গুৱাহাটীৰ গ্ৰীণ বাছক নাকী লগাব পৰিবহন বিভাগে: এক্সন মুডত মন্ত্ৰী বড়ো
গ্ৰীণ বাছত চফৰ কৰিলে পৰিবহন মন্ত্ৰী চৰণ বড়োৱে ৷ কঠোৰ হ'ব পৰিবহন বিভাগ ৷

Published : May 29, 2026 at 9:00 PM IST
গুৱাহাটী: বহু সময়ত চিটী বাছৰ বাবে গুৱাহাটী মহানগৰীত ব্যাপত যান-জঁটৰ সৃষ্টি হয় বুলি বহুতে অভিযোগ কৰে ৷ সেয়ে চিটী বাছ তথা গ্ৰীণ বাছৰ দৌৰাত্ম ৰোধৰ বাবে এইবাৰ এক্সন মুডত পৰিৱহন মন্ত্ৰী চৰণ বড়ো ৷ মহানগৰীত গ্ৰীণ বাছৰ দৌৰাত্ম আৰু গ্ৰীণ বাছৰ বাবে উদ্ভৱ হোৱা যান-জঁটৰ সমস্যাৰ সন্দৰ্ভত বুজ লবলৈ ফিল্ডত নামিল মন্ত্ৰী বড়ো ৷
শুকুৰবাৰে গ্ৰীণ বাছত গণেশগুৰিৰ পৰা খানাপাৰালৈ চফৰ কৰিলে পৰিবহন মন্ত্ৰীগৰাকীয়ে । যাত্ৰী আৰু চালকৰ পৰা বুজ ল'লে পৰিবহন ব্যৱস্থাৰ । মন্ত্ৰী বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, "যাত্ৰীৰ আপত্তি আছিল মহানগৰীত গ্ৰীণ বাছে বহু যান-জঁটৰ সৃষ্টি কৰিছে । একেলগে ৫-৬ খন গাড়ী পাৰ্কিং কৰে । তেতিয়া বাকী গাড়ীবোৰ অহা যোৱাত অসুবিধা হয় । সেই আপত্তিবোৰ শুনাৰ পিছত মই কথা দিছিলো যে সমস্যাটোৰ সমাধান কৰাৰ ৷"
তেওঁ লগতে কয়," গুৱাহাটীত যিখিনি গ্ৰীণ বাছ চলে সেইখিন যিহেতু আমাৰ চৰকাৰী বাছ সেয়ে আমি ঠিক কৰিব লাগিব ৷ অধিক সময় বাছ আস্থানবোৰত ৰাখে । অভাৰটেক কৰি যাব বিচাৰে। সেয়েহে কেনেকৈ নিয়াৰিকৈ বাছবোৰ চলাব পাৰো তাক চাব আহিছো ৷ যান-বাহন চলাচলৰ নিয়মবোৰ সকলোৱে মানিব লাগিব । চিটীবাছ বা গ্ৰীণ বাছে মাত্ৰ ১০ জন যাত্ৰীকহে থিয় কৰাই নিব পাৰিব । স্মাৰ্ট মেনেজমেণ্টৰ জৰিয়তে চলাবলৈ চেষ্টা কৰিম ৷"
সেয়ে গুৱাহাটীৰ ৰাজপথত বাহন চলাওঁতে সকলো নিয়ম-নীতি মানি চলিব লাগিব । নহ'লে জৰিমনা ভৰিব লাগিব ৷ প্ৰতিটো দিনে ৰাজপথত থাকিব পৰিবহণ বিভাগৰ অভিযানকাৰী দল । আনহাতে গ্ৰীণ বাছকো নাকী লগোৱা হ'ব বুলি ঘোষণা কৰে পৰিবহন মন্ত্ৰী চৰণ বড়োৱে ।
লগতে পঢ়ক:প্ৰাক্তন মন্ত্রী নীলমণি সেনডেকাৰ নিলম্বন প্ৰত্যাহাৰ

