ETV Bharat / state

গেলাপুখুৰী চাহ বাগিচাত মৃতকৰ ঘৰত উপস্থিত ৰাজ্যিক-কেন্দ্ৰীয় মন্ত্ৰী; ৰাজ্য়-কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য ঘোষণা

মন্ত্ৰীৰ সন্মুখতেই ঢলি পৰিল মৃত শ্ৰমিকৰ পত্নী । আটক শ্ৰমিকসকলক নিয়া ঠিকাদাৰক ।

ministers Atul Bora and Keshab Mahanta visited the house of deceased in the Gelapukhuri
গেলাপুখুৰী চাহ বাগিচাত মৃতকৰ ঘৰত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 12, 2025 at 4:50 PM IST

|

Updated : December 12, 2025 at 9:08 PM IST

5 Min Read
Choose ETV Bharat

তিনিচুকীয়া : সোমবাৰে পুৱা কামৰ বাবে ওলাই যোৱা তিনিচুকীয়াৰ এটা শ্ৰমিকৰ দল অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং-সাগলাগামত সংঘটিত শোকাৱহ দুৰ্ঘটনাই দেশজুৰি জোঁকাৰি গৈছে । ঢালাইৰ কাম কৰিবলৈ ২২ গৰাকী শ্ৰমিক কঢ়িয়াই নিয়া ট্ৰাকখন বাগৰি পৰাৰ ফলত মৃত্যু হয় প্ৰায় ২১ গৰাকীৰ । সোমবাৰে নিশা প্ৰায় ৮-৯ বজাত সংঘটিত এই দুৰ্ঘটনাটোত কোনোমতে প্ৰাণৰক্ষা হয় গেলাপুখুৰী চাহ বাগিচাৰ ১৩ নং লাইনৰ বুধেশ্বৰ দ্বীপৰ । তেৱেই পোহৰলৈ আনিছে ঘটনাটো ।

বুধবাৰে স্থানীয় আৰক্ষী তথা এছ ডি আৰ এফ ৰ দলে অভিযান আৰম্ভ কৰে বৃহস্পতিবাৰৰ পৰা । স্থানীয় আৰক্ষী অধীক্ষকৰ পৰা লাভ কৰা তথ্য অনুসৰি যথেষ্ট কষ্টেৰে বৃহস্পতিবাৰে অভিযান চলাই ১৭ গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে যদিও যথেষ্ট গভীৰ হোৱাৰ বাবে কোনো এগৰাকী শ্ৰমিকক উদ্ধাৰ কৰিব পৰা নাই ।

গেলাপুখুৰী চাহ বাগিচাত মৃতকৰ ঘৰত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত (ETV Bharat Assam)

আজি পুৱাৰ পৰা পুনৰ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান । ইতিমধ্যে তিনিচুকীয়াৰ পৰা এটা আৰক্ষী, জিলা প্ৰশাসন, উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়া, বিধায়ক সঞ্জয় কিষাণৰ নেতৃত্বত এটা দলে বুধবাৰে নিশা গেলাপুখুৰীস্থিত শ্ৰমিকসকলৰ বাসগৃহত উপস্থিত হৈ যাত্ৰা কৰে ঘটনাস্থলীলৈ ।

শুকুৰবাৰে এই দলটোৱে দিনৰভাগত ঘটনাস্থলীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । ইফালে, আজি গেলাপুখুৰী চাহ বাগিচাৰ ১৩ নং লাইনৰ শোকাকুল পৰিবেশৰ মাজতে মৃত ১৮ গৰাকী শ্ৰমিকৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীদ্বয় অতুল বৰা, কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰী আৰু চাবুৱাৰ বিধায়ক পোণাকণ বৰুৱাসহ এটা দল । এই দলটোৱে উক্ত শ্ৰমিকসকলৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে কথা পতাৰ লগতে সমবেদনা জ্ঞাপন কৰে ।

মন্ত্ৰীৰ চকুৰ সন্মুখতে ঢলি পৰিল মহিলা :

এগৰাকী মহিলাই মন্ত্ৰীৰ চকুৰ সন্মুখতে ঢলি পৰা যোৱা ঘটনাই এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে । পিচত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰে ।

ministers Atul Bora and Keshab Mahanta visited the house of deceased in the Gelapukhuri
গেলাপুখুৰী চাহ বাগিচাত মৃতকৰ ঘৰত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত (ETV Bharat Assam)

এই ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়, “একেখন চাহ বাগিচাৰে ১৯ গৰাকী লোকৰ মৃত্যু হৈছে, বৰ দুখজনক ঘটনা । এগৰাকী মহিলাই অচেতন হৈ পৰি গৈছিল, বহুকেইগৰাকী অৰ্ধ অচেতন অৱস্থাতেই আছে । ইজাজুল হক নামৰ এগৰাকী ঠিকাদাৰে শ্ৰমিকসকলক লৈ গৈছিল । কিছুমানৰ ঘৰত জানে আৰু কিছুমানৰ ঘৰত অৰুণাচললৈ যোৱা বুলি নাজানেই । ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে আটক কৰিছে ঠিকাদাৰগৰাকীক । আমি পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছো । তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক ।”

ministers Atul Bora and Keshab Mahanta visited the house of deceased in the Gelapukhuri
গেলাপুখুৰী চাহ বাগিচাত মৃতকৰ ঘৰত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত (ETV Bharat Assam)

মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা :

সমান্তৰালভাৱে মন্ত্ৰী কেশৱ মহন্তই কয়, “গেলাপুখুৰী চাহ বাগিছাৰ ২২ গৰাকী লোক গৈছিল, এগৰাকী সোঁ শৰীৰে ঘূৰি অহাৰ কাৰণে খবৰটো পালো । ইতিমধ্যে তিনিচুকীয়াৰ ৰাজহচক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত আছে আৰু মন্ত্ৰী বিমল বড়া, বিধায়ক সঞ্জয় কিষাণে যাত্ৰা আৰম্ভ কৰিছে । উদ্ধাৰ অভিযান চলি আছে । আশা কৰিছো আজি তেওঁলোকে আহিব পাৰে ৷ ইতিমধ্যে আমি গোটেই বিষয়টো মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিছো । মুখ্যমন্ত্ৰীগৰাকীয়ে মৃতকৰ পৰিয়াললৈ এককালিনভাৱে ৫ লাখ টকাকৈ প্ৰদান কৰিব সদৰী কৰে ৷ পৰৱৰ্তী সময়ত যাৱতীয় কামকাজখিনি কৰা হ’ব ।”

কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য ঘোষণা :

ইয়াৰ পূৰ্বেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্তৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ এককালিনভাৱে সাহায্য প্ৰদানৰ ঘোষণা সামাজিক মাধ্যমৰ জৰিয়তে কৰে ৷

সৰ্বানন্দ সোণোৱাল :

শুকুৰবাৰে গেলাপুখুৰীৰ শ্ৰমিকসকলৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে । সেই সময়চোৱাত জিলা আয়ুক্ত স্বপ্নীল পালে সংগ প্ৰদান কৰি তথ্যপাতিসমূহ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক যোগান ধৰাৰ লগতে জিলা আয়ুক্তগৰাকীৰ পৰা সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ৷

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ''অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ কেইবাজনো লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ ঘটনাত আমি গভীৰভাৱে শোকস্তব্ধ । পৰিয়ালবৰ্গৰ কাষত উপস্থিত হৈ এই ঘটনাত নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহক দেখা কৰি গভীৰ সমবেদনা জ্ঞাপন কৰো আৰু দুখৰ সমভাগী হওঁ ।''

সোণোৱালে কয়, ''ইতিমধ্যে অৰুণাচল প্ৰদেশৰ ঘটনাস্থলীত সমন্বিত প্ৰচেষ্টাৰে উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে অব্যাহত আছে । আমি প্ৰতিটো ক্ষণতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত সহৃদয়ে আছো । মৃত লোকসকলৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আৰু এই শোক সহিবলৈ পৰিয়ালসমূহে শক্তি আৰু সাহস লাভ কৰক, এই কৰুণ সময়ত তাৰেই কামনা কৰিলো ।''

সোণোৱালে কয়, ''ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়ালসমূহক ২ লাখ টকাকৈ এককালীন আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । তদুপৰি অসম চৰকাৰেও ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰিছে । শোকাকুল পৰিয়ালসমূহৰ এই শূণ্যতা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছো আৰু তেওঁলোকক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিলো ।''

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ হায়ুলিয়াঙত ভয়ংকৰ দুৰ্ঘটনা, পাহাৰীয়া ৰাস্তাৰ পৰা খাৱৈত পৰিল শ্ৰমিক কঢ়িওৱা ট্ৰাক
Last Updated : December 12, 2025 at 9:08 PM IST