ETV Bharat / state

বৰপানী বনাঞ্চলত বিধায়কৰ চৰজমিন তদন্ত: নগাঁও-কাৰ্বি আংলং সীমা বিবাদ তুংগত

১৯৫১ চনত গেজেট নটিফিকেচন ৰেকৰ্ড মতে ন ৰাজহ গাঁও নগাঁও জিলাৰ অধীনত যদিও বিবাদ আৰম্ভ ।

MLA Jitu Goswami inspects the Borpani forest; dispute over Nagaon-Karbi Anglong border
বিধায়ক জিতু গোস্বামীয়ে বৰপানী বনাঞ্চলত চৰজমিন তদন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 1:13 PM IST

5 Min Read
Choose ETV Bharat

বঢ়মপুৰ: বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে যোৱা তিনি জুলাইত নগাঁও-কাৰ্বি আংলং সীমা বিবাদ সংক্ৰান্তত উচ্চপদস্থ বিষয়াক লগত লৈ বৰপানী বনাঞ্চলত চৰজমিন তদন্ত কৰাৰ পিছতেই এই কাৰ্যৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ একাংশ দল-সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।

নগাঁও-কাৰ্বি আংলং সীমা বিবাদ সংক্ৰান্তত বৰপথাৰ সীমা সুৰক্ষা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত একাংশ সচেতন লোকে কয় যে বৰপথাৰ গাঁও পঞ্চায়তৰ নখন ৰাজহ গাঁৱত নগাঁও জিলাৰ অধীনত তাহানিৰ পৰাই বিভিন্ন চৰকাৰী বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু ধৰ্মানুষ্ঠান চলি আছে । সেয়েহে ইয়াত বসবাস কৰা সৰ্বধৰ্মৰ লোকসকল নগাঁও জিলাতেই থাকিব বুলি সংবাদমেলত ঘোষণা কৰে ৷

নগাঁও-কাৰ্বি আংলং সীমা বিবাদ সংক্ৰান্তত বৰপথাৰ সীমা সুৰক্ষা সমিতিৰ সংবাদমেল (ETV Bharat Assam)

তেওঁলোকে কয় যে বিধায়ক জিতু গোস্বামীৰ যোগাত্মক পদক্ষেপক ভেঙুচালি কৰি কেএছএ নামৰ সংগঠনে আন্দোলন কৰাৰ কোনো যুক্তি নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁও-কাৰ্বি আংলং সীমা সমস্যাটোৰ ওপৰত সুন্দৰ পদক্ষেপ লৈ স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সংবাদমেল যোগে বৰপথাৰ পঞ্চায়তৰ সভানেত্ৰী সুমিত্ৰা মেধি হাজৰিকা, উপ-সভানেত্ৰী পিংকী সৰকাৰ, সমাজকৰ্মী নৃপেন নাথ, নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সদস্য় ইন্দ্ৰমোহন দাস, কাউন্সিলাৰ লীলাৱতী প্ৰসাদ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ভোগধন বৰাই দাবী জনাইছে ৷

সংবাদমেলত নগাঁও জিলা পৰিষদৰ সদস্য ইন্দ্ৰমোহন দাস কয়, "১৯৫১ চনত গেজেট নটিফিকেচন ৰেকৰ্ড মতে ন ৰাজহ গাঁও আমাৰ নগাঁও জিলাৰ অধীনত বৰপথাৰ পঞ্চায়তত কামপুৰ ৰাজহচক্ৰত আছে । এই মানুহখিনিৰ ভোটাধিকাৰ আছে নগাঁও জিলাত, মাটিপট্টা নগাঁও জিলাত আছে । নগাঁও জিলাত যিহেতু মাটিৰ পট্টা আছে, নগাঁও জিলাত আমাৰ ভোটাধিকাৰ আছে । সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত তেতিয়াও আমাৰ বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত যি নখন ৰাজহ গাঁও আছে এইকেইখন হোজাই সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিল ।"

তেওঁ পুনৰ কয়,"আমাৰ দৃষ্টিগোচৰ হৈছে জিতু গোস্বামী অহাৰ পিছত কোনো ভাই-বন্ধুৱে দুই-একাষাৰ বিৰূপ মন্তব্য আগবঢ়াইছে । তাৰ কাৰণে আমি ককাই-ভাই হিচাপে অনুৰোধ কৰিছো যাতে সেই বক্তব্যবোৰ আগনবঢ়ায় । আমি সকলো ককাই-ভাইৰ নিচিনাকৈ মিলি চলিব লাগিব । আমি যদিও কাৰ্বি আংলং বা নগাঁৱত আছো, সীমাটো স্থায়ীভাৱে সমাধান হওঁক । এই নখন ৰাজহ গাঁও ১৯৬৪ চনত শ্বিলঙত যেতিয়া ৰাজধানী আছিল তেতিয়া এই পঞ্চায়ত এলেকাত আমাৰ এই অঞ্চলটো ট্ৰাইবেল ব্লক হিচাপে চৰকাৰে ঘোষণা কৰিছিল । আমাৰ ইয়াত পঞ্চায়ত কাৰ্যালয় আছে, বৰপথাৰ প্ৰগতিশীল হাইস্কুল আছে, এতিয়া বৰ্তমান এখন উচ্চতৰ মাধ্য়মিক হৈছে, ইয়াত ৩২ টা অংগনৱাড়ী কেন্দ্ৰ হৈছে, ১৭ খন প্ৰাথমিক বিদ্যালয় আছে , এখন এম ই স্কুল আছে । এইবোৰ নগাঁও জিলাৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অধীনত ।"

