দেশী-বিদেশী পক্ষীৰ কলৰৱে মুখৰিত কৰি তুলিছে ৰৌমাৰী বিল
শীতৰ আগমনে সোণত সুৱগা চৰাইছে অসমৰ জলাশয়ৰ । ভৰি পৰিছে দেশী-বিদেশী পক্ষী ৷ এক বিশেষ প্ৰতিবেদন ।

Published : December 7, 2025 at 12:58 PM IST
বঙাইগাঁও: শীতৰ আগমন, চৌদিশে কুঁৱলীৰ আচ্ছাদন, খাল-বিল-জলাশয়ত এতিয়া শুনা যায় বিভিন্ন পক্ষীৰ কলৰৱ । এই সময়ছোৱাত অনন্যৰূপত জিলিকি উঠে অসমৰ বিভিন্ন প্ৰান্ত । ব্যতিক্ৰম নহয় বঙাইগাঁও । প্ৰাকৃতিক সমলৰে চহকী বঙাইগাঁও জিলা ৷ শীতৰ আগমনৰ লগে লগে পৰ্যটকৰ সমান্তৰালভাৱে বঙাইগাঁও জিলালৈ আগমন ঘটিছে দেশী-বিদেশী অগণন পৰিভ্ৰমী চৰাইৰো ।
জিলাখনৰ তামৰঙা, দলনী, কয়াকুঁজিয়া আৰু ৰৌমাৰী বিল এতিয়া জাক জাক পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে । বঙাইগাঁও জিলাৰ তামৰঙা, দলনী, কয়াকুঁজিয়া বিলৰ উপৰিও যোগীঘোপাৰ মালেগড় গাঁৱৰ সমীপত অৱস্থিত নিস্তব্ধ আৰু পৰিৱেশগতভাৱে অতি প্ৰয়োজনীয় ব্ৰহ্মপুত্ৰ নৈৰ সমতল হ্ৰদ ৰৌমাৰী বিল । শেহতীয়াকৈ দেশী-বিদেশী পৰিভ্ৰমী চৰাই আহিছে মালেগড়ৰ ৰৌমাৰী বিললৈ ।
প্ৰায় ২৯ টা প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাইৰ প্ৰজাতি পৰিলক্ষিত হৈছে যোগীঘোপাৰ মালেগড় গাঁৱৰ গাতে লাগি থকা ৰৌমাৰী বিলত । ইয়াৰোপৰি কেইবাটাও স্থানীয় প্ৰজাতিৰ পৰিভ্ৰমী চৰাইও আহিছে এই বিললৈ । ৰৌমাৰী বিলৰ মাছ সোৱাদৰ বাবে বিখ্যাত । আচলতে সোৱাদৰ কাৰণ হ'ল বিলখনত থকা বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদৰ আধিক্য । বিশেষকৈ হাইদ্ৰিলা নামৰ এবিধ জলজ উদ্ভিদ পৰ্যাপ্ত পৰিমাণে উপলব্ধ এই বিলখনত । সেয়ে চৰাইৰো উপস্থিতি মন কৰিবলগীয়া ।

প্ৰায় ৭০ হেক্টৰ ভূমিত বিস্তৃত এই সুন্দৰ জলাশয়টো হৈছে এক ক্লাছিক বেচিন আকৃতিৰ বিল, যি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংযুক্ত হৈ আছে । এই গতিশীল সংযোগে ইয়াৰ চৰিত্ৰ গঢ় দিয়ে । বিশেষকৈ বাৰিষাৰ বানে ইয়াত পানী আৰু পুষ্টিকৰ উপাদানৰে ভৰাই দিয়ে আৰু এক সমৃদ্ধিশালী, নিত্য পৰিৱৰ্তিত জলজ পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰে ।

