ETV Bharat / state

নলবাৰীৰ আটাইকেইটা সমষ্টিত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা বিতৰণ

নলবাৰী, টিহু আৰু বৰক্ষেত্ৰী সমষ্টিত ১০৫০ ৰো অধিক পৰিয়াল আৰু প্ৰতিষ্ঠানক ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ ।

Mission Basundhara 3
নলবাৰীৰ আটাইকেইটা সমষ্টিত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা বিতৰণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2026 at 9:26 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: মিছন বসুন্ধৰা ৩.০ ৰ অধীনত শুকুৰবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়া লোক, অনুষ্ঠান-প্ৰতিষ্ঠান আদিক চৰকাৰে প্ৰদান কৰিছে ভূমি পট্টা । সমষ্টিভিত্তিক কাৰ্যসূচীৰ জৰিয়তে এই ডিজিটেল পট্টা প্ৰদান কৰা হয় । তাৰ অংশ হিচাপে নলবাৰী জিলাতো শুকুৰবাৰে ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান কৰা হয় । নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভূমি পট্টা প্ৰদান কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 'আমাৰ মাটি আমাৰ অধিকাৰ' শীৰ্ষক মিছন বসুন্ধৰা ৩.০ ৰ মূল নীতিৰ কথা উল্লেখ কৰি এই ভূমি আবণ্টন পত্ৰ যে কেৱল মাত্ৰ এক দস্তাবেজ নহয়, বৰঞ্চ খিলঞ্জীয়াৰ পৰিচয় আৰু স্বাভিমান সেই কথা উল্লেখ কৰে । স্বাধীনোত্তৰ কালৰ এক দীৰ্ঘ অপেক্ষাৰ অন্তত অসমৰ ৰাইজে পাবলৈ সক্ষম হোৱা এই ভূমিৰ অধিকাৰ কিছু চৰকাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কৰা হেমাহিৰ বাবেই যাতে হাতৰ পৰা নেহেৰাই তাৰ বাবেও সকলোকে সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ।

নলবাৰীৰ আটাইকেইটা সমষ্টিত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা বিতৰণ (ETV Bharat)

যিসমূহ প্ৰতিষ্ঠানে এতিয়ালৈকে প্ৰিমিয়াম আদায় দিয়া নাই, সেইসমূহক উদ্দেশ্যি তেওঁ কয়, "নিজৰ নামৰ ভূমি পঞ্জীয়ন কৰি প্ৰিমিয়াম আদায় নিদিয়ালৈকে ভূমি বন্দোবস্তিৰ পত্ৰখন বা আবণ্টনৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰখন আবণ্টনৰ প্ৰমাণপত্ৰ লৈ উন্নীত নহয় । গতিকে নিয়মানুযায়ী কৰিবলগীয়া কামখিনি সময়মতে কৰাত কেতিয়াও এলাহ কৰিব নালাগে ।"

Mission Basundhara 3
বৰক্ষেত্ৰী সমষ্টিত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা বিতৰণ (ETV Bharat)

নলবাৰী সমষ্টিত মুঠ ২১৭ খন ডিজিটেল পট্টা তথা আবণ্টন পত্ৰ বিতৰণ কৰা হয় । ইয়াৰে ভিতৰত ১০০ খন ব্যক্তিগত আৰু ১১৭ খন পত্ৰ প্ৰতিষ্ঠানক প্ৰদান কৰা হয় ।

Mission Basundhara 3
নলবাৰী সমষ্টিত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা বিতৰণ (ETV Bharat)

একেদৰে টিহু সমষ্টিৰ ডিজিটেল পট্টা আৰু ভূমি আবণ্টন পত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত অনুষ্ঠিত টিহু সমষ্টিৰ অনুষ্ঠানত মন্ত্ৰী পাটোৱাৰীয়ে ব্যক্তিগত ৪২৮ খন আৰু প্ৰতিষ্ঠানক ১৮৬ খন পত্ৰকে ধৰি মুঠ ৬১৪ খন পত্ৰ বিতৰণ কৰে ।

জিলাখনৰ তৃতীয়টো সমষ্টি অৰ্থাৎ বৰক্ষেত্ৰী সমষ্টিত ২৩৯ খন ডিজিটেল পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই । বৰক্ষেত্ৰী সমষ্টিৰ ১৫ খন ব্যক্তিগত আৰু ২২৪ খন প্ৰতিষ্ঠানৰ আবণ্টন পত্ৰকে ধৰি মুঠ ২৩৯ খন পত্ৰ বিতৰণ কৰা হয় ।

লগতে পঢ়ক: মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে ৰাজ্যৰ ১০ লাখ লোক : মুখ্যমন্ত্ৰী