অসম-নাগালেণ্ড সীমা সমস্যা আদালতৰ বিচৰাধীন, মুখ্যমন্ত্ৰী পৰ্যায়ত সমাধানৰ বাবে আলোচনা হৈছে: অতুল বৰা
সামৰণি পৰিল চতুৰ্থ সংখ্যক 'পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ'ৰ । মন্ত্ৰী অতুল বৰা হ'ল অন্তিম দিনাৰ অতিথি ।

Published : January 25, 2026 at 7:38 PM IST
যোৰহাট: "অসম-নাগালেণ্ড সীমাৰ সমস্যা তেতিয়াই সমাধান এটা বাট মুকলি কৰিব পাৰিলেহেতেন যেতিয়া কংগ্ৰেছ দিল্লীত ক্ষমতাত আছিল আৰু ৰাজ্যবোৰতো শাসনত আছিল । কংগ্ৰেছৰ সময়তেই অসমৰ পৰাই কেইবাখনো জিলা আঁতৰি গৈ সুকীয়া ৰাজ্য হৈছিল । সেই সময়তেই সমস্যা সমাধান কৰিব লাগিছিল যাতে ভৱিষ্যতে হাই-কাজিয়া নহয় ।"
এই মন্তব্য সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ । অসম-নাগালেণ্ড সীমান্তৰ তিতাবৰ বান্দৰচলিয়াৰ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত উপস্থিত হৈ অসম-নাগালেণ্ড সীমা সমস্যাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মন্ত্ৰী বৰাই ।
তেওঁ এই সন্দৰ্ভত আৰু কয়, "আমিও আলাপ-আলোচনাৰ মাজেৰে সীমান্তৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছো । বৰ্তমান অসম-নাগালেণ্ডৰ বিষয়টো আদালতৰ বিচাৰাধীন আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত সমাধানৰ বাবে আলোচনা হৈ আছে । অৰুণাচল আৰু মেঘালয়ৰ লগত হোৱা মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰাত যথেষ্ট আগবাঢ়ি গৈছে ।"

লগতে মন্ত্ৰীগৰাকীয়ে 'সংস্কৃতিয়ে গঢ়ে আৰু ৰাজনীতিয়ে ভাঙে' বুলি উল্লেখ কৰি আচলতে ৰাজনৈতিক দলসমূহে নিজৰ মুনাফা আদায় কৰিবলৈ বিভিন্ন সময়ত কিছুমান নতুন নতুন ইছ্যু সৃষ্টি কৰে বুলি তেওঁ মন্তব্য কৰে । ছাত্ৰ সন্থাৰ দিনৰে পৰা এনে ঘটনা বহুত দেখিছোঁ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে 'পাদদেশীয় সমন্বয় মঞ্চ'ৰ উদ্যোগত আৰু 'উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চ'ৰ সহযোগত অনুষ্ঠিত হোৱা 'চতুৰ্থ সংখ্যক পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ'ত থানদাম ভিক্টৰৰ পৰিচালনা আৰু পৰিকল্পনাৰে ইম্ফলৰ অশোকা থিয়েটাৰে 'এছে', গুৱাহাটী সোণাপুৰৰ দেঙৰালি ক্ৰিয়েশ্যন হাবৰ 'কৰ্দৈশিৰীয়া পাহাৰৰ সাধু', নাগালেণ্ডৰ জৌ থিয়েটাৰ ডিমাপুৰ নাট্য দলে 'দ্য ট্ৰেজেডি অফ লান্স পেক', বিনয় শইকীয়াৰ 'চেলফি' আৰু দেৱজিত ৰাজখোৱাৰ 'আকাশ চুবৰ মন' আদি নাট মঞ্চস্থ কৰা হয় ।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰৰ বান্দৰচলিয়া আৰু নাগালেণ্ডৰ চাংপাঙৰ আগহাট্টিতু মিলনস্থলী পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ এক মুকলি মঞ্চত বৃহস্পতিবাৰৰ পৰা তিনিদিয়াকৈ অনুষ্ঠিত হোৱা 'পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০২৬' ৰ শনিবাৰে নিশা সফল সমাপ্তি ঘটে ।
উদ্দেশ্য অসম-নাগালেণ্ড সীমান্তত সমন্বয়ৰ এনাজৰীৰে সাতামপুৰুষীয়া সম্প্ৰীতি গঢ়াৰ লক্ষ্যৰে তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট মহোৎসৱত ভৈয়াম আৰু পাহাৰৰ ৰাইজৰ সঁহাৰি আছিল উল্লেখনীয় আৰু এই নাট্যযাত্ৰাই এক সুস্থ আৰু সংঘাতমুক্ত সীমান্তৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে উদ্যোক্তাসকলে ।

