নাৱত উঠি খহনীয়াৰ বুজ ল’লে বিধায়ক সঞ্জয় কিষাণে
গৰাখহনীয়া ৰোধৰ বাবে তৎপৰ বিধায়ক সঞ্জয় কিষাণ ৷ নাৱত উঠি মাকুম সমষ্টিৰ অন্তৰ্গত গুইজান ঘাট-কৰদৈগুৰীৰ খহনীয়া পৰিদৰ্শন বিধায়কৰ ৷

Published : May 17, 2026 at 7:40 PM IST
তিনিচুকীয়া : নৱগঠিত মাকুম সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক হোৱাৰ পাছতে বিধায়ক সঞ্জয় কিষাণৰ তৎপৰতা ৷ দেওবাৰে সমষ্টিটোৰ ভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি সমস্যাৰ বুজ ল'লে বিধায়কগৰাকীয়ে ৷ প্ৰতিকূল বতৰকো নেওচি বিশেষকৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গুইজান ঘাটৰ পৰা কৰদৈগুৰীলৈ নাৱেৰে অভিযন্তাসহ যাত্ৰা কৰে বিধায়ক কিষাণে । দীৰ্ঘদিনৰপৰা মাকুম সমষ্টিটোৰ কেইবাটাও অঞ্চলৰ লগতে কৰদৈগুৰী অঞ্চলত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে ।
কৰদৈগুৰীৰ ইতিমধ্যে বহুকেইটা পৰিয়াল গৃহহীন হৈ পৰিছে খহনীয়াৰ ফলত ৷ তাৰ মাজতে দেওবাৰে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে গঢ়াখহনীয়া ৰোধৰ পৰিকল্পনাৰে যাত্ৰা কৰে বিধায়কগৰাকীয়ে ৷
পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে কয়, "মাকুম বিধানসভা সমষ্টিটোৰ অন্তৰ্গত গুইজানৰ বজালতলী, গতং, বাঘজান, কৰদৈগুৰী অঞ্চলত যথেষ্ট গৰাখহনীয়া হৈছে । নিৰ্বাচনৰ পূৰ্বে ৰাইজে আমাক এই বিষয়বিলাত অৱগত কৰিছিল । আমাৰ চৰকাৰে বহুকেইখন আঁচনি লৈ এই কামবোৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰি আছে যদিও বহুখিনি কাম এতিয়াও কৰিবলগীয়া আছে । গতিকে আমি বিভাগীয় অভিযন্তাসকলক লৈ আহিছোঁ সমগ্ৰ বিষয়সমূহ অধ্যয়ন কৰিবলৈ । আগন্তুক দিনত আমি কেনেদৰে কাম কৰিলে গৰাখহনীয়া ৰোধ কৰিব পাৰিম তাৰ ওপৰত পৰিকল্পনা যুগুত কৰা হ’ব ।"
তেওঁ লগতে কয়, "যিহেতু আগন্তুক ২১ মে'ৰ পৰা বিধানসভা আছে, গতিকে মই এই বিষয়বিলাক ভালকৈ জানিব ল’ব বিচাৰিছোঁ ৷ যাতে মই সমগ্ৰ বিষয়টো ভালদৰে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিব পাৰোঁ । আগন্তুক দিনসমূহত যাতে আমি মুখ্যমন্ত্ৰীগৰাকীৰ সহযোগিতাত সমগ্ৰ অঞ্চলটো গৰাখহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ । মই ৰাইজৰ পৰাও সহযোগিতা, দিহা-পৰামৰ্শ কামনা কৰিছোঁ । মই আন্তৰিকতাৰে এই কাম কৰিবলৈ প্ৰয়াস কৰিম । সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে ৷"
লগতে পঢ়ক:বাৰিষাৰ লগে লগে গুৱাহাটীত ভূমিস্খলনৰ আশংকা : কঠোৰ জিলা প্ৰশাসন, জাৰি নিষেধাজ্ঞা, শংকিত পাহাৰবাসী

