ETV Bharat / state

বিধানসভাত নতুন বিধেয়ক উত্থাপন : স্থাপন হ'ব দুখনকৈ ব্যক্তিগত বিশ্ববিদ্যালয়

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা দুখন নতুন আৰু ৮ খন সংশোধনী বিধেয়ক উত্থাপন ।

assam assembly winter session 2025
বিধানসভাত নতুন বিধেয়ক উত্থাপন : স্থাপন হ'ব দুখনকৈ ব্যক্তিগত বিশ্ববিদ্যালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 4:06 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ বুধবাৰে দ্বিতীয় দিনা সদনত ১০ খন বিধেয়ক উত্থাপন কৰা হয় । ইয়াৰে দুখন নতুন বিধেয়ক আৰু ৮ খন সংশোধনী বিধেয়ক । আটাইকেইখন বিধেয়ক সদনত উত্থাপন কৰে মন্ত্রী ডাঃ ৰণোজ পেগুৱে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত উত্থাপন কৰা নতুন বিধেয়ক দুখন হৈছে নেৰিম বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ ।

আনহাতে উত্থাপন কৰা সংশোধনী বিধেয়ককেইখন হৈছে মিছিং স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, ৰাভা হাছং স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, তিৱা স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, দেউৰী স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, সোণোৱাল কছাৰী স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, ঠেঙাল কছাৰী স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫, বড়ো কছাৰী ৱেলফেয়াৰ স্বায়ত্তশাসিত (সংশোধনী) বিধেয়ক ২০২৫ আৰু বে-চৰকাৰী শিক্ষা প্ৰতিষ্ঠান (মাচুল নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক ২০২৫ ।

assam assembly winter session 2025
মন্ত্রী ডাঃ ৰণোজ পেগুৱে বিধানসভাত উত্থাপন কৰে নতুন বিধেয়ক (Screengrab)

উল্লেখ্য যে সদনত নতুনকৈ উত্থাপন কৰা দুখন বিধেয়কৰ ভিতৰত নেৰিম বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ৰ যোগেদি অসমত নেৰিম শিক্ষানুষ্ঠানে স্থাপন কৰিব প্ৰাইভেট বিশ্ববিদ্যালয় । সেইদৰে আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক ২০২৫ৰ যোগেদি অসমত স্থাপন হ'ব বিশ্বমানৰ এখন বিশ্ববিদ্যালয় । আজিম প্ৰেমজী ফাউণ্ডেশ্যনে ১০০০ কোটিৰো অধিক টকা ব্যয় কৰি এখন বিশ্ববিদ্যালয় স্থাপন কৰিব । য'ত ১০ হাজাৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব । এই বিশ্ববিদ্যালয়খন পলাশবাৰীত স্থাপন হ'ব আৰু এইখন এখন ন'নপ্ৰফিটেবল বিশ্ববিদ্যালয় ।

আনহাতে সদনত উত্থাপন কৰা বে-চৰকাৰী শিক্ষা প্ৰতিষ্ঠান (মাচুল নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক ২০২৫ৰ যোগেদি প্ৰাইভেট শিক্ষানুষ্ঠানৰ মাচুল ৰেগুলেট কৰা 'আছাম ন'ন গভৰ্মেণ্ট এডুকেচনেল ইনষ্টিটিউট ৰেগুলেচন অব ফিজ এক্ট'ৰ আওতাৰ বাহিৰত থকা মাইন'ৰিটী ৰাণ ইনষ্টিটিউটসমূহ আওতালৈ আহিব । ইয়াৰ ফলত বিভিন্ন সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰা হ'ব ।

লগতে পঢ়ক :অসমত নতুনকৈ কিমান কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে : সদনত উত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই