ETV Bharat / state

সত্ৰাধিকাৰক 'মিঞা এজেণ্ট' আখ্যা দি বিপদত পৰিব নেকি বিধায়ক ভূৱন গাম ?

বিধায়ক ভূৱন গামৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ হুংকাৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ ৷

MLA Bhuban Gam
বিধায়ক ভূৱন গামৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ হুংকাৰ সত্ৰাধিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 5:03 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : বিধায়ক ভূৱন গামে দক্ষিণপাট গৃহ আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী 'মিঞা এজেণ্ট' বুলি কৰা মন্তব্যক লৈ সত্ৰাধিকাৰ আৰু বিধায়কৰ মাজত অব্যাহত আছে বাকযুদ্ধ ৷ সত্ৰাধিকাৰ গোস্বামীয়ে 'মিঞা এজেণ্ট'ৰ প্ৰমাণ দিবলৈ বিধায়ক গামক তিনিদিনৰ সময়সীমা বান্ধি দিছিল ৷

বান্ধি দিয়া তিনি দিনৰ সময়সীমা অৱশেষত উকলি গ’ল । ইয়াৰ পাছতো মৌন হৈ ৰ’ল বিধায়ক ভূৱন গাম । যাৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক গামৰ বিৰুদ্ধে খোভ প্ৰকাশ কৰে সত্ৰাধিকাৰগৰাকীয়ে ।

বিধায়ক ভূৱন গামৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ হুংকাৰ সত্ৰাধিকাৰ (ETV Bharat Assam)

সত্ৰাধিকাৰ গোস্বামীয়ে কয়, "মাজুলীৰ ৰাইজে ভূৱন গামৰ মুখলৈ চাই নহয়, মুখ্যমন্ত্ৰীৰ বাবেহে বিজেপিক ভোট দি জিকাইছিল । প্ৰমাণ দিবলৈ তেওঁক তিনিদিনৰ সময় দিছিলো ৷ কিন্তু সেই সময় পাৰ হৈ গৈছে, সেয়ে সমগ্ৰ বিষয়টোক লৈ আইনী আৰু সাংগঠিনকভাৱে আগবঢ়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছো ।"

তেওঁ লগতে কয়, "এয়া কেৱল এটা ব্যক্তিগত আক্ৰমণ হৈ থকা নাই, ই সমগ্ৰ অসমৰে সনাতনী সমাজৰ সন্মানৰ প্ৰশ্ন । ইতিমধ্যে আইনজ্ঞ আৰু পৰামৰ্শদাতাৰ সৈতে আলোচনা কৰাৰ পাছত এই সমগ্ৰ বিষয়টো বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক অৱগত কৰা হ’ব । তাৰ পাছতো যদি বিধায়ক গামে ভুল স্বীকাৰ নকৰে, তেন্তে দিল্লী আৰু আৰএছএছৰ মুখ্য কাৰ্যালয় নাগপুৰলৈ গোচৰ যাব ।"

উল্লেখ্য যে, মাজুলীৰ কৰদৈগুৰিৰ খহনীয়া সমস্যাক লৈ বিধায়ক আৰু সত্ৰাধিকাৰৰ মাজত বাকযুদ্ধৰ সৃষ্টি হৈছিল ৷ তেতিয়াই বিধায়ক গামে সত্ৰাধিকাৰ গোস্বামীক 'মিঞা এজেণ্ট' বুলি অভিযোগ কৰিছিল ৷ আনহাতে বিধায়ক-সত্ৰাধিকাৰৰ বাক-বিতণ্ডাৰ মাজতে বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁয়ে নামনি মাজুলীৰ কেইবাটাও স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে দুশ কোটি টকীয়া এক বৃহৎ আঁচনিৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়ক:মাজুলীৰ উপস্থিত সুশান্ত বুঢ়াগোহাঁই; খহনীয়া প্ৰতিৰোধৰ বাবে কোটি টকীয়া এক বৃহৎ আঁচনি ঘোষণা