ETV Bharat / state

সততা আৰু নিষ্ঠাৰে নিৰ্বাচন খেলি জয়ী হ'ব নোৱাৰি : পৰাজিত মীৰা বৰঠাকুৰ গোস্বামীৰ উপলব্ধি

দিছপুৰ সমষ্টিত ৪৯৬৬৬ টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হাতত পৰাস্ত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী ৷

Mira Borthakur Goswami expressed her disappointment over the defeat
মীৰা বৰঠাকুৰ গোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 5, 2026 at 1:01 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰৱল আত্মবিশ্বাসী আছিল যদিও বিজেপিৰ ঢৌত তিষ্ঠি থাকিব নোৱাৰিলে দিছপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা মীৰা বৰঠাকুৰ গোস্বামী । তেওঁ বিজেপিৰ প্ৰাৰ্থী ন-বিজেপি তথা এসময়ৰ সতীৰ্থ প্ৰদ্যুৎ বৰদলৈৰ হাতত পৰাস্ত হয় ।

দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ১০৩৩৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫৩৬৭০ টা ভোট । ভোটৰ ব্যৱধান হৈছে ৪৯৬৬৬ টা ।

নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মীৰা বৰঠাকুৰ গোস্বামীয়ে । নিজৰ প্ৰতিক্ৰিয়াত দিছপুৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থীগৰাকীলৈ অভিনন্দন জনোৱাৰ লগতে ভোট দিয়া সমষ্টিৰ ৰাইজক ধন‍্যবাদ জ্ঞাপন কৰে ।

তেওঁ কয়, "জনাদেশক আমি মানি ল'বলৈ বাধ্য আৰু মানি লৈছো । কিন্তু এনেকৈ পৰাজিত হ'ম বুলি মই কেতিয়াও ভবা নাছিলো । তথাপিও জনাদেশ মই মানি লৈছো । মোৰ লগত দিনে-নিশাই কষ্ট কৰা দলৰ কৰ্মীসকলক ধন্যবাদ জনাইছো । অতি সুন্দৰভাৱে অতি পৰিকল্পিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো । সকলো সময়তে ৰাইজৰ কাষত আছিলো । বিপদে-আপদে দৌৰি গৈছিলো । কিন্তু দেখিলো যে নিৰ্বাচনত জয়ী হোৱাৰ বাবে এইবোৰ কোনো গুৰুত্বপূৰ্ণ বিষয় নহয় । জিকিবলৈ সাম-দাম-দণ্ড-ভেদ আদি সকলো লাগিব । টকা-পইচা, গুণ্ডাগিৰি আদি লাগিব । কিন্তু এইবোৰ মোৰ হাতত নাই ।"

তেওঁ লগতে কয়, "আজি মই এটাই উপলব্ধি কৰিলো যে সততা আৰু নিষ্ঠাৰে নিৰ্বাচন খেলি জয়ী হ'ব নোৱাৰে । সেয়ে আজি মই সিদ্ধান্ত ল'লো যে মই কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান সদস্য হিচাপে সদায়ে দলটোত থাকিম । দলে মোৰ তিনিবাৰকৈ নিৰ্বাচন খেলাৰ সুযোগ দিলে আৰু মই তিনিওটা নিৰ্বাচনত পৰাজয় বৰণ কৰিলো । যাৰ বাবে মই এটা সিদ্ধান্ত উপনীত হ'লো যে বৰ্তমান যিটো চিষ্টেমত নিৰ্বাচন চলি আছে এইটো চিষ্টেমত মোৰ দৰে মানুহে নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয় ।’’

Mira Borthakur Goswami expressed her disappointment over the defeat
বানৰ সময়ত ৰাইজৰ কাষত মীৰা বৰঠাকুৰ গোস্বামী (ETV Bharat Assam)

মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, ‘‘মই ৰাইজক কেতিয়াও ঠগ-প্ৰৱঞ্চনা কৰা নাই । মোক ভোট দিয়া সকলোকে ধন্যবাদ জনাইছো । মই আজি অতি দুখ পাইছো । কিন্তু হৰা বাবে নহয় । গৌৰৱ গগৈ পৰাজিত হোৱা বাবে মই মানসিকভাৱে যথেষ্ট দুখ পাইছো । গৌৰৱ গগৈৰ বহুত ভিজন আছিল । এতিয়া মোৰ বিশেষ ক’বলগীয়া নাই ।’’

তেওঁ কয়, ‘‘কৃত্রিম বানত ভোগা, পাহাৰৰ উচ্ছেদৰ শংকা থকা বেছিসংখ্যক লোকেই বিজেপিক ভোট দিছে । আজি মোৰ এটা চকু খোল খালে যে পাহাৰত উচ্ছেদ হ'লে দৌৰা যোৱাটোৰ কোনো মান্যতা নাই । কৃত্রিম বানৰ সময়ত দৌৰি যোৱাটো যথেষ্ট নহয় । মই এটাই উপলব্ধি কৰিলো যে পুৰণি গুৱাহাটী দ' গুৱাহাটী আৰু বৰষুণ দিলে পানী হ'বই । ৰাইজে সেইটো মানি লৈছে আৰু ভোট দিছে । বাকী আজি মই ই ভি এমৰ কথা নকওঁ । মই এটা কৈছো যে তেওঁলোকে হিজুবাৰীৰ ভোটো পাইছে । মই ভাবিছিলো যে প্ৰদ্যুৎ বৰদলৈক অধিকাংশ মানুহে গ্ৰহণ নকৰিব ।"

লগতে পঢ়ক : ৪৩৭৫৯ ভোটৰ ব্যৱধানত অজন্তা নেওগৰ ঐতিহাসিক জয়

লগতে পঢ়ক : যোৰহাটৰ চাৰি সমষ্টিত বিধ্বস্ত কংগ্ৰেছ, বিৰোধীৰ চক্ৰবেহু ফালি এনডিএৰ চমক