কিতাপ পঢ়িবলৈ জনাটোও এটা দক্ষতা: ৰণোজ পেগু
লখিমপুৰত আৰম্ভ হ'ল অসম গ্ৰন্থমেলা । গ্ৰন্থমেলা মুকলি কৰি সাৰুৱা ভাষণ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ।

Published : November 2, 2025 at 9:45 AM IST
লখিমপুৰ: ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰ সৈতে সংগতি ৰাখি শনিবাৰৰ পৰা আৰম্ভ হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, লখিমপুৰ ৷ লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্প্লেক্সত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে এই দহদিনীয়া গ্ৰন্থমেলাখন শনিবাৰে সন্ধিয়া উদ্বোধন কৰা হয় ৷
বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গ্ৰন্থমেলাখন উদ্বোধন কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ ভাষণত কয়, "জ্ঞান আৰু প্ৰজ্ঞা হৈছে মানুহৰ সহজাত প্ৰবৃত্তি আৰু এয়া অৰ্জন কৰিব পাৰি গ্ৰন্থৰ জৰিয়তে ৷ ইয়াৰ বাবে আমি পঢ়িব জানিব লাগিব ৷ পঢ়িবলৈ জনাটোও এটা কলা, এটা দক্ষতা ৷ শিক্ষকসকলে কেনেদৰে পঢ়িব লাগে সেয়া বুজাব পাৰিব লাগিব ৷ লিখা, পঢ়া, শুনা আৰু বুজা, এইবোৰৰ নিৰ্দিষ্ট পদ্ধতি আছে ৷ এয়া আয়ত্বাধীন কৰিবলৈ যত্নপৰ হোৱা উচিত ৷"
সামাজিক মাধ্যমৰ দোহাই দি মন্ত্ৰী পেগুৱে কয়, "সম্প্ৰতি ফেচবুকৰ ভাষাই বহু পৰিমাণে ভাষাৰ সৌন্দৰ্যহানি কৰিছে ৷ টি ভি চেনেলবোৰতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে ৷ যতি চিহ্নৰ প্ৰয়োগ নকৰাকৈ টি ভিত অনুষ্ঠান পৰিৱেশন কৰাৰ ফলতো ভাষাটো বিপৰ্যয়ৰ ফালে গতি কৰিছে ৷ যতি চিহ্নবোৰো ব্যাকৰণৰ দিশৰ পৰা আতি গুৰুত্বপূৰ্ণ ৷ এইক্ষেত্ৰত ল’ৰা-ছোৱালীবোৰক সৰুৰে পৰা দক্ষ কৰি তোলাত অভিভাৱক আৰু শিক্ষক সকল সচেতন হোৱাৰ প্ৰয়োজন আছে ৷"
তেওঁ লগতে কয়,"ল’ৰা-ছোৱালীবোৰক ডাঙৰকৈ পঢ়িবলৈ দিয়া উচিত ৷ ইয়াৰ ফলত উচ্চাৰণ শুদ্ধ হোৱাৰ উপৰি স্মৃতি শক্তি উন্নত হয় ৷ শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ যিদৰে শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন, সেইদৰে সুস্থ-সতেজ মানসিক বিকাশৰ বাবে গ্ৰন্থ অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজনীয় ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক প্ৰশান্তি লাভ কৰাৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ সকলোৱে পঠন অভ্যাস গঢ়ি তুলিব পাৰিলে ভাল ৷ গ্ৰন্থ আন্দোলনৰ সৈতে এই সকলোবোৰ বিষয় জড়িত হৈ আছে ৷ সেইবাবে পৃথিৱীৰ পৰা গ্ৰন্থ শেষ হৈ নাযায় ৷"
এই বিশেষ অনুষ্ঠানটিত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰি পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষালে কয়,“গ্ৰন্থ হৈছে জ্ঞানৰ ভঁৰাল ৷ সভ্যতাৰ মাপকাঠি হিচাপে গ্ৰন্থই জ্ঞানৰ দিক্দৰ্শন কৰে ৷ পৃথিৱীৰ প্ৰতিটো সভ্যতাৰ ভেটি নিৰ্মাণত গ্ৰন্থৰ মহৎ অৱদান আছে ৷ দৰাচলতে গ্ৰন্থ হৈছে সমাজ-সভ্যতাৰ প্ৰকৃত পোহৰ ৷”
