ETV Bharat / state

সংখ্যালঘু আসনক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ নিমিলা অংক

কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাত লাগিছে আউল ! ৰাইজৰ দলে লিখিলে শেষৰখন পত্ৰ ।

MINORITY Seats sharing Hurdles on alliance between Raijor Dal and congress
কংগ্ৰেছ-ৰাইজৰ মিত্ৰতাত লাগিছে আউল ! (ANI)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 6:12 PM IST

|

Updated : February 20, 2026 at 6:29 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ সৈতে ২০২৬ৰ বাবে মিত্ৰতাৰ খবৰ উৎসাহজনক নহয় ! মনৰ পচন্দত বিচৰা মাত্ৰ চাৰিটা সমষ্টিহে পাইছে ৰাইজৰ দলে ৷ কংগ্ৰেছৰ পৰা ৰাইজৰ দলে তিনিটা সংখ্যালঘু সমষ্টি বিচাৰিছে ৷ কংগ্ৰেছে এৰি দিব বিচাৰিছে মাত্ৰ এটা । সেয়ে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সম্ভাৱনা শেষ হোৱাৰ উপক্ৰম ঘটিছে ।

নিজৰ মতে প্ৰাৰ্থী দিয়াৰ পথত আগবাঢ়িছে ৰাইজৰ দল । প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া চলাই থকাৰ সময়তে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ক’লে, “মিত্ৰতা সন্দৰ্ভত খবৰবোৰ বৰ ভাল নহয় ৷” কংগ্ৰেছলৈ চূড়ান্ত পত্ৰ লিখিছে ৰাইজৰ দলে । তাৰ পিছতেই ল’ব নিজা প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ।

সংখ্যালঘু আসনক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ নিমিলা অংক (ETV Bharat Assam)

প্ৰিয়ংকা গান্ধীয়ে বৃস্পতিবাৰৰ নিশা প্ৰায় 3 বজালৈ ৰাজীৱ ভৱনত ধাৰাবাহিকভাৱে ইখনৰ পিছত সিখন বৈঠকত বহে ৷ শুকুৰবাৰে পুৱা ১০ বজাতে আহি আকৌ ৰাজীৱ ভৱনত প্ৰিয়ংকা গান্ধীৰ মাৰাথন বৈঠক অনুষ্ঠিত হয় ।

ইয়াৰ বিপৰীতে কংগ্ৰেছৰে মিত্ৰতাৰ বাবে আলোচনাত থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গুৱাহাটীৰ বাসগৃহত কৰ্ণধাৰ সমিতিৰ মিত্ৰতাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ মাজতেই সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে কৰে নিৰাশজনক মন্তব্য ৷

কংগ্ৰেছৰ সৈতে শেহতীয়া মিত্ৰতাৰ কথা-বতৰাক লৈ সন্তুষ্ট নহয় অখিল গগৈ আৰু ৰাইজৰ দল । কংগ্ৰেছ দলৰ বিৰুদ্ধে মিত্ৰতা প্ৰসংগত কথা সঘনাই সলনি কৰি থকাৰ অভিযোগ ৰাইজৰ দলৰ ৷ অখিল গগৈয়ে শুকুৰবাৰে আবেলি এই প্ৰসংগত কয়, “কালি ৰাতি ভাবিছিলো কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হ’ব ৷ কালি ৰাতি আমাৰ বৈঠক হ’ল ৷ বৈঠকত আমি অসন্তুষ্ট ৷ কথাবোৰ সলনি হৈ আছে ৷”

শুকুৰবাৰে অখিল গগৈৰ ঘৰত বহিছে দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠক । বৈঠকত সিদ্ধান্ত হৈছে শেষবাৰৰ বাবে মিত্ৰতা প্ৰসংগত ৰাইজৰ দলে কংগ্ৰেছলৈ লিখিব পত্ৰ ৷ গগৈৰ মন্তব্য, "কংগ্ৰেছক শেষবাৰৰ বাবে চিঠি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷ চিঠি পোৱাৰ পিছত কংগ্ৰেছৰ ৰেচপনছ ভাল হ’লে ভাল ৷ কংগ্ৰেছৰ এখন কমিটী গঠন কৰি দিছে ৷ সেই কমিটীখনৰ লগত আমাৰ আলোচনা হৈছে ৷”

মিত্ৰতাক লৈ মন বেয়া অখিল গগৈৰ । অখিল গগৈৰ অভিযোগ আগতে ঐক্য় মতত উপনীত হোৱা বিষয়বোৰত খেলমেলি কৰিছে কংগ্ৰেছ দলে ৷ তেওঁ কয়, “আলোচনাত আগতে সঠিক হৈ থকা কথাবোৰতো খেলিমেলি হৈছে ৷ আগতে সন্মতি দিয়া কথাবোৰতো অমিল হৈছে ৷ সেয়ে আমাৰ মন বহুত বেয়া ৷ দলৰ পুৰণা মানুহক আমি ছীট নিদিয়াকে নোৱাৰো ৷”

ৰাইজৰ দলে বিচৰা মাত্ৰ চাৰিটা সমষ্টিহে কংগ্ৰেছে এৰি দিব খুজিছে ৷ ৰাইজৰ দলৰ ভিত্তি নথকা সমষ্টিহে দিব খুজিছে ৰাইজৰ দলক । এই মন্তব্যৰে অখিল গগৈয়ে ক’লে, “আমি মাত্ৰ ১৫ টা ছীট বিচাৰিছো ৷ তেওঁলোকে এশটা ছীটত খুটি মাৰি লৈছে ৷ তেওঁলোকৰ পচন্দৰ ছীট সকলো লৈছে ৷

আমাকো জিকিবলৈ দিব লাগিব ৷ প্ৰথমে আমি ২৭টা ছীট বিচাৰিছিলো ৷ তাৰ পিছত আমি ১৫ত ৰৈছিলো ৷ আমাৰ সমষ্টিবোৰ মিলা নাই ৷ মূল পদবীত থকা মানুহবোৰক আমি বিমুখ কৰিব নোৱাৰো ৷কাম কৰি থকা সমষ্টি আমাক নিদিলে বেলেগ সমষ্টি দিলে মানুহক দেখুৱাই দিয়াহে হ’ব ।”

আমি মনৰ পচন্দত বিচৰা মাত্ৰ চাৰিটা সমষ্টি পাইছো বুলি লগতে অখিল গগৈৰ মন্তব্য কৰে ৷ তেওঁ কয়, "আমি একদম বিনম্ৰভাৱে জনাব বিচাৰো ৷ আমি বহুত ধৈৰ্য ধৰি আছো ৷ নতুন নতুন মানুহক লৈ কংগ্ৰেছে কমিটী বনাই আছে ৷ নতুন মানুহবোৰৰো নিজা পছন্দৰ প্ৰাৰ্থী আছে ৷ আজি চিঠি দিয়াৰ পিছত হয় ৰঙামাটি নহয় গুৱাহাটী হ’ব ৷"

লগতে, অখিল গগৈয়ে জনায়, “ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে আমাৰ লগত মিত্ৰতা বিচাৰিছে ৷ আমাক সেই কথা জনাইছে ৷”

ইয়াৰ উপৰিও অখিল গগৈয়ে জনায় যে ৰাইজৰ দলে এইবাৰ মাত্ৰ তিনিখন সংখ্যালঘু আসন বিচাৰিছে ৷ কিন্তু কংগ্ৰেছ দলে তেওঁলোকক মাত্ৰ এখন আসন দিছে ৷ ৰাইজৰ দলৰ অকল সংখ্যালঘু সমষ্টিৰ ভিতৰত ১৫ টাতেই নিৰ্বাচন খেলাৰ যোগ্যতা আছে বুলি দাবী কৰে ৷

গগৈয়ে কয়, “আমি মাত্ৰ তিনিটা সংখ্যালঘু ছীট বিচাৰিছো ৷ তেওঁলোকে মাত্ৰ এটা ছীট দিছে ৷ ৰাইজৰ দলে সংখ্যালঘূ সমষ্টিত বহুত কাম কৰিছো ৷ কংগ্ৰেছৰ মতে গোটেই সংখ্যালঘূ সমষ্টিকেইটা তেওঁলোকৰ বাপতিসাহোন ৷ তেওঁলোকৰ জ্যেষ্ঠ নেতাসকলৰ সকলো কথা মানিলো ৷ কিন্তু তেওঁলোকে আমাৰ কথা একো নুশুনিলে ৷”

লগতে পঢ়ক : প্ৰিয়ংকা গান্ধীৰ উপস্থিতিতে ৰাজীৱ ভৱনৰ প্ৰৱেশত বাধা পোৱাত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ
Last Updated : February 20, 2026 at 6:29 PM IST