দ্বিতীয়দিনাও স্তব্ধ তিনিচুকীয়া,চৰকাৰে মৰাণ-মটক জনগোষ্ঠীক প্ৰতাৰণৰ অভিযোগ দল-সংগঠনৰ
শনিবাৰে তিনিচুকীয়াত দেখা গ'ল বন্ধৰ সৰ্বাত্মক প্ৰভাব, প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দল সংগঠনৰ ৷

Published : June 6, 2026 at 6:54 PM IST
তিনিচুকীয়া : মৰাণ-মটক জনগোষ্ঠীৰ কোনো এগৰাকী বিধায়কক মন্ত্ৰিত্ব নিদিয়াৰ ক্ষোভত শনিবাৰে অৰ্থাৎ দ্বিতীয় দিনাও স্তব্ধ হৈ পৰিল তিনিচুকীয়া ৷ শদিয়া সমষ্টিৰ পৰা পঞ্চমবাৰৰ কাৰণে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলীন চেতিয়াই মন্ত্ৰিত্ব নোপোৱাত সৰৱ হৈ উঠিছিল মৰাণ-মটক জনগোষ্ঠীৰ দল-সংগঠনৰ লগতে সাধাৰণ জনতা ।
সেই স্বৰূপে সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদকে ধৰি ভাতৃ-ভগ্নী সংগঠনসমূহৰ নেতৃত্বই ৫ জুনৰ পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছিল ৷ সেই বন্ধ কাৰ্যসূচীৰ ইতিমধ্যে দ্বিতীয় দিনত ভৰি দিলে ৷ দ্বিতীয়টো দিনা সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰে তিনিচুকীয়াত। ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ লগতে পুৱাৰে পৰা ৰাজপথলৈ উলাই আহিল মৰাণ-মটক জনগোষ্ঠীৰ দল-সংগঠনৰ কৰ্মী ।
শনিবাৰে তিনিচুকীয়াৰ ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ-মটক দল সংগঠনৰ নেতৃত্বই । সমান্তৰালভাৱে ৰাজপথত চলাচল কৰা বাহনসমূহ আৱদ্ধ কৰে সংগঠনৰ সদস্যই ৷ ইফালে তিনিচুকীয়া জিলাখনৰ প্ৰতিটো প্ৰান্ততে বিয়পি পৰিছে এই প্ৰতিবাদ । প্ৰতিবাদৰ সময়ত মৰাণ, মটকসকলক প্ৰতাৰণা কৰা বন্ধ কৰক, জনজাতিকৰণৰ নামত আৰু প্ৰতাৰণা নচলিব, প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পূৰণ নকৰা হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি মিছলীয়া আদি বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়া কঁপাই তুলে দল সংগঠনে ।
এই সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই কয়,"মৰাণ আৰু মটক জনগোষ্ঠী এই ভূ-খণ্ডৰ গৰাকী ৷ তথাপিও আমাক কোনো ৰাজনৈতিক অধিকাৰ দিয়া নাই । খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ বিজেপি শাসনলৈ অহাৰ পৰাই খিলঞ্জীয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে । এই কাৰ্যক আমি নিন্দা প্ৰকাশ কৰিছো । আমাক আমাৰ অধিকাৰ দিব লাগিব ।"
তেওঁ লগতে কয়,"মৰাণ আৰু মটকসকলে ভূ-খণ্ডত শ শ বছৰ থাকিও যি মূল দাবী, জনজাতিকৰণৰ সমস্যাটো সমাধান কৰা নাই ৷ সমান্তৰালভাবে জনগোষ্ঠী দুটাক ৰাজনৈতিকভাবে আগবাঢ়ি যাবলৈ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, মৰাণ আৰু মটক জনগোষ্ঠীৰ বিধায়কসকলৰ এগৰাকীয়ে মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰ’ল ।"
সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কয় যে, চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে আহিবলগা দিনসমূহত পুনৰ তীব্ৰ কাৰ্যসূচীৰ ঘোষণা কৰিম বুলিও উল্লেখ কৰে ।
লগতে পঢ়ক :ছাত্ৰই টিফিনত আনিলে গো-মাংস ! গোৱালপাৰাৰ বিদ্যালয়ত হাহাকাৰ