কি কৈছিল বিধায়ক জিতু গোস্বামীয়ে ? (ETV Bharat Assam)

কি কৈছিল বিধায়ক জিতু গোস্বামীয়ে ?

বিধায়ক জিতু গোস্বামীয়ে কাৰ্বি আংলং আৰু নগাঁৱৰ সীমা বৈঠালাংচুত উপস্থিত হৈ কৈছিল, "ইয়াৰ বৰপানী নদীৰ পশ্চিম ফালে প্ৰায় নগাঁও জিলাৰ ভিতৰত পৰে । ইয়াত ৰাইজে অভিযোগ দি আছিল বহুদিনৰ পৰা কাৰ্বি আংলঙৰ বন বিভাগ ইয়াত সোমাইছে বুলি । সেইকাৰণে মই নিজে তদন্ত কৰিবলৈ আহিছিলো । চৰজমিন তদন্ত কৰি গম পাইছো যে এইখিনি মাটি নগাঁও জিলাৰ অধীনত । ইয়াৰ মানুহে নগাঁৱত কৰ দিয়ে । সেইকাৰণে ইয়াত কাৰ্বি আংলং জিলাৰ বন বিভাগ আৰু বেলেগ বিভাগকো সীমাটো নির্ধাৰণ কৰিব কৈছো । এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিম । জিলা দুখনৰ সীমা সমস্যা শীঘ্ৰে সমাধান কৰিম । দুয়োফালৰ মানুহৰ যাতে ভৱিষ্যতে কোনো ধৰণৰ সমস্যা হ'ব নোৱাৰে তাৰ বাবে চেষ্টা কৰিম ।"

নগাঁও জিলাৰ বৰবিল অঞ্চলত কেইবাখনো বিদ্যালয় গঢ়ি উঠাৰ সম্পৰ্কত বিধায়কগৰাকীয়ে কয়, "এইটো প্ৰথমে গম পাব লাগিব ভূমিখিনি কাৰ । এইটো দীৰ্ঘদিনীয়া সমস্যা । কাৰ্বি লোক বহুত অছে,পঢ়িব পাৰিব । কাৰ্বি গাঁও আমাৰ মাজত আছেই । নগাঁও জিলাতো বহুত কেইখন কাৰ্বি গাঁও আছে । বঢ়মপুৰ সমষ্টিত ২৯ খন কাৰ্বি গাঁও আছে । কাৰ্বি গাঁও আমাৰ মাজত থকাত আপত্তি নাই; কিন্তু জিলাখন কোনখন হয় ঠিৰাং হ'ব লাগিব ।"

নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাৰ বিৰোধিতা (ETV Bharat Assam)

নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাৰ বিৰোধিতা :

নগাঁও-কাৰ্বি আংলং সীমা সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাই । সংগঠনটোৰ বিষয়ববীয়া মংগল সিং টেৰণে সোমবাৰে সংবাদমেলত কয়," কিছুদিন আগতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ উচ্চপদস্থ বিষয়াক লগত লৈ বৰপানী বনাঞ্চল পৰিভ্ৰমণ কৰি তাতে তেওঁ সীমা সমস্যাৰ বিষয়ে ৰাইজৰ লগত কথা পাতে । এই সন্দৰ্ভত কাৰ্বি আংলং ছাত্ৰ সন্থাৰ হামৰেণ আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । নগাঁও আৰু কাৰ্বি আংলং সীমা সমস্যাটো বহুদিনীয়া সমস্যা । আমি অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু দল-সংগঠনৰ মাজত শান্তিপূৰ্ণ ভাৱে সমাধান কৰিবৰ কাৰণে আহ্বান জনাইছো । এইক্ষেত্ৰত যাতে নগাঁও জিলা আৰু কাৰ্বি আংলং জিলাৰ মাজত অশান্তিৰ পৰিবেশ সৃষ্টি নহয় তাৰবাবে আমি নগাঁও জিলাৰ কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছো ।"

লগতে পঢ়ক:অসম-নাগালেণ্ডৰ সীমান্তৰ ঘটনাক লৈ চাৰিটাকৈ সংগঠনৰ প্ৰতিবাদ

সীমান্তবাসীৰ বাসগৃহত নগাই লিখিলে জৰীপ নম্বৰ, অসম-নাগালেণ্ড সীমান্তত উত্তেজনা