ETV Bharat / state

ডিমৰীয়াৰ পথাৰত নামিল কৃষিমন্ত্ৰী পীযুষ হাজৰীকা

শীঘ্ৰে কৃষকৰ সমস্যা সমাধানৰ আশ্বাস ৷

Minister Pijush Hazarika
ডিমৰীয়াৰ কৃষি পথাৰত কৃষিমন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 5:42 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: শুকুৰবাৰে পথাৰত নামিল কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকা ৷ কৃষিখণ্ডৰ সৰ্বাংগীণ উন্নয়ন আৰু কৃষকসকলৰ সমস্যাৰ বুজ ল’বলৈ এইবাৰ পোনপটীয়াকৈ পথাৰত নামিল মন্ত্ৰীগৰাকী ৷ শুকুৰবাৰে ডিমৰীয়া সমষ্টিৰ মালয়বাৰীৰ কৃষি পথাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ।

বিশেষকৈ পথাৰত জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে কৃষিক্ষেত্ৰলৈ পানীৰ যোগান সঠিকভাৱে হৈ আছে নে নাই, লগতে কৃষকে মত বিনিময়ো কৰে মন্ত্ৰীগৰাকীয়ে ৷

ডিমৰীয়াৰ কৃষি পথাৰত কৃষিমন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

মন্ত্ৰী হাজৰীকাই কয়,"মই দায়িত্ব পালনত কোনো যত্নৰ ত্ৰুটি নকৰো । অত্যন্ত কষ্ট কৰিবলৈ মই সাজু আছো । মই নিজেই ফিল্ডলৈ যাম, কৃষকৰ অভাৱ-অভিযোগবোৰ বুজিম, জানিম আৰু কাম কৰিম । এই বিভাগ দুটা পূৰ্বতেও ভালদৰেই চলি আছিল, মই ইয়াক অধিক জনমুখী কৰিবলৈ চেষ্টা কৰিম ৷ সমস্যা বহুত আছে সেয়ে ক্ৰমান্বয়ে সমাধান কৰা হ'ব ৷"

তেওঁ লগতে কয়,"এইবাৰ চৰকাৰ কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু জলসিঞ্চন ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব ৷ কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধি কৰা আৰু কৃষকসকলক অধিক আধুনিক সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷ কৃষকৰ শস্যৰ উচিত মূল্য আৰু মজুত কৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ব্যস্থা লোৱা হ'ব ৷ আগন্তুক দিনত পথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা প্ৰদানৰ বাবে কাম কৰা হ'ব ৷"

বিধায়ক ডঃ তপন দাসে কয়, "ডিমৰীয়াৰ মালয়বাৰীৰ কৃষি পথাৰত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ কৃষকৰ সৈতে ভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰিলে ৷ শীঘ্ৰে ৰাজ্যত কৃষি বিপ্লবৰ বাবে কাম কৰাৰ সংকল্প লৈছে ৷ কৃষকৰ মৌলিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হ'ব বুলি মন্ত্ৰীয়ে ঘোষণা কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে নিজে পথাৰত উপস্থিত হৈ কৃষকৰ অভাৱ-অভিযোগ শুনা কাৰ্যই স্থানীয় কৃষক সমাজক যথেষ্ট আশাবাদী কৰি তুলিছে আৰু ইয়াৰ দ্বাৰা অঞ্চলটোৰ কৃষকসকল অনাগত দিনত যথেষ্ট উপকৃত হ’ব ৷"

লগতে পঢ়ক:টুলুঙা নাৱেৰে বেঁকী নৈৰ সুঁতি পাৰাপাৰ শিক্ষাৰ্থীৰ