ETV Bharat / state

ছিণ্ডিকেটৰ বাবে মূল্যবৃদ্ধি : ঠেলা লৈ বিধানসভা চৌহদত বিধায়ক অখিলৰ ব্যতিক্ৰমী প্ৰতিবাদ

অখিল গগৈয়ে এইবাৰ ঠেলাত আনিলে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি সামগ্ৰী । দেখুৱালে কি দৰে ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে...

AKHIL GOGOI PROTEST
বিধানসভা চৌহদত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ (AKHIL GOGOI FB PAGE)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 12:16 PM IST

|

Updated : July 9, 2026 at 12:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : এইবাৰ ছিণ্ডিকেট আৰু মূল্যবৃদ্ধিকলৈ বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে এক অভিনব প্ৰতিবাদ সাব্যস্ত কৰে । বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত ছিণ্ডিকেট বাবে মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বিধায়ক গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিকী ৰূপত ঠেলাতে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি লৈ ছিণ্ডিকেটৰাজৰ অৱসান ঘটাই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে অখিল গগৈয়ে ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে । লগতে কাৰ্টুনৰ যোগেদি কিদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেট চলাই আছে তাক দাঙি ধৰে ।

বিধানসভা চৌহদত বিধায়ক অখিল গগৈৰ প্ৰতিবাদ (ETV Bharat Assam)

কিদৰে ছিণ্ডিকেটৰ ধন দিছপুৰলৈ যায় তাকো বিধায়ক গগৈয়ে দাঙি ধৰে ৷ বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰে হাতে হাতে প্লেকাৰ্ড লৈ ছিণ্ডিকেট আৰু মূল্যবৃদ্ধিৰ বিৰোধিতাৰে বিক্ষোভ প্ৰদৰ্শন কৰে।

সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, "প্ৰতিটো সামগ্ৰীতে ছিণ্ডিকেট চলাই থকা হৈছে । যাৰ বাবে মূল্যবৃদ্ধি হৈছে । বাৰ্মাৰ এক কেজি চুপাৰীত ৬০ টকাকৈ গুণ্ডাটেক্স লোৱা হয় । চুপাৰীৰ এক ট্ৰাকত ২৪ লাখ টকাৰ গুণ্ডাটেক্স লয় । আমাৰ অসমৰ স্থানীয় চুপাৰীৰ ক্ষেত্রত ৩২ টকাকে টেক্স লয় । চুপাৰীৰ ক্ষেত্রত এই টেক্স লয় হৰেন মহন্তই । কয়লা, গৰু প্ৰতিটোতে ছিণ্ডিকেট আছে । আনহাতে কাঠৰ ছিণ্ডেকেটৰ ধন উঠাই গোবিন্দ সৰকাৰে । অসমৰ পৰা যোৱা আৰু অসমলৈ অহা সকলো সামগ্ৰীতে গুণ্ডাটেক্স লোৱা হয়।"

তেওঁ লগতে কয়, "এটা কণীৰ দাম অসমত হ'ব লাগে ৫.৭৫ টকা । আমি সেয়া কিনিছো ৮.৫০ টকাৰ পৰা ১০ টকাৰ ভিতৰত । কাৰণ জয়ন্ত মল্লবৰুৱা আৰু হাগ্ৰামা মহিলাৰীয়ে শ্ৰীৰামপুৰ আৰু বক্সিৰহাট গেটত এটা এটা কণীত ৩ টকা টেক্স লয় । আগতে হিমন্ত বিশ্ব শৰ্মাই এই ঠিকাতো দিছিল পীযুষ হাজৰিকাক । এতিয়া হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্লবৰুৱা ইয়াৰ মালিক হ'ল ।’’

তেওঁ আৰু কয়, আচল মালিকজন দিছপুৰত থাকে । হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্লবৰুৱাই কালেক্ট কৰা ছিণ্ডিকেটৰ ধন দিছপুৰলৈ যায় । গাহৰি, কয়লা, কাঠ, গৰু, কণী, মাছ, চুপাৰী, চাউল আদি সকলোৰে পৰা ছিণ্ডিকেটৰ ধন আহে । সকলো বস্তুৰে পৰা ছিণ্ডিকেটৰ ধন আহে । এই ছিণ্ডিকেটৰ বাবেই এনেদৰে অভাৱনীয় মূল্যবৃদ্ধি হৈছে ।"

লগতে পঢ়ক : ৯ বছৰত হ্ৰাস পালে অসমৰ ৪২,৭১৫ হেক্টৰ কৃষি ভূমি : বিধানসভাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ তথ্য

লগতে পঢ়ক : প্ৰসংগ অসম চুক্তি ৰূপায়ণ: সদনত অতুল বৰা-অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ

Last Updated : July 9, 2026 at 12:28 PM IST