ETV Bharat / state

শ্ৰম পৰিদৰ্শকৰ বিৰুদ্ধে মৰাণৰ ৰাজপথত ব্যৱসায়ীৰ প্ৰতিবাদ

ভয়-ভাবুকিৰে ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ শ্ৰম পৰিদৰ্শকৰ বিৰুদ্ধে ৷

Moran News
শ্ৰম পৰিদৰ্শকৰ বিৰুদ্ধে মৰাণৰ ৰাজপথত ব্যৱসায়ীৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 8:20 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ মৰাণৰ শ্ৰম পৰিদৰ্শকৰ বিৰুদ্ধে ৰাজপথত নামিল মৰাণ টাউনৰ একাংশ ব্যৱসায়ী ৷ মৰাণৰ শ্ৰম পৰিদৰ্শক ডঃ মনচুম কাশ্যপে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ব্যৱসায়ীসকলে ৷

অভিযোগ অনুসৰি, বিষয়াগৰাকীয়ে ভুৱা ৰচিদেৰে মৰাণ নগৰৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰে ৷ লগতে একাংশ দোকানীক কাৰ্যালয়লৈ মাতি নি তেওঁ অভব্য আচৰণ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে বিষয়াগৰাকীক নিলম্বন আৰু গ্ৰেপ্তাৰ কৰাৰ দাবীত মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ৷

শ্ৰম পৰিদৰ্শকৰ বিৰুদ্ধে মৰাণৰ ৰাজপথত ব্যৱসায়ীৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰতিবাদী এগৰাকী ব্যৱসায়ীয়ে কয়,"মৰাণৰ শ্ৰম পৰিদৰ্শক ডঃ মনচুম কাশ্যপৰ বাবে আমি অতিষ্ঠ হৈছো ৷ ভিন্ন অজুহাত, ভয়-ভাবুকিৰে মৰাণ নগৰৰ বহু ব্যৱসায়ীৰ পৰা তেওঁ ধন সংগ্ৰহ কৰে ৷ সাধাৰণ পাণ দোকানীজনো সাৰিব যাব নোৱাৰে ৷ তেওঁ দাবী কৰা ধন নিদিলে ব্যৱসায়ীৰ বিৰুদ্ধে আদালতত এজাহাৰ দাখিল কৰে । কেৱল সিমানে নহয়, তেওঁ ভুৱা ৰচিদেৰে টেক্সৰ নামত ধন সংগ্ৰহ কৰে ৷"

আন এজন ব্যৱসায়ীয়ে কয়,"আমাৰ পৰা ৯০ হাজাৰ টকাৰ দাবী কৰিছিল ৷ দাবী কৰা ধন নিদিলে আদালতত গোচৰ ৰুজু কৰে ৷ তেওঁৰ কথা মানি টকা অলপ দিলো ৷ এনেকৈ চৰকাৰী এগৰাকী বিষয়াই ধন দাবী কৰিলে কেনেকৈ আমি ব্যৱসায় কৰিম ৷ সেয়ে জিলা আয়ুক্তলৈ অনুৰোধ শীঘ্ৰে শ্ৰম বিষয়া মনচুম কাশ্যপৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷"

ইফালে বুধবাৰে মৰাণ নগৰত অৱস্থিত ঊষা জুৱেলাৰ্চ নামৰ এখন গহনা প্ৰতিষ্ঠানৰ পৰা এটা সোণৰ আঙুঠি লৈ যোৱাৰ অভিযোগ উঠিছে শ্ৰম পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ৷ কিন্তু পৰৱৰ্তী সময়ত ঊষা জুৱেলাৰ্চ নামৰ গহনা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষক ৩৭,০৭০ টকা পৰিশোধ কৰে শ্ৰম পৰিদৰ্শক বিষয়া ডঃ কাশ্যপে ৷

আনহাতে বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন কৰা হ'ব উল্লেখ কৰিছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াই ।

লগতে পঢ়ক:অভি-নীল হত্যাকাণ্ড : ২০ জন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড