ETV Bharat / state

লাভ জেহাদৰ দৰে ঘটনাক চৰকাৰে সহজভাবে নলয় : নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য

বিধায়ক পাটোৱাৰীয়ে পৰিয়ালটোৰ দুখৰ দিনৰ সমভাগী হোৱাৰ লগতে এনে অনাকাংক্ষিত ঘটনাত শোকপ্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে ৷

LOVE JIHAD IN NALBARI
মৃদুমুদ্ৰা ডেকাৰ পিতৃৰ সৈতে বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 11:50 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: প্ৰায় এমাহ তিনিদিন ধৰি চিকিৎসালয়ৰ বিচনাত চটফটাই থকা মৃদুমুদ্ৰা ডেকাই অৱশেষত আঁকোৱালি ল’লে মৃত্যুক ৷ গংগাপুৰ কাণ্ডত প্ৰাণ হেৰুওৱা মৃদুমুদ্ৰাৰ ঘৰত দেওবাৰে উপস্থিত হয় টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ৷ বিধায়ক পাটোৱাৰীয়ে পৰিয়ালটোৰ দুখৰ দিনৰ সমভাগী হোৱাৰ লগতে এনে অনাকাংক্ষিত ঘটনাত শোকপ্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰে ৷

বিধায়ক পাটোৱাৰীয়ে লাভ জেহাদ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে লাভ জেহাদক সহজভাবে নলয় ৷ যাৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্য়াহত ৰাখিছে ৷

লাভ জেহাদ সম্পৰ্কে বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য (ETV Bharat Assam)

বিধায়কগৰাকীয়ে কয়, ‘‘চৰকাৰে এনেকুৱা ঘটনাক সহজভাবে নলয় ৷ এই ঘটনাই শেষ ঘটনা হওঁক ৷’’ তদুপৰি সমাজত শান্তি-শৃংখলা অটুত ৰাখিবলৈ বিধায়কগৰাকীয়ে সকলোকে আহ্বান জনায় । এনবোৰ ঘটনাৰ বাবে ইতিমধ্যে চৰকাৰে কঠোৰভাৱে স্থিতি গ্ৰহণ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে ৷ যদিহে কোনোবাই এনে ধৰণৰ ঘটনা সম্পৰ্কে মুকলিকৈ অভিযোগ দাখিল কৰে, তেন্তে তেনে অৱস্থাত চৰকাৰে তাৎক্ষণিকভাবে ব্যৱস্থা লোৱাৰ কথাও বিধায়ক পাটোৱাৰীয়ে সদৰী কৰে ।

আনহাতে, মাধুৰ্য আৰু মৃদুমুদ্ৰাৰ দৰে ভাতৃ-ভগ্নীৰ জীৱন অকালতে শেষ হৈ যোৱা গংগাপুৰ কাণ্ডক লৈ আজিও স্থানীয় ৰাইজ শংকিত হৈ আছে ৷ এই শংকা ৰোধ কৰিবলৈ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে উক্ত অঞ্চলত আৰক্ষীৰ পেট্ৰ’লিং ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷ তেওঁ টেলিফোনযোগে জিলা আৰক্ষী অধীক্ষকক যোগাযোগ কৰি দেওবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উক্ত স্থানত পেট্ৰলিঙৰ ব্যৱস্থা কৰাৰ বাবে অৱগত কৰে ৷

তদুপৰি এই ঘটনাৰ সুযোগতে যাতে সমাজত বিষবাস্প বিয়পাব পৰা কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি নজৰ ৰাখিবলৈ তেওঁ স্থানীয় ৰাইজক আহ্বান জনায় ৷

ইয়াৰোপৰি উক্ত ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ কথাও বিধায়কগৰাকীয়ে স্থানীয় ৰাইজক অৱগত কৰে ৷ অৱশ্যে উচিত তদন্তৰ খাতিৰতে প্ৰশাসনে কোনো কথা ৰাজহুৱা কৰা নাই বুলি বিধায়ক পাটোৱাৰীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: চুৰি-ডকাইতি, আক্ৰমণ আদি যি কোনো ঘটনাৰ বাবে মানুহে ১১২ নম্বৰত ডায়েল কৰিব পাৰিব : জনতাৰ সুৰক্ষাৰ বাবে কেবিনেটৰ সিদ্ধান্ত