ কথা যে ৰাজ্য চৰকাৰে বৰ্তমানলৈ মাথোঁ ৩৩ বিঘা ২ কঠা ১৩ লেচা বেদখলী মাটিহে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এতিয়াও ২৩৫ বিঘা মাটি বেদখলৰ কবলত আছে ।

Guwahati Land encroachment
মহানগৰীৰ সৰু-বৰ ১৭ খন পাহাৰত (ETV Bharat)

এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ে ১০/২০১৮ নম্বৰৰ নিজাববীয়াকৈ ৰুজু কৰা ৰাজহুৱা স্বার্থজড়িত গোচৰটোত ইতিমধ্যে বহুকেইটা পুৰণি গোচৰো সংযোগ কৰি লৈছে অথবা মাটি বেদখলৰ কেইবাটাও গোচৰ উক্ত গোচৰলৈ প্ৰেৰণ কৰিছে । তাৎপর্যপূর্ণ কথা যে ৰাজ্য চৰকাৰৰ আৰক্ষী বিভাগে মাটি বেদখল সন্দৰ্ভত ৰুজু হোৱা গোচৰ আৰক্ষী থানাতে নিষ্পত্তি কৰাক লৈ উচ্চ ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰিছে । কিয়নো আইনৰ লক্ষ্য আৰু উদ্দেশ্য বিঘ্নিত কৰি আৰক্ষীয়ে ভূমি বেদখলৰ গোচৰ বিশেষ ন্যায়াধিকৰণলৈ প্ৰেৰণ নকৰি থানাতে নিষ্পত্তি কৰিব নোৱাৰে । এনে পৰিস্থিতি অনুধাৱন কৰিয়ে ন্যায়ালয়ে চৰকাৰী বিভাগ, ৰাজহুৱা খণ্ড, স্থানীয় কর্তৃপক্ষ, ধর্মীয় অনুষ্ঠান, দাতব্য অনুষ্ঠান, ৱাকফ বা ঐতিহাসিক অনুষ্ঠানৰ কিমান ভূমিত অবৈধ দখল চলি আছে, তাৰ জৰীপ চলাই এক শপতনামা দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক নির্দেশ দিছিল ।

ক'ত ক'ত বেদখল হৈ আছে ?

সেই শপতনামা অনুসৰি অসম ৰাজ্যিক হাউছিং ব'ৰ্ডৰ খাৰঘূলি পাহাৰত নতুন টাউন এলেকাত থকা মাটিৰ কিছু অংশৰ বেদখল, চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ভূমি, চৰকাৰী বি ডি এছ মূকবধিৰ বিদ্যালয়ৰ ২ বিঘা, গড়কাপ্তানি দিছপুৰ টেৰিটৰিয়েল পথ সংমণ্ডলৰ সোণাপুৰ-হেঙেৰাবাৰী-নাৰেংগী এলেকাৰ কিছু অংশৰ ভূমি, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ দক্ষিণগাঁৱৰ ভূমি, ই পি এফ অ'ৰ লালমাটিত থকা ভূমি, ভূমি সংৰক্ষণ বিভাগৰ ভূমি, জলসম্পদ সংমণ্ডলৰ বশিষ্ঠত থকা ভূমি, ৰে'লৱে বিভাগ, কৃষি বিভাগৰ ভূমিৰ বেদখল হৈ আছে ।

Guwahati Land encroachment
গুৱাহাটীত ভূমি বেদখলৰ সমস্যা (ETV Bharat)

জ্যোতি চিত্ৰবন আৰু ৰূপনগৰত থকা এ এছ টি চিৰ ভূমিও বেদখল হৈ আছে । সেইদৰে বশিষ্ঠ দেৱালয় আৰু কামাখ্যা দেৱালয়ৰো ভূমি বেদখল হৈ থকাৰ তথ্য পোৱা গৈছে । কিন্তু ৰাজ্য চৰকাৰে এনে বিভাগবোৰৰ মাটি দীর্ঘদিনে বেদখলত থকাৰ পিছতো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । লক্ষণীয় কথা যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰুজু কৰা গোচৰটোত চৰকাৰী বিভাগৰ উপৰিও ব্যক্তি বিশেষকে ধৰি মুঠ ২৯২ গৰাকীক পাৰ্টি কৰি লৈছে । তদুপৰি ছাব-মেটাৰ হিচাপে আই এ (চিভিল)-৩২০৭/২০২২, ৩২২২/২০২২, ৩২১৫/২০২২, ৩০৮৫/২০২২, ৩১৩৩/২০২২, ১৮১৭/২০২১, ৩,২০৬/২০২২ নম্বৰৰ গোচৰকেইটাও সংলগ্ন কৰি লৈছে । ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ে বাৰম্বাৰ জাননী দিয়াৰ পিছতো ইয়াৰ উত্তৰ দাখিল কৰাত ব্যৰ্থ হৈছে ।

এই বিষয়ত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ ফালৰ পৰা জনোৱা হয় যে বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু উক্ত প্রক্রিয়াটো সম্পূৰ্ণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব । লক্ষণীয় বিষয় যে চৰকাৰী বিভাগৰ মাটি বেদখলমুক্ত কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ ওচৰত কেৱল সময বিচৰাতেই বছৰ বছৰ অতিবাহিত হ'বলৈ ধৰিছে ।

Guwahati Land encroachment
গুৱাহাটীত বিভিন্ন চৰকাৰী বিভাগৰ ভূমি বেদখল (ETV Bharat)

ৰাজহ বিভাগৰ এগৰাকী প্ৰকল্প বিষয়াই জনোৱা মতে কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী ৰাজহ চক্ৰ, দিছপুৰ ৰাজহ চক্ৰ, সোণাপুৰ ৰাজহ চক্ৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰত চৰকাৰী বিভাগক ৰাজ্য চৰকাৰে মুঠ ২,৬৫২ বিঘা মাটি আবণ্টন দিছিল যদিও ইয়াৰে সোণাপুৰৰ বাহিৰে আন তিনিওটা ৰাজহ চক্রতে চৰকাৰী বিভাগীয় ভূমি বেদখল হৈ আছে । এই ৰাজহ চক্ৰৰ জৰিয়তে বেদখলকাৰীলৈ জাননী প্ৰেৰণৰ লগতে ঠাই বিশেষে কেইবাবাৰো উচ্ছেদ অভিযানো চলোৱা হৈছে ।

Guwahati Land encroachment
গুৱাহাটীত ২০০ বিঘাৰো অধিক চৰকাৰী ভূমি বেদখল (ETV Bharat)

বিগত সময়ছোৱাত বেলতলা মৌজাৰ অন্তর্গত বোন্দা আঞ্চলিক হাইস্কুল আৰু ৰঘুনাথ চৌধাৰী হিন্দী হাইস্কুলৰ বেদখলত থকা ৮ বিঘা ৪ কঠা ১০ লেচা মাটি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে ৰাজ্যৰ অন্য প্ৰান্তৰ তুলনাত গুৱাহাটীৰ ভূমি বেদখলৰ সমস্যাটো যথেষ্ট পৃথক । যাৰ বাবে দীৰ্ঘদিনীয়া এই সমস্যাটোৰ সমাধান হোৱা নাই ।

লগতে পঢ়ক :সংসদত উত্তৰ-পূবৰ বিশ্ববিদ্যালয় সম্পৰ্কীয় বিষয় উত্থাপন কৰিব গৌৰৱ গগৈয়ে