অসমত চৰকাৰী উদ্যোগত গ্ৰন্থ আন্দোলনে সুন্দৰ গতি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয়,"গ্ৰন্থমেলা তীৰ্থস্থান সদৃশ ৷ গ্ৰন্থমেলাত যোগদান কৰাসকল একো একোজন তীৰ্থযাত্ৰী ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতি বছৰে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি দেশৰ ভিতৰতে অনন্য নিদৰ্শন দেখুৱাইছে ৷ পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাত গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ৷"
সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই ভাষণ প্ৰসংগত কয়,"লখিমপুৰত অসম গ্ৰন্থমেলাৰ আয়োজন আমাৰ বাবে পৰম আনন্দৰ বতৰা ৷ ইয়াৰ ফলত বৃহত্তৰ লখিমপুৰ অঞ্চলৰ শিক্ষাৰ্থীসকল, শিক্ষাগুৰুসকল তথা সামগ্ৰিকভাৱে বৌদ্ধিক সমাজখন উপকৃত হ’ব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি অসমৰ জ্ঞান চৰ্চাৰ পৰিৱেশটো সুন্দৰকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৷"
বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ অৰূপজ্যোতি চৌধুৰীয়ে কয়,"কিতাপত আখৰ আৰু ছবি থাকে ৷ এই আখৰ আৰু ছবিবোৰ জোনাকী পৰুৱা, যিয়ে পৃথিৱীখন ধুনীয়া কৰি ৰাখে ৷ কিতাপ হৈছে সভ্যতাৰ বাহক ৷ নিজৰ ঘৰতে বহি পৃথিৱীখনক পাত পাতকৈ চাব পাৰি কিতাপৰ জৰিয়তে ৷ সেইবাবে কিতাপৰ সংগই প্ৰকৃত সংগ ৷ অভিভাৱকসকলে, শিক্ষক সমাজে আমাৰ ল’ৰা-ছোৱালীহঁতৰ মনত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ দায়িত্বশীলতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷"
আন এগৰাকী বিশিষ্ট অতিথি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড৹ বিভাস চৌধুৰীয়ে কয়,"অসমত গ্ৰন্থ আন্দোলনটোৱে নতুন ৰূপত প্ৰাণ পাই উঠিছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ জন্মাটো অতি ভাল লগা কথা ৷ গ্ৰন্থৰ জৰিয়তে মানুহে জ্ঞানৰ জগতত বিচৰণ কৰিব পাৰে ৷ আজিকালি ই-বুক পঢ়িবও পাৰি ৷ কিন্তু কিতাপ পঢ়াৰ যি সু-সংস্কৃতি, পুথিভঁৰাললৈ যোৱাৰ যি অভ্যাস সেয়া ই-বুকে গঢ়ি তুলিব নোৱাৰে ৷ সেয়ে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ ৰচনা কৰি এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব ৷ অসম গ্ৰন্থমেলাই এইক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াইছে ৷"
উদ্বোধনী সভাত আদৰণি ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়,"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈসকলক উৎসাহিত কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷"
শংকৰদেৱ শিশু বিদ্যা নিকেতন, উত্তৰ লখিমপুৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ এটি গুৰুবন্দনাৰে আৰম্ভ হোৱা উদ্বোধনী সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ অসম সংগীত পৰিৱেশনেৰে উদ্বোধনী সভাখনৰ সামৰণি মৰা হয় ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, লখিমপুৰৰ প্ৰথম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ইয়াৰ ভেলী ভিউ স্কুল আৰু পি এম শ্ৰী লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷

