পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে বাণিজ্যিক চহৰখনত
পুৱা ৫ বজাৰ পৰা বন্ধ হৈ পৰিছে তিনিচুকীয়া জিলা ৷ ঠায়ে ঠায়ে ৰাজপথত প্ৰতিবাদত বহিছে প্ৰতিবাদকাৰীসকল ৷

Published : June 5, 2026 at 10:51 AM IST
|Updated : June 5, 2026 at 12:42 PM IST
তিনিচুকীয়া : শুকুৰবাৰে পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া জিলা ৷ মৰাণ-মটক জনগোষ্ঠীৰ সংগঠনৰ আহ্বন মৰ্মে তিনিচুকীয়াত পুৱা ৫ বজাৰ পৰাই ৪৮ ঘণ্টীয়া এই বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে ৷
আনকি ঠায়ে ঠায়ে জিলাখনৰ ৰাজপথত টায়াৰ জ্বলাই, বিজেপি হায় হায়, প্ৰতিশ্ৰুতি পূৰণ নকৰা বিজেপি চৰকাৰ হায় হায়, আমাক জনজাতিকৰণ প্ৰদান কৰক, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰে ৷ এই সময়ছোৱাত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বাণিজ্যিক চহৰখনত যান-বাহনৰ চলাচলো বন্ধ হৈ পৰিছে ।
উল্লেখ্য যে, অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ আৰু মটক জনগোষ্ঠীক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠন ৷ যাৰ বাবে সংগঠনটোৱে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া বন্ধ ঘোষণা কৰে ৷

এই সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাক সভাপতি পলিন্দ্ৰ বড়াই কয়, ‘‘ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন কৰি আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব ৷ পুনৰবাৰ মৰাণ আৰু মটক জনগোষ্ঠীয় ৰাইজক প্ৰতাৰণা কৰি নতুন চৰকাৰত মৰাণ-মটক জনগোষ্ঠীৰ পৰা এজনো বিধায়কক মন্ত্ৰিত্ব প্ৰদান নকৰিলে । নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও পুনৰবাৰ মৰাণ আৰু মটক জনগোষ্ঠীক প্ৰতাৰণা কৰে, যাৰ প্ৰতিবাদত আজি পুৱা ৫ বজৰ পৰা ৪৮ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছো ৷’’

‘‘সমান্তৰালভাৱে গেঠেলা মৰাণ জনজাতিকৰণৰ বিষয়টোও গুৰুত্ব দিবলৈ আহ্বান জনাইছো ৷ এই বন্ধৰ সময়ছোৱাত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলো ৷ এই বন্ধৰ সময়ত সৃষ্টি হ’ব লগা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ’ব ৷’’ তেওঁ কয় ৷

