ETV Bharat / state

হাঁচতি ঐ চ’ত, বিচতি ঐ চ’ত, বুধে বিৰচতি মঙলে উৰুকা, বিহু গৈ আছিলি ক’ত... !

পোহনীয়া হাতীক গা ধুৱাই উখল-মাখল মৰাণ জনগোষ্ঠীৰ গৰু বিহু ৷

Moran Community celebrate Goru Bihu
মৰাণ জনগোষ্ঠীয়ে বুধবাৰে পালন কৰিলে গৰু বিহু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 4:47 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী তথা ভূমিপুত্ৰ মৰাণসকলে বুধবাৰে গৰু বিহু পালন কৰে । পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰৰ দৰে এইবাৰো মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে গৰু বিহু ৷ পৰম্পৰা অনুসৰি, মৰাণ জনগোষ্ঠীয়ে ব'হাগ মাহৰ প্ৰথম বুধবাৰে গৰু বিহু পালন কৰে আৰু বৃহস্পতিবাৰে পালন কৰিব মানুহ বিহু ৷

মৰাণসকলৰ গৰু বিহুৰ কিছু তাৎপৰ্য

মৰাণ জনগোষ্ঠীয়ে বুধবাৰে পালন কৰিলে গৰু বিহু (ETV Bharat Assam)

মৰাণ জনগোষ্ঠীৰ লোকসকলে ব'হাগ মাহৰ প্ৰথম বুধবাৰে পালন কৰে গৰু বিহু ৷ উৰুকাৰ নিশাই লাও, বেঙেনা, হালধি, থেকেৰা আদি ভিন্ন উপকৰণেৰে প্ৰস্তুত কৰা হয় চাট ৷ গৰু বিহুৰ পুৱাই পৰম্পৰাগত ৰীতি-নীতি অনুসৰি কৃষিজীৱি মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজৰ পশুধনক নৈ-বিললৈ লয় যায় ৷ তাতে নিজৰ পশুধনক মাহ-হালধিৰে নোৱাই-ধুৱাই গৃহস্থই পশুধনৰ শ্ৰীবৃদ্ধি কামনা কৰে ৷

লগতে উৰুকাৰ নিশা প্ৰস্তুত কৰা বিশেষ চাটৰ পৰা “লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু...” আদি গীত গাই নিজৰ পশুধনক নোৱাই ধুৱাই গৃহস্থই সাজু কৰে ৷ দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত..." আদি গীত গায় পশুধনক গা ধুওৱাৰ পাছত দীঘলতি, মাখিয়তীৰ পাতেৰে গৰুৰ গাৰ পৰা মাখি খেদি গৃহস্থই সুস্বাস্থ্য কামনা কৰে পশুধনৰ ৷ গৰুৰ লগতে মৰাণ জনগোষ্ঠীৰ লোকে হাতী, ম'হক গা ধুৱাই মৰাণ বিহুনাম জুৰি ৰঙালী বিহুটিক আদৰণি জনাই মৰাণ জনগোষ্ঠীৰ লোকসকলে ।

মৰাণ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰা অনুসৰি, পুৱা ৰীতি-নীতিৰে গৰুক গা ধুওৱাৰ পাছত সন্ধিয়াৰ ভাগত গৰুক ঘিলাপিঠা খুওৱা হয় ৷ লগতে কৃষিকাৰ্যত ব্যৱহাৰ কৰা নাঙল, যুঁৱলি, কোৰ, দা ইত্যাদি সজুঁলিসমূহক ধুই-পখালি কৃষিকৰ্মৰ বাবে সাজু কৰি ৰাখে ।

তিনিচুকীয়াৰ ডুমডুমাত গৰু বিহু পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বুধবাৰে পালন কৰে গৰু বিহু ৷ স্থানীয় মৰাণ জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ পৰম্পৰাগতভাৱে নিজৰ পশুধনক মাহ-হালধিৰে নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৷ গৰুৰ লগতে গৃহস্থই পোহনীয়া হাতীকো মাহ-হালধি সানি নোৱাই ধুৱাই পৰম্পৰাগতভাৱে পালন কৰে গৰু বিহু ৷ বুধবাৰে পুৱাৰ ভাগতে পশুধনক পূজা অৰ্চনা কৰাৰ পাছত বিয়লিৰ ভাগলৈ বিহুখোলাত গাভৰুসকলে বিহু নাচে আৰু সন্ধিয়াৰ ভাগলৈ গাঁৱৰ ঘৰে ঘৰে হুঁচৰি জুৰে গাঁৱৰ ডেকা-গাভৰুৱে ৷

ইফালে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীক গা ধুৱাই মৰাণ বিহুগীত গায় ৰঙালী বিহুটিক আদৰণি জনাই ডেকা-গাভৰুৱে । মৰাণ বিহুনাম আৰু ঢোলৰ চেৱত কঁকাল ঘূৰাই এপাক নাচিলে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনেও ।

বুধবাৰে মৰাণ জনগোষ্ঠীৰ দল-সংগঠনৰ যৌথ প্ৰচেষ্টাত তেজীগাঁৱৰ ৰাইজে পালন কৰে গৰু বিহু ৷ এই সম্পৰ্কত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে কয়, “গৰু বিহুৰ পুৱাই পশুধনক গা ধুৱাই আৰু পৰম্পৰাগত ৰীতি-নীতি অনুসৰি সন্ধিয়া গৰুক কলপাতত বান্ধি ঘিলা পিঠা খুওৱা হয় ৷ গৰু বিহুৰ পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে মানুহ বিহু ৷ এয়া হৈছে মৰাণ জনগোষ্ঠীৰ পৰম্পৰা । মৰাণ জনগোষ্ঠীৰ লোকেহে প্ৰকৃত গছৰ তলত বিহু গোৱাৰ পৰম্পৰা ধৰি ৰাখিছে ৷"

“হাঁচতি ঐ চ’ত, বিচতি ঐ চ’ত, বুধে বিৰচতি মঙলে উৰুকা, বিহু গৈ আছিলি ক’ত . . . " প্ৰচলিত গীত-মাতেৰে মুখৰিত হৈ পৰিছে মৰাণ জনগোষ্ঠী বসতি প্ৰধান অঞ্চলত ৷

লগতে পঢ়ক:আজি অন্ত পৰিব ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