মিঞা প্ৰসংগই জোকাৰিছে সাহিত্য সভা, সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ যো-জা
অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে এইবাৰ মুকলি বিদ্ৰোহ ঘোষণা কৰিছে মাজুলী জিলা সাহিত্য সভাই ।

Published : June 2, 2026 at 10:20 AM IST
মাজুলী : মিঞাই অসমীয়া ভাষা-সাহিত্যক জীয়াই ৰখা বুলি মন্তব্য় কৰাৰ পিচতেই অসম সাহিত্য সভাৰ সভাপতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মাজুলী জিলা সাহিত্য় সভা । সাহিত্য সভাৰ সভাপতিৰ এই তত্ত্বক প্ৰত্যাহ্বান জনাই মজুলী জিলা সাহিত্য় সভাই অহা ৭ অক্টোবৰত সভাপতিগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিব অনাস্থা প্ৰস্তাৱ ।
অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে এইবাৰ মুকলি বিদ্ৰোহ ঘোষণা কৰিছে মাজুলী জিলা সাহিত্য সভাই । সভাপতিগৰাকীৰ বিৰুদ্ধে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱাই কৰিছে বিস্ফোৰক মন্তব্য । মাজুলীৰ কমলাবাৰীৰ মিলন সংঘত অনুষ্ঠিত ৰামধেনু শতদল শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱত সভাপতি ড৹ গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলা সভাপতি বৰুৱা ।
কি কৈছিল ড৹ বসন্ত কুমাৰ গোস্বামীয়ে ?
কেইদিনমান পূৰ্বে মুছলমান মাত্ৰেই বিদেশী নহয় বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কৈছিল, "মুছলমান মানে বিদেশী নহয় ৷ আগন্তুক লোকপিয়লত চৰ চাপৰিৰ লোকসকলে যদি সহযোগ নকৰে তেন্তে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো ১০০ শতাংশই নিশ্চিত ৷ চৰবাসীয়ে যদি লোকপিয়লত অসমীয়াৰ পৰিচয় নিদিলেহেঁতেন তেতিয়া হ'লে ১৯৩১, ১৯৪১ অথবা ১৯৫১ চনতেই অসমীয়া সংখ্যালঘিষ্ঠ হ'লহেঁতেন ৷"
এই সন্দৰ্ভত সভাপতি ড৹ গোস্বামীয়ে কৰা মন্তব্যক লৈ লজ্জিত বুলি উল্লেখ কৰি জিলা সভাপতি বৰুৱাই কয়, "যি সময়ত একাংশ মিঞা লোকে ৰঙিয়া তথা ধেমাজিত ইছলামিক পতাকা উত্তোলন কৰি নিজৰ ধৰ্মীয় চিন্তাধাৰা জাপি দিবলৈ বিচাৰিছে, তেনে সময়ত মিঞাইহে অসমীয়া ভাষা জীয়াই ৰাখিছে বুলি কেন্দ্ৰীয় সভাপতিয়ে কৰা মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ।"
কেৱল সভাৰ মজিয়াতেই নহয়, সভাৰ অন্তত সাংবাদিকৰ সন্মুখতো সভাপতি ড৹ গোস্বামীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ কথা স্পষ্টকৈ ঘোষণা কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতিগৰাকীয়ে । ৮৫ বছৰ উৰ্ধৰ সভাপতিগৰাকীয়ে বয়সৰ বাবেই কথাবোৰ খেলিমেলি কৰা বুলি মন্তব্য় কৰি জিলা সভাপতি বৰুৱাই কয়, "মিঞাই কেতিয়াও অসমীয়া ভাষাক জীয়াই ৰখা নাই । চৰ- চাপৰিৰ মিঞাই অসমীয়া ভাষাক জীয়াই ৰাখিছে আৰু তেওঁলোক অবিহনে অসমীয়া সাহিত্য় জীয়াই থাকিব নোৱাৰে বুলি কৰা মন্তব্য়টো দুৰ্ভাগ্য়জনক । অসমৰ সকলো মানুহেই ইয়াক ধিক্কাৰ দিছে । সকলোৱে কৈছে যে এয়া তেওঁৰ ব্য়ক্তিগত কথা, এয়া অসম সাহিত্য় সভাৰ নহয় । অহা ৭ অক্টোবৰত অনুষ্ঠিতব্য় অসম সাহিত্য় সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বুলিও তেওঁ সকীয়াই দিছে ।
লগতে পঢ়ক:ধৰ্মীয় সংখ্যালঘু লোকে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব : বসন্ত কুমাৰ গোস্বামী
অসমীয়া জাতিক ভাগ ভাগ নকৰিব: অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যত দল-সংগঠনৰ প্ৰতিক্ৰিয়া

