ETV Bharat / state

ৰাজ্যত জল জীৱন মিছনৰ ৪,১৮৫ খন আঁচনি বিকল : সদনত জনস্বাস্থ্য কাৰিকৰী মন্ত্রী কৃষ্ণেন্দু পালৰ তথ্য

বাকী ৭,৫২১ খন আঁচনি নির্মীয়মাণ অৱস্থাত আছে ৷ ১৪৮ খন আঁচনিৰ কাম আৰম্ভ হোৱা নাই আৰু ২৭৬ খন আঁচনি তিনিমাহৰ প্ৰাকঃপৰীক্ষা ব্যৱস্থাৰ অধীনত আছে ।

JAL JEEVAN MISSION
মন্ত্রী কৃষ্ণেন্দু পাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 10:31 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ঘৰে ঘৰে পাইপযোগে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে গ্ৰহণ কৰা অভিলাসী জল জীৱন মিছন আঁচনিৰ অধীনত ৰাজ্যত মুঠ ২৭,৫৩০ খন আঁচনি আছে । ইয়াৰে ভিতৰত ১৫,৪০০ খন আঁচনি কার্যক্ষম হৈ আছে যদিও ৪,১৮৫ খন আঁচনি বিকল হৈ আছে । মঙলবাৰে বিধানসভাৰ মজিয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালে এই তথ্য সদৰী কৰে ।

ষষ্ঠদশ অসম বিধানসভাৰ মঙলবাৰে দ্বিতীয় দিনা প্ৰশ্নোত্তৰ কালত জলস্বাস্থ্য কাৰিকৰী বিভাগৰ আলোচনাত বিধায়ক তাঞ্জিল হুছেইন, জাকিৰ হুছেইন শিকদাৰ, আবুল কালাম ৰছিদ আলমে উত্থাপন কৰা পৃথক পৃথক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী কৃষ্ণেন্দু পালে এই তথ্য দাঙি ধৰে ।

মন্ত্রীগৰাকীয়ে কয়, ‘‘বাকী ৭,৫২১ খন আঁচনি নির্মীয়মাণ অৱস্থাত আছে ৷ ১৪৮ খন আঁচনিৰ কাম আৰম্ভ হোৱা নাই আৰু ২৭৬ খন আঁচনি তিনিমাহৰ প্ৰাকঃপৰীক্ষা ব্যৱস্থাৰ অধীনত আছে । বিকল হৈ থকা আঁচনিৰ ভিতৰত সাধাৰণ এলেকাৰ অধীনত ২,৮৩৩ খন আঁচনি আছে আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ অধীনত ১,৩৫২ খন আঁচনি আছে । বিকল আঁচনিসমূহ পুনৰ সক্ৰিয় কৰিবলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ১৫ সংখ্যক বিত্ত আয়োগৰ পুঁজি ব্যৱহাৰৰ বাবে কেবিনেটে অনুমোদন জনাইছে । সেই অনুসৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বাবে থকা আর্থিক সীমা অনুসৰি পুঁজি দি মেৰামতিৰ কাম নিয়মীয়াকৈ কৰা হৈ আছে ।’’

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘জনস্বাস্থ্য কাৰিকৰী বিভাগ, নগাঁও সংমণ্ডলৰ অন্তৰ্গত ৫৮ নং চামগুৰি সমষ্টিত জল জীৱন মিছনৰ মুঠ ৮০ খন আঁচনি আছে । ইয়াৰে ভিতৰত ৪৭ খন আঁচনিৰ কাম সম্পূৰ্ণ আৰু হস্তান্তৰ কৰা হৈছে আৰু ৩৩ খন আঁচনিৰ কাম চলি আছে । সম্পূর্ণ হৈ যোৱা আঁচনিৰ ভিতৰত ৩৮ খন আঁচনি কাৰ্যক্ষম হৈ আছে আৰু ৯ খন বিকল হৈ আছে । পানী যোগানৰ লগত জড়িত জলমিত্রসকলক পানী উপভোক্তা সমিতিয়ে নিযুক্তি দিয়ে । জলমিত্ৰসকলৰ নিযুক্তি যিহেতু স্বেচ্ছামূলক সেয়েহে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ নিযুক্তিৰ বিষয়ে বিবেচনা কৰা হোৱা নাই । অৱশ্যে তেওঁলোকৰ মাহিলী পাৰিশ্ৰমিক এহাজাৰ টকা বৃদ্ধি কৰি ৬,৫০০ পৰা মুঠ ৭,৫০০ টকা কৰা হৈছে ।’’

আনহাতে, বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ আন এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, ‘‘২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে জল জীৱন মিছন ২.০ৰ অধীনত ভাৰত চৰকাৰে অসমলৈ ৭,৬৪৩.২২ কোটি টকা আবণ্টন কৰিছে ।’’

আবণ্টিত ধনৰ ব্যৱহাৰ সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয়, ‘‘একক গাঁও আঁচনিৰ কামৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে ৬৯২.২৪ কোটি টকা মুকলি কৰিছে । এই সমগ্র ধন যোগ্য দাবীৰ বিপৰীতে সংশ্লিষ্ট ঠিকাদাৰসকলক বিতৰণ কৰা হৈছে । পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰাৰ বাবে ভাৰত চৰকাৰলৈ ইতিমধ্যে প্রস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান সেইটো মন্ত্রালয় পর্যায়ত বিবেচনাধীন অৱস্থাত আছে । ধন লাভ হোৱাৰ লগে লগে কোনো বিলম্ব নকৰাকৈ সেই ধন ঠিকাদাৰসকলক মুকলি কৰি দিয়া হ'ব । আনহাতে বহুগাঁও আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য পুনৰ পৰিশোধ (Reimbursement) ব্যৱস্থাৰ অধীনত ৰাজ্য চৰকাৰে প্রথমে ব্যয় বহন কৰিব লাগিব । ইয়াৰ পিছত যোগ্য ঠিকাদাৰসকলৰ বিল দাখিল কৰাৰ ভিত্তিত ভাৰত চৰকাৰে সেই ব্যয় পুনৰ পৰিশোধ কৰিব । এই পুনৰ পৰিশোধ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে মুখ্য অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসমৰ কাৰ্যালয়ে ইতিমধ্যে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে । সেইদৰে ৰেট্ৰ'ফিটিং আঁচনিত বৰ্তমানৰ আবণ্টনৰ অধীনত ৰেট্ৰ'ফিটিং আঁচনিৰ বাবে ভাৰত চৰকাৰে কোনো আর্থিক ব্যৱস্থা ৰখা নাই । সেয়েহে যদি এনে কাম হাতত লোৱা হয়, তেন্তে ৰাজ্য চৰকাৰে নিজা আৰ্থিক সম্পদৰ পৰা সেইবোৰ ৰূপায়ণ কৰাৰ বিষয়টো বিবেচনা কৰিব পাৰে ।’’

ইফালে বিধায়ক আবুল কালাম ৰচিদ আলমৰ আন এক প্ৰশ্নৰ উত্তৰ দি মন্ত্রীগৰাকীয়ে কয়, ‘‘অসমৰ বিভিন্ন জিলাত বর্তমান জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা ১৫,৪০০ টা আঁচনি(PWSS) কাৰ্যক্ষম হৈ আছে আৰু ৪,১৮৫ টা বিকল হৈ আছে । বন্ধ হৈ থকা ৪,১৮৫ খন আঁচনিৰ ভিতৰত সাধাৰণ এলেকাৰ অধীনত ২,৮৩৩ খন আঁচনি আৰু ষষ্ঠ অনুসূচীৰ এলেকাৰ অধীনত ১,৩৫২ খন আঁচনি আছে । অসমত চলি থকা জেজেএম আঁচনিৰ কামসমূহৰ ১৯,৮৫৯ টা সম্পূর্ণ হৈছে আৰু ৭,৬৭১ টা বাকী আছে ৷ এই আঁচনিসমূহৰ ২৬,৪০১ টাৰ ঠিকাদাৰক ধন পৰিশোধ কৰা হৈছে আৰু ৯৭৯ টা বাকী আছে । কেন্দ্রীয় চৰকাৰৰ অনুমোদিত ধন পোৱাৰ ওপৰত ভিত্তি কৰি পৰ্যায় ক্রমে ঠিকাদাৰৰ পাবলগীয়া ধন পৰিশোধ কৰা হ'ব ।’’

মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘বর্তমান অসমত ৪২,২১৭ খন শিক্ষানুষ্ঠান আৰু ৩৩,৯৮৮ খন অংগনবাড়ী কেন্দ্রত জল জীৱন মিছনৰ অধীনত পানী যোগানৰ ব্যৱস্থা কৰা হৈছে আৰু ২,৩১৩ খন শিক্ষানুষ্ঠান আৰু ৩,৫৩১ খন অংগনবাড়ী কেন্দ্ৰ বাকী আছে । এইসমূহত পানী যোগানৰ ব্যৱস্থা ২০২৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ।’’

লগতে পঢ়ক: ৬৪ বছৰে বোজা কঢ়িওৱা ঐতিহাসিক শৰাইঘাট এতিয়া ক্লান্ত : দুমাহলৈ জিৰণি