কপিকুলৰ উপদ্ৰৱত জীয়াই থাকিবলৈ সংগ্ৰাম অসমৰ এখন চহৰৰ ৰাইজৰ !
বনৰীয়া হাতীৰ উপদ্ৰৱে সংবাদ শিৰোনাম দখল কৰাৰ বিপৰীতে কপিকুলৰ আতংকত বাহিৰলৈ ওলাব নোৱাৰা হৈছে ৰাইজ ।

Published : February 11, 2026 at 11:05 PM IST
যোৰহাট: হনুমানৰ ভক্ত হিচাপে পৰিচিত বান্দৰ । কিন্তু এই হনুমান ভক্ত বান্দৰৰ উপদ্ৰৱত এতিয়া মানুহ ঘৰৰ পৰা অকলশৰে ওলাবলৈ ভয় কৰিবলগা হোৱাৰ লগতে খেতি-বাতি কৰিবলৈ এৰি দিবলৈ বাধ্য হৈছে । এখোপ ওপৰলৈ গৈ এই বান্দৰ জাকটোৱে পোহনীয়া হাঁহ, কুকুৰা নিধন কৰি টোটোলাত থকা চাউল, ধানখিনি উলিয়াই খোৱাৰ এক পৰিস্থিতি সৃষ্টি হৈছে আৰু এই ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকৰে তিতাবৰত ।
এই বৃহৎ কপিকুলৰ জাকটোৱে চৰকাৰী কাৰ্যালয়, ৰাজহুৱা সা-সম্পত্তি, বাসগৃহ একোৱেই এৰি দিয়া নাই । এফালৰ পৰা কৰি গৈছে ধ্বংস । আনহাতে দিন-ডকাইতৰ দৰে দোকানৰ পৰা সা-সামগ্ৰী লৈ গৈছে এই বৃহৎ বান্দৰ জাকটোৱে । ফলত বান্দৰৰ আতংকত দিশহাৰা হৈ পৰিছে তিতাবৰবাসী ।
এই বান্দৰৰ জাকটো ইমানে জিংঘাসু হৈ পৰিছে যে বাহিৰলৈ অকলশৰে ওলাবলৈ ভয় কৰা হৈছে মহিলা আৰু কণ কণ ল'ৰা-ছোৱালী । ভয় নকৰা হৈছে লাঠি-জোং আৰু কেটেপালৈ । বান্দৰৰ উপদ্ৰৱ ভয়ংকৰ হৈ উঠাৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "বান্দৰৰ সমস্যাটো এটা ডাঙৰ সমস্যা হৈ পৰিছে । বিশেষকৈ গাঁও বিলাকত সমস্যা হৈছে, তেওঁলোকে খেতি কৰিব পৰা নাই । কিন্তু তিতাবৰ চহৰ অঞ্চলত বান্দৰৰ যিটো সমস্যা সেইটো ভয়ানক হৈ পৰিছে । তিতাবৰ নগৰৰ আশে-পাশে থকা ৰাজহুৱা সম্পত্তি ভাঙি শেষ কৰিছে বৃহৎ বান্দৰৰ জাকটোৱে । ইতিমধ্যে চৰকাৰী অনুষ্ঠান, প্ৰেক্ষাগৃহ ভাঙি শেষ কৰিছে । ফলত বান্দৰৰ পৰা কাৰ্যালয়টোত বহাতো দূৰৈৰে কথা, সভা-সমিতি পাতিব নোৱৰা পৰিস্থিতি উদ্ভৱ হৈছে ।"
তেওঁ কয়, "আনকি বান্দৰ জাকটোৱে পোহনীয়া হাঁহ, কুকুৰা মাৰি, টোটোলাত থকা চাউলখিনিও উলিয়াই খাইছে । এতিয়া এনে পৰ্যায় পাইছে গৈ বান্দৰৰ উপদ্ৰৱৰ পৰা মহিলা, শিশু বাহিৰলৈ ওলাব নোৱৰা হৈছে । তেওঁলোকক দেখিলে চোঁচা লয় বৃহৎ বান্দৰ জাকটোৱে । সেয়েহে ৰাইজৰ কথা চিন্তা কৰি এই বান্দৰৰ জাকটোক চৰকাৰে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন । নহ'লে মানুহ জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব ।"

