বিশ্ব পৰিৱেশ দিৱসৰ নামত বহু গছপুলি হত্যা কৰা হয়: খেদভৰা অভিযোগ এগৰাকী বিধায়কৰ
বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰোপণ কৰা গছপুলিটোৰ প্ৰতিপালনৰ দায়িত্ব কিমানে লয় ? গছপুলিটো পিছৰ বছৰলৈ জীৱিত হৈ আছেনে নাই কিমানে খবৰ ৰাখে ?

Published : June 6, 2026 at 8:23 AM IST
গোলাঘাট: "বিশ্ব পৰিৱেশ দিৱসৰ নামত বহু গছপুলি হত্যা কৰা হয় ।" এই তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ । শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । চৰকাৰী-বেচৰকাৰী সংস্থাকে আদি কৰি প্ৰত্যেকেই এটিকৈ হ'লেও গছপুলি ৰোপণ কৰি পালন কৰে এই দিৱসটি । কিন্তু বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰোপণ কৰা গছপুলিটোৰ প্ৰতিপালনৰ দায়িত্ব কিমানে লয় ? বিশেষ দিনটোত ৰোপণ কৰা গছপুলিটো পিছৰ বছৰটোলৈ জীৱিত হৈ আছেনে নাই কিমানে খবৰ ৰাখে ? তাকে লৈ উদ্বিগ্ন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ।
সততে পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা পৰলক্ষিত হয় বিধায়ক শইকীয়াক । কেৱল বিশ্ব পৰিৱেশ দিৱস বুলিয়েই নহয়, বিভিন্ন সময়ত, কেতিয়াবা চাইকেল চলাই, কেতিয়াবা গছপুলি ৰোপণ কৰি পৰিৱেশ ৰক্ষাৰ বাবে সকলোকে সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে বিধায়কগৰাকীয়ে । এনে পৰিপ্ৰেক্ষিতত বিশ্ব পৰিৱেশ দিৱসৰ নামত ৰোপণ কৰা লাখ লাখ গছপুলিৰ যেতিয়া ভালকৈ প্ৰতিপালন কৰা নহয়, তেতিয়া তেওঁ উদ্বিগ্ন হৈ পৰাটো স্বাভাৱিক কথা ।
বেছিকৈ ৰোপণ কৰাৰ পৰিৱৰ্তে কমকৈ গছপুলি ৰোপণ কৰি ভালকৈ প্ৰতিপালন কৰাৰ পোষকতা কৰে বিধায়ক মৃণাল শইকীয়াই । বিশ্ব পৰিৱেশ দিৱসৰ দিনা খুমটাই সমষ্টিৰ মেলামৰা চাহ পৰ্যটন ক্ষেত্ৰত বৰ গছৰ পুলি ৰোপণ কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

বিধায়ক শইকীয়াই কয়,"পৰিৱেশ দিৱসৰ নামত হাজাৰ হাজাৰ গছপুলি হত্যা কৰা হয় । গছপুলি সদায় কম পৰিমাণে ৰোপণ কৰিব লাগে । মোৰ ওচৰলৈ বহু সংগঠনৰ লোক আহি কয় যে আমি এহেজাৰ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ । তেতিয়া মই কওঁ যে দহটা গছপুলি ৰোপণ কৰক । আজিলৈকে যিমান গছপুলি ৰোপণ কৰিলে সেই মতে গছেৰে ভৰি পৰিব লাগিছিল সমগ্ৰ অসমত । বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত বহু গছপুলি ৰোপণ কৰে কিন্তু তাৰ যত্ন নলয় । নগৰৰ বহু লোকে গাঁৱত আহি গছপুলি ৰোপণ কৰে সেইটো তেওঁলোকৰ বাবে মনোৰঞ্জন । এই দিনটোতে বহু গছপুলি হত্যা কৰা হয় ।"

ইয়াৰ উপৰি বেছি পৰিমাণে বৰগছ ৰোপণ কৰাৰ প্ৰসংগ উত্থাপন কৰি শইকীয়াই কয়,"বৰগছ আমাৰ ৰাষ্ট্ৰীয় গছ । এজোপা বৰগছ ডাঙৰ-দীঘল হোৱাৰ পাছত বহু হাজাৰ হাজাৰ চৰায়ে তাৰ গুটিবোৰ খায় । গৰমৰ দিনত বৰগছৰ গুৰিত বহিলে চাৰিওফালৰ পৰা ছাঁ পোৱা যায় । যাৰ বাবে মই এটা বৰগছ কলনী তৈয়াৰ কৰি আছোঁ আৰু তাত বৰ্তমানলৈকে ৫০ জোপা বৰগছ ৰোপণ কৰা হৈছে ।"

উল্লেখযোগ্য যে খুমটাই সমষ্টিক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ দিনে নিশাই চেষ্টা কৰি আহিছে বিধায়ক মৃণাল শইকীয়াই । বিশেষকৈ গ্ৰাম্য পৰ্যটন জৰিয়তে নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও কমিব বুলি আশা কৰে কৰে বিধায়কগৰাকীয়ে । যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ আৰু মেলামৰা চাহ পৰ্যটন প্ৰকল্প স্থাপন কৰি স্থানীয় মহিলাসকলৰ দ্বাৰা পৰিচালিত কৰাৰ চেষ্টা চলাই আহিছে । উক্ত পৰ্যটন প্ৰকল্পৰ জৰিয়তে প্ৰায় ৪০ গৰাকীৰো অধিক মহিলাৰ আত্মসংস্থাপনৰ বাট মুকলি হৈছে ।

