ETV Bharat / state

বিধানসভাত আলোচনা নকৰাকৈয়ে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল : জাকিৰ হুছেইন শিকদাৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত ক্ষোভ কংগ্ৰেছৰ । বিধানসভাৰ কোনো চৰকাৰী কাৰ্যসূচী নহয় বুলি দাবী বিধায়কৰ ।

MLA JAKIR HUSSAIN SIKDAR ON ST STATUS
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত ক্ষোভ জাকিৰ হুছেইন শিকদাৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 5:14 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শনিবাৰে অন্তিম দিনা অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত মন্ত্রীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতে পাঁচদিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে । ইয়াৰ পিচতেই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

ৰাজ্য়ৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিজেপি চৰকাৰে অসমৰ যিসকল জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে বা বৰ্তমান জনজাতিকৰণত থকা ব্য়ক্তিসকলে জনজাতিকৰণত বাধা দিয়াৰ বাবে পূৰ্বৰ পৰাই কৈ আছে, এইসকলৰ লগত আলাপ আলোচনা সুস্থতাৰে নকৰি, এক স্বাস্থ্য়মূলক পৰিৱেশত আলোচনা নকৰি যোৱাকালি বিধানসভাৰ অন্তিম কাৰ্যসূচীত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰে ।"

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত ক্ষোভ জাকিৰ হুছেইন শিকদাৰৰ (ETV Bharat Assam)

অসম চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিধানসভাত কোনো ধৰণৰ আলোচনা কৰা নাই বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "কেৱল মন্ত্ৰীগোটৰ প্ৰতিবেদনহে বিধায়কসকলক দিছে । বিধানসভা শেষ হোৱাৰ এক মিনিটমান পূৰ্বে বিধায়কসকলক এই প্ৰতিবেদন দিছে । এয়া বিধানসভাৰ কোনো চৰকাৰী কাৰ্যসূচী নহয় । আমি চৰকাৰক আহ্বান জনাইছিলো ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিধানসভাত আলোচনা হ'ব লাগে; কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিধানসভাৰ মজিয়াত আলোচনা নকৰাকৈ এই প্ৰতিবেদন দাখিল কৰিছে । এই প্ৰতিবেদনকলৈ ইতিমধ্য়ে বিতৰ্কৰ সৃষ্টি হৈছে ।"

আনকি বিধানসভাৰ কাৰ্যবিধি পৰামৰ্শদাতা কমিটীত কোনো আলোচনা কৰা হোৱা নাই বুলি বিধায়কগৰাকীয়ে কয় । তেওঁ কয় যে ইয়াৰ বাবেই ৰাজ্যখনত বিটিচিৰ দৰে ঘটনাৰ সৃষ্টি হৈছে । এয়া চৰকাৰৰ নিৰ্বাচন জিকাৰ কৌশল মাথোঁ । চৰকাৰে আন্তৰিকতাৰে এই প্ৰতিবেদন দাখিল কৰা নাই । অসমত শান্তিৰ পৰিৱেশ বিঘ্নিত হ'ব নালাগে। এয়া জ্বলন্ত আৰু গভীৰ বিষয় । পৰিৱেশৰ অৱনতি হ'লে ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব ।"

লগতে পঢ়ক:ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : সদনত দাখিল হ'ল বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন, নতুনকৈ আহিল এছ টি (ভেলী)

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা : বি টি চি সচিবালয় ভাঙি চূৰমাৰ প্ৰতিবাদকাৰীৰ