ETV Bharat / state

মঙলদৈৰ কৰিম চ'কাত হুৱাদুৱা, জৰুৰীকালীন পৰিস্থিতি

মঙলদৈত দৰং জিলা প্ৰশাসন আৰু চিভিল ডিফেন্সৰ উদ্যোগত মঙলদৈত অনুষ্ঠিত হয় ম'কড্ৰিল ৷

Mock drill held in Mangaldai
মঙলদৈৰ কৰিম চ'কাত হঠাৎ লাগিল হুৱাদুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 4:59 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ : শনিবাৰে নিশা মঙলদৈৰ কৰিম চ'কাত হঠাৎ লাগিল হুৱাদুৱা ৷ ঘটনা অনুসৰি, সন্ধিয়া প্ৰায় সাতমান বজাত ট্রেণ্ডছ শ্বপিং মলত জুইৰ সূত্ৰপাত হয়, লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হয় উক্ত স্থানত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় চিকিৎসক, প্ৰশাসনিক বিষয়া ৷ আচলতে সেয়া আছিল এক ম'কড্ৰিলহে । শনিবাৰে নিশা দৰং জিলা প্ৰশাসন আৰু চিভিল ডিফেন্সৰ উদ্যোগত মঙলদৈত অনুষ্ঠিত হয় এই ম'কড্ৰিল ৷

দৰং জিলা প্ৰশাসনৰ সহ আয়ুক্ত অনুৰাগ ফুকনে ম'ক ড্ৰিলৰ সম্পৰ্কে কয়, "চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি এটা ম'কড্ৰিল অনুষ্ঠিত কৰা হয় । বিগত বৰ্ষত যেনেকৈ অপাৰেশ্বন সিন্দুৰৰ পূৰ্বে আমি ম'কড্ৰিল কৰিছিলো, ঠিক একেদৰে ৰাইজক সজাগ আৰু সচেতন কৰি ৰাখিবলৈ মঙলদৈৰ ৰিলায়েন্স ট্ৰেণ্ডছত অনুষ্ঠিত কৰিছো । ইয়াৰ উদ্দেশ্য হ'ল যদি কিবা কাৰণত এটা এয়াৰ বম্বিং হয়, তেতিয়া আমি কেনেধৰণৰ পদক্ষেপ লম সেই সম্পৰ্কে আৰক্ষী, অসামৰিক প্ৰতিৰক্ষা বিভাগ, স্বাস্থ্য, অগ্নিনিৰ্বাপক বাহিনীৰ এটা প্ৰস্তুতি । ভূমিকম্পৰ সময়ত বা প্ৰকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া পদক্ষেপক সম্পৰ্কে সজাগ কৰা হৈছে জনসাধাৰণক ৷"

মঙলদৈৰ কৰিম চ'কাত হঠাৎ লাগিল হুৱাদুৱা (ETV Bharat Assam)

ৰাইজলৈ আহ্বান জনাই দৰং জিলা প্ৰশাসনৰ সহ আয়ুক্তগৰাকীয়ে কয়, "অসম হৈছে ভূমিকম্প প্ৰবণ অঞ্চল ৷ যিকোনো সময়তে ভূমিকম্প আহিব পাৰে ৷ সেয়ে আতংকিত নোহোৱাকৈ নিজৰ লগতে কেনেকৈ আনকো সহায় কৰিব পাৰি তাৰ সজাগ হৈ থকা প্ৰয়োজন ৷"

উল্লেখ্য যে, জিলা দুৰ্যোগ প্ৰশমন বিভাগ, জিলা অগ্নিনিৰ্বাপক বাহিনী, জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগ, জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনে অংশগ্ৰহণ কৰে ম'ক ড্ৰিলত । ইফালে উক্ত অনুষ্ঠানত উপস্থিত আছিল প্ৰায় শতাধিক লোক ৷

লগতে পঢ়ক:কিতাপ-বহীৰ পৰিৱৰ্তে পিঠা-লাডু-জলপান লৈ বহিল শিক্ষাগুৰুসকল