মাতৃহত্যাৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ
বৃহস্পতিবাৰে তেজপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ তথা ফাৰ্ষ্ট ট্ৰেক আদালতে এই গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰে ।

Published : December 4, 2025 at 5:27 PM IST
তেজপুৰ: জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা ৷ এই ভয়ংকৰ অপৰাধৰ বিপৰীতে তেজপুৰ অতিৰিক্ত জিলা সত্ৰ আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান । কিমান নিষ্ঠুৰ হ’লে এজন পুত্ৰই নিজৰ মাতৃক নির্মমভাৱে হত্যা কৰিব পাৰে ?
শোণিতপুৰ জিলাৰ মিছামাৰী থানাৰ অন্তৰ্গত বেলশিৰীত ২০২২ চনত সংঘটিত সেই হৃদয়বিদাৰক ঘটনাই আজিও প্ৰতিজনকে কন্দুৱায় । বৃহস্পতিবাৰে তেজপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ তথা ফাৰ্ষ্ট ট্ৰেক আদালতে এই গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰে । আদালতে অপৰাধী মাদাও ব্ৰহ্মক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
অতিৰিক্ত ন্যায়াধীশ এ এম মহম্মদ মহিউদ্দিনৰ আদালতে তিনিবছৰৰ ভিতৰতে এই হত্যাকাণ্ডৰ গোচৰৰ নিষ্পত্তি কৰে । অতিৰিক্ত চৰকাৰী অধিবক্তা এন কে মিশ্ৰই সংবাদ মাধ্যমক জনাই যে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাদাও ব্ৰহ্মই কোনো কথাত অগ্নিশর্মা হৈ মাতৃক কুঠাৰেৰে আঘাত কৰি নৃশংসভাবে হত্যা কৰিছিল । হত্যাৰ পিছত মৃতদেহটো ১৬ টুকুৰা কৰি ব্ৰহ্মই এই ঘটনাৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰে ৷ কিন্তু অতি তৎপৰতাৰে তদন্ত আগবঢ়াই আৰক্ষীয়ে সকলো প্ৰমাণ উদ্ধাৰ কৰে আৰু মাদাও ব্ৰহ্মক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত এই গোচৰটো মিছামাৰী থানাত নং ২৭/২২, ৩০২ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল আৰু পাছলৈ ছেছন আদালতৰ গোচৰ নং ১৫৮/২২ ত বিচাৰ চলিছিল বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে ৷

চৰকাৰী অধিবক্তা মিশ্ৰই আৰু কয়, ‘‘এই ঘটনা অত্যন্ত নৃশংস । মৃত্যুদণ্ডৰ ৰায় প্ৰদানৰ পৰ্যায়তো এইটো গোচৰ চছিল ৷ কিন্তু অপৰাধীৰ বয়স কম হোৱাৰ বাবে আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্ত লয় । তেওঁৰ বয়স ২৩ বছৰ ৷’’
মিশ্ৰৰ মতে, বিচৰাধীন সময়তো অপৰাধীয়ে এই নৃশংস কাণ্ডৰ আঁৰৰ কোনো কাৰণ স্পষ্টকৈ প্ৰকাশ নকৰিলে । আদালতে গোচৰটোৰ ৰায় প্ৰদান কৰি বিষয়টো নিষ্পত্তি কৰে ৷
আনহাতে, অপৰাধী ব্ৰহ্মই এই ৰায়দানৰ পিছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘‘মই এই কাম কৰা নাই, মই নাজানো, একো ক’ব নোৱাৰো ৷’’ সাংবাদিকে পুনৰ মাতৃক কিয় মাৰিছিলা বুলি সোধাত তেওঁ 'নাই মৰা' বুলিয়েই কৈ পিছত কয়, ‘‘এয়া মোৰ নচিবত যি আছিলে, সেইটোৱেই হৈছে ৷ মোৰ একো ক’বলৈ নাই ৷’’

