ETV Bharat / state

যেতিয়ালৈকে কৃষকসকল আত্মনিৰ্ভৰ হব নোৱাৰে তেতিয়ালৈ অসম আত্মনিৰ্ভৰ হব নোৱাৰিব: ৰণজিৎ কুমাৰ দাস

পূৰ্বৰ ১২৫০ টকা মূল্যৰ বিপৰীতে ৰাজ্যত এতিয়া প্ৰতি কুইণ্টল ধানৰ ন্য়ূনতম মূল্য ২৩০০ টকা ।

Minister Ranjeet Kumar Dass
কৃষক সমাৰোহত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 8:25 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : ৰাজ্যত এতিয়া প্ৰতি কুইণ্টল ধানৰ ন্য়ূনতম মূল্য ২৩০০ টকা । সমৰ্থন মূল্যৰ সৈতে ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধানত কৃষকক পুনৰ ২৫০ টকাৰ ৰাজসাহাৰ্য আগবঢ়াইছে । ফলত অসমত এতিয়া প্ৰতি কুইণ্টল ধান ২৫৫০ টকা মূল্যত বিক্ৰী কৰিছে কৃষকে । ফলত কৃষকৰ উন্নতি হোৱা বুলি মন্তব্য় কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক সজাগতা সভাত জিলাখনৰ প্ৰায় দুশগৰাকী কৃষকে অংশগ্ৰহণ কৰে । এই সভাত কৃষকসকলক সমল ব্যক্তিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কৃষিকেন্দ্ৰিক আঁচনিবোৰৰ বিষয়ে অৱগত কৰাৰ লগতে সেইবোৰৰ পৰা দুখীয়া কৃষকসকল কিদৰে উপকৃত হ'ব পাৰে তাৰ বাখ্যা আগবঢ়াই ।

বৰপেটাত কৃষক সমাৰোহত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

কৃষক সমাৰোহত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৃষক আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয়, "যেতিয়ালৈকে কৃষকসকল আত্মনিৰ্ভৰ হ'ব নোৱাৰে তেতিয়ালৈ অসম আত্মনিৰ্ভৰ হব নোৱাৰিব ।"

আজি বৰপেটাত অনুষ্ঠিত কৃষক সভাত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ধান আৰু সৰিয়হৰ সমৰ্থন মূল্য নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰে । পূৰ্বতে কৃষকসকলে কৃষিজাত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা নাছিল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা ন্য়ূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভৰ জৰিয়তে কৃষকক উচিত মূল্য প্ৰদান কৰি আহিছে । পূৰ্বৰ ১২৫০ টকা মূল্যৰ বিপৰীতে ৰাজ্যত এতিয়া প্ৰতি কুইণ্টল ধানৰ ন্য়ূনতম মূল্য ২৩০০ টকা । আনকি এই সমৰ্থন মূল্যৰ সৈতে ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধানত কৃষকক পুনৰ ২৫০ টকাৰ ৰাজসাহাৰ্য আগবঢ়াইছে । ফলত অসমত এতিয়া প্ৰতি কুইণ্টল ধান ২৫৫০ টকা মূল্যত বিক্ৰী কৰিছে কৃষকে । সৰিয়হৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে অনুৰূপ ব্যৱস্থা । সম্প্ৰতি কৃষকৰ পৰা চৰকাৰে প্ৰতি কুইণ্টল সৰিয়হ ৬৪৫০ টকা মূল্যত ক্ৰয় কৰে ।"

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি বৰপেটা জিলা পুথিভঁৰালত জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষক মৰ্চাৰ সহযোগত অনুষ্ঠিত হয় কৃষক সজাগতা সমাৰোহ । প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান আঁচনিৰ পৰা যাতে প্ৰকৃত কৃষকসকলক উপকৃত কৰিব পাৰি সেই বিষয়ৰ প্ৰতি লক্ষ্য কৰি অনুষ্ঠিত কৰা হৈছে এই কৃষক সজাগতা সমাৰোহ । এই সমাৰোহত কৃষকসকলক উপকৃত কৰিব পৰা বিভিন্ন আঁচনি সম্পৰ্কত আলোচনা কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় অনুষ্ঠিত হয় ।

ইপিনে, চৰকাৰী আঁচনিৰ প্ৰত্যক্ষ লাভ কৃষকসকলে যাব পৰাকৈ আজি সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয় । এই অনুষ্ঠানত কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰণজিৎ ভট্টাচাৰ্য, বৰপেটা জিলা উন্নয়ন বিভাগৰ অধ্যক্ষ অনিল কুমাৰ দাস, বিজেপিৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাস আদিও উপস্থিত থাকে ।

লগতে পঢ়ক:মোক দিয়ক, মই কৰি দেখুৱাম... ! প্ৰফুল্ল শইকীয়াই জেদটো ৰাখিলে

পলিথিনৰ ঘৰত আধুনিক পদ্ধতিৰে খেতি কৰি কেনেকৈ হ’ব লাভাৱান্বিত ?