ETV Bharat / state

জলজীৱন মিছনৰ পানীত আৰ্চেনিক ! বিধানসভাত উদ্বিগ্ন বিজেপি বিধায়ক

"আৰ্চেনিক নিষ্কাশনৰ কিবা ব্যৱস্থা কৰা হৈছে নেকি ? মোৰ ৬ টা পঞ্চায়তত আৰ্চেনিক ওলাইছে ।" চিন্তিত জনপ্ৰতিনিধি ৷

MLA mentioned that there is arsenic in water under the JJM scheme in Dergaon
জলজীৱন মিছনৰ পানীত আৰ্চেনিক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 8:28 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জলজীৱন আঁচনিৰ পৰা লাভ কৰা খোৱাপানী কিমান বিশুদ্ধ ? এই কথা এতিয়া সাধাৰণ ৰাইজে চিন্তা কৰিব লাগিব। কিয়নো অসম বিধানসভাৰ মজিয়াতে খোদ বিধায়কে ক'লে,"মোৰ সমষ্টিত এতিয়ালৈকে ৬ টা পঞ্চায়তত ওলাইছে আৰ্চেনিক ।"

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা সদনত প্ৰশ্নোত্তৰ কালত এই প্ৰসংগ উত্থাপন হয়।

জলজীৱন মিছনৰ পানীত আৰ্চেনিক (ETV Bharat Assam)

দেৰগাঁও সমষ্টিৰ বিজেপি বিধায়ক মৃদুল কুমাৰ দত্তই তেওঁৰ সমষ্টিৰ অধীনত ৬ টা পঞ্চায়তত জলজীৱন মিছনৰ পানীত আৰ্চেনিক ধৰা পৰা বুলি উল্লেখ কৰি ইয়াৰ বাবে সংশ্লিষ্ট বিভাগ তথা মন্ত্ৰীক বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

প্ৰশ্নোত্তৰ কালত এই প্ৰসংগ উত্থাপন কৰি বিধায়ক দত্তই কয়,"মই জলজীৱন মিছন, আমাৰ দেৰগাঁও সমষ্টিত এটা খুব গুৰুত্বপূৰ্ণ ঘটনা সম্পৰ্কে মই ক'ব ওলাইছোঁ । আমাৰ যি চাউথ ব্লক আছে, তাত এতিয়ালৈকে যিটো অধ্যয়ন হৈছে, তাত আৰ্চেনিক ৬ টা পঞ্চায়তত ধৰা পৰিছে। আৰ্চেনিকৰ উপস্থিতি পোৱা গৈছে ।"

তেওঁ পুনৰ কয়, "যিসকল সংশ্লিষ্ট বিষয়া আছে তেওঁলোকৰ লগত মই আলোচনা কৰিছোঁ । মই মন্ত্ৰীগৰাকীৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ যে আৰ্চেনিক নিষ্কাশনৰ কিবা ব্যৱস্থা ৰখা হৈছে নেকি ? মোৰ ৬ টা পঞ্চায়তত আৰ্চেনিক ওলাইছে ।"

ইয়াৰ উত্তৰত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, "এটা অতি গুৰুত্বপূৰ্ণ বিষয়, আমাৰ হাতত এনে কোনো ব্যৱস্থা নাই । কিন্তু যদি হয়, তেতিয়াহ'লে আৰ্চেনিকমুক্ত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কাৰণে, আৰ্চেনিক ৰোধৰ বাবে কি কৰিব পৰা যায়, তাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম ।"

মন্ত্ৰীগৰাকীয়ে আৰু কয়, "ৰাইজে যাতে বিশুদ্ধ খোৱাপানী পায় । আৰ্চেনিক যদি কোনোবা ঠাইত ধৰা পৰিছে, এতিয়াই ব্যৱস্থা ল'ম । আমাৰ মুখ্য অভিযন্তাই সেই স্থান পৰিদৰ্শন কৰি, এইটো সোনকালে বন্ধ কৰিব লাগে । কেনেকৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব পাৰি তাৰ কাৰণে বিহিত ব্যৱস্থা লোৱা হ'ব ।"

ইফালে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসেও এই বিষয়ত বিধায়ক মৃদুল কুমাৰ দত্তক পৰামৰ্শ দিয়ে । ইয়াক গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত কৰি গোটেই বিষয়টো বিতংকৈ এটা বিশেষ ডিভাইচত আনি বিভাগৰ হাতত অৰ্পণ কৰিবলৈ বিধায়কগৰাকীক অধ্যক্ষগৰাকীয়ে পৰামৰ্শ দিয়ে।

লগতে পঢ়ক: অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ ১ লাখ কোটি হ'লেও বিপদসীমাৰ তলত: বিত্তমন্ত্ৰী

ড্ৰাগছৰ শিপাডাল ক'ত শেষ হয়? বিধানসভাত ম্য়ানমাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক তথ্য