ETV Bharat / state

৭৩২ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ বাবে কেবিনেটৰ অনুমোদন আৰু কি কি আছে কেবিনেটৰ সিদ্ধান্তত ?

শনিবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেটৰ সিদ্ধান্ত সদৰী কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

Mission Basundhara and several important decisions by the Assam Cabinet
হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2025 at 7:31 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই।

কেবিনেটৰ সিদ্ধান্তসমূহ:

  • মুম্বাইৰ অসম ভৱনত নিয়োজিত হৈ থকা আঠজন লোকক কেবিনেটে ফিক্সড পে' অস্থায়ী কৰ্মচাৰী হিচাপে অনুমোদন জনায় । সেইদৰে অসম ভৱনত লিয়াজন অফিচাৰ হিচাপে কাম কৰি থকা আভা লোহিয়াক পদোন্নতি দিয়া হৈছে । যিগৰাকী মহিলাৰ স্বামী সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হৈছিল । সেই সূত্রে তেওঁক চাকৰি দিয়া হৈছিল । কেবিনেটে তেওঁৰ পদোন্নতিত অনুমোদন জনায় ।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰী কৰিলে কেবিনেটৰ সিদ্ধান্ত (ETV Bharat Assam)
  • অসমৰ চাৰিখন জিলা কাৰ্বি আংলং, উত্তৰ কাছাৰ পাৰ্বত্য জিলা, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙত লোক নিৰ্মাণ বিভাগৰ পথৰ উন্নতিকৰণ তথা বহলিকৰণৰ বাবে ১১৫ কোটি টকা নাবাৰ্ডৰ লোণৰ বাবে কেবিনেটে অনুমোদন জনায় ।
  • মিছন বসুন্ধৰাৰ জৰিয়তে ১৬৮ টা পৰিয়ালক কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত মাটিৰ পট্টা দিয়াৰ বাবে শনিবাৰে অনুষ্ঠিত কেবিনেটে অনুমোদন জনায় । আন এটা প্ৰস্তাৱত ৭৩২ পৰিয়ালক মাটিৰ পট্টা দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় ।
  • অসমত আৰু এটা তিৰুপতি তিৰুবালা দেৱস্থান নিৰ্মাণৰ বাবে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ আমেৰীগোগত ৩১ বিঘা এক কঠা দুই লেচা ভূমি অসম কেবিনেটে আৱণ্টন দিয়ে ।
  • কেবিনেটৰ যোগেদি অসম পুলিচ মেনুৱেলৰ ৰুল ১৬ত কিছু সংশোধনী অনা হয় । যাৰ জৰিয়তে এতিয়া অসম পুলিচৰ আৰ্ম ব্ৰাঞ্চ (এবি) আৰু আনআৰ্ম ব্ৰাঞ্চৰ (ইউ বি) লোকে ডিপাৰ্টমেণ্টেল এগজামিনেচন প্ৰমোচনত অংশীদাৰ হ'ব পাৰিব । বিশেষকৈ সহকাৰী উপ-পৰিদৰ্শক প্ৰমোচনৰ অংশীদাৰ হ'ব পাৰিব ।
Mission Basundhara and several important decisions by the Assam Cabinet
শনিবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (Assam CM fb page)
  • কেবিনেটে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচনত ১৮৬০ত দুটা ৰুল সংশোধন কৰিছে । ইয়াৰ দ্বাৰা বহুখিনি সুবিধা হ'ব ।

লগতে পঢ়ক: এইবাৰ হ'ব সভ্যতা ৰক্ষাৰ যুঁজ, এই যুঁজ নিৰ্বাচনৰ নহয়: দিলীপ শইকীয়া

মিত্ৰতা নৌহওতেই নাওবৈচা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিয়েই দিলে অখিল গগৈয়ে