ঢোলৰ মাৰি নদীত উটুৱাই দিয়াৰ পৰম্পৰাৰে মিচিংসকলে পালন কৰিলে ৰঙালী বিহু
১৪ গোঁসানীৰ নামত সম্পূৰ্ণ নীতি- নিয়মেৰে বিহু নমোৱা পৰ্ব আজিও অব্য়াহত মিচিং জনগোষ্ঠীৰ ।

Published : April 20, 2026 at 2:51 PM IST
জোনাই : ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উছাহ ৷ ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠী ৷ প্ৰায়ভাগ জনগোষ্ঠীৰ লোকে নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি ৷ পিছপৰি থকা নাই মিচিংসকল ৷
অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ পুৰণা জেলম গাঁৱতো দেখিবলৈ পোৱা গৈছে ডেকা-গাভৰু, বয়োজ্যেষ্ঠসকলৰ পাৰভঙা উছাহ । মিচিংসকলে পূৰ্বৰে পৰা পালন কৰি অহাৰ দৰেই ঘৰে ঘৰে হুঁচৰি গাই ৰঙালী বিহু পালন কৰিছে ৷ ইফালে, হুঁচৰি-নৃত্যৰ অন্তত বিহুৱা ডেকা-গাভৰুসকলক গৃহস্থই মংগল কামনা কৰি আগবঢ়াইছে শৰাই ৷ তাৰ পাছতে বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি তথা সমৃদ্ধিৰ কামনাৰে পাৰে মানে দিছে আশীৰ্বাদ ৷
এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়," মিচিং জনগোষ্ঠীৰ লোকসকলে ব'হাগ বিহু পালন কৰাৰ এক ধৰ্মীয় উদ্দেশ্য জড়িত আছে । গৰু বিহুৰ পিছদিনা মানুহ বিহুৰ গধূলি গাঁৱৰ ডেকা-গাভৰুসকলে বুঢ়া-বুঢ়ী, বাসুদেৱ, আই বসুমতী, আই সৰস্বতীকে আদি কৰি ১৪ গোঁসানীৰ নামত সম্পূৰ্ণ নীতি- নিয়মেৰে বিহু নমোৱা পৰ্ব কৰে । ইয়াৰ পিছতহে ঘৰে ঘৰে গৈ হুঁচৰি গায় ।"


গৃহস্থৰ ঘৰত আহিয়েই গায় 'আমি যে আহিছো য'ত দুবৰি নগজে তল, ৰাধা বোলে কৃষ্ণ আমাক পাৰে কৰা ,এই যমুনাৰ জল অ' গোবিন্দই ৰাম','গাঁও গাঁও অ' মাষ্টৰৰ ঘৰতে গাঁও ।' এনেদৰে ঘৰে ঘৰে ডেকা -গাভৰুসকলে হাতে হাত ধৰি গৃহস্থৰ চোতালত বিহু মাৰে । গাঁৱৰ সকলোৰে ঘৰত বিহু মাৰি সম্পূৰ্ণ হোৱাৰ পিছত নদীৰ কাষত গৈ ধৰ্মীয় পৰম্পৰা অনুসৰি বিহু 'হুৰুৱা' কৰে । বিহু হুৰুৱা কৰোতে পচলাৰ নাও নিৰ্মাণ কৰি সেইদিনা শেষ বিহু মাৰি সকলোৱে মিলি বগা ফুল লৈ সেৱা কৰাৰ পিছত ঢোলৰ মাৰিডাল নদীত উটুৱাই দিয়া হয় । পিছত পুনৰ নতুনকৈ জোন ওলোৱাৰ পিছতহে এইখন গাঁৱত ঢোল বজোৱা হয় ।
লগতে পঢ়ক:প্ৰাণৰ শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি দৃষ্টিহীন বিহু হুঁচৰি দলৰ
এনাজৰীৰে বান্ধ খোৱা চেনেহী বিহুক কিয় কয় 'জীয়ৰী বিহু' বুলি ?