জৈৱ বৈচিত্ৰৰ বাবে ভেকুলীৰ এক ব্যস্ত বাসস্থান বিলৰ দাঁতিকাষৰীয়া অঞ্চল । ইয়াৰ পানীয়ে বিভিন্ন ধৰণৰ স্থানীয় প্ৰজাতিৰ মাছৰ বৃদ্ধিত সহায় কৰে । যিবোৰ ওচৰৰ মৎস্যজীৱী সম্প্ৰদায়ৰ লোকৰ জীৱিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ । অৱশ্যে ৰৌমাৰী বিল পক্ষীপ্ৰেমী লোকৰ বাবে স্বৰ্গ হিচাপে বেছিকৈ পৰিচিত । অসংখ্য চৰাই-চিৰিকটিৰ ইয়াৰ বাসিন্দা আৰু পৰিভ্ৰমী চৰাইৰ বাবে এক গুৰুত্বপূৰ্ণ আশ্ৰয় হিচাপে বিবেচিত হৈছে ।

শীতকালত এই বিলখন ৰেড-ক্ৰেষ্টেড পচাৰ্ড, ফেৰুজিনাছ পচাৰ্ড, কমন টিল, লেছাৰ হুইছলিং ডাক, অৰিয়েণ্টেল ডাৰ্টাৰ, গ্ৰে-হেডেড লেপউইং আৰু গেডৱালৰ দৰে পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি কামচৰাই, পানী কাউৰী, শৰালি হাঁহ, শামুকভঙা, মাছৰোকা, হাড়গিলা ইত্যাদি মৎস্যজীৱী চৰাইৰো উত্তম বিচৰণস্থলী ৰৌমাৰী বিল ৷

এই চৰাইবোৰৰ দৃশ্য আৰু শব্দই প্ৰকৃতিপ্ৰেমী আৰু ফটোগ্ৰাফাৰসকলৰ বাবে এক দৰ্শনীয় গন্তব্যস্থান কৰি তুলিছে । পানীৰ বিশাল বিস্তৃতি, চাৰিওফালৰ ৰসাল গছ-গছনি আৰু শান্ত পৰিৱেশৰ সৈতে ৰৌমাৰী বিলে প্ৰকৃতিৰ মাজলৈ এক নিখুঁত পৰ্যটনৰ সুবিধা প্ৰদান কৰে ।
পৰিৱেশ সংৰক্ষণৰ বাবে ই এক উল্লেখযোগ্য স্থান হিচাপে থিয় দিছে ৷ পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা, স্থানীয় অৰ্থনীতিক সহায় কৰা, পক্ষী প্ৰব্ৰজন পথ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ জলাশয়ৰ গুৰুত্বপূৰ্ণ আলোকপাত কৰিছে ।

খেতিপথাৰ আৰু পথাৰত প্ৰয়োগ কৰা অত্যধিক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগে বিপদাপন্ন কৰি তুলিছে পক্ষীকুলক । জিলাখনৰ তামৰঙা বিল আৰু দলনী বিলৰ কেউদিশে একাংশ লোকে কৃষিকৰ্ম কৰি অহাৰ ফলত ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে বিলখনৰ পৰিসৰ । খেতিপথাৰত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্য তথা কীটনাশক দৰৱ প্ৰয়োগৰ ফলত বিলৰ পানী দূষিত হোৱাৰ ফলতো বিল দুখনত সম্প্ৰতি পৰিভ্ৰমী চৰাইৰ প্ৰব্ৰজন হ্ৰাস পোৱা বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে ।
জিলাখনলৈ শীতৰ আগমনৰ লগে লগে বৃদ্ধি পোৱা পৰিভ্ৰমী চৰাইৰ প্ৰব্ৰজন সন্দৰ্ভত অভয়াপুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ সহঃ অধ্যাপক তথা প্ৰকৃতিপ্ৰেমী সংগঠন 'আৰণ্যক'ৰ পশ্চিম অসম মণ্ডলৰ সমন্বয়ক অশোক কুমাৰ দাসে এক অধ্যয়ন আৰু সমীক্ষাত্মক বিশ্লেষণ কৰে ইটিভি ভাৰতৰ সৈতে ।

তেখেতে কয়, "বিগত কিছুবছৰ ধৰি আৰণ্যকৰ সৈতে জড়িত থকাৰ সুবাদতে বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত চৰাই নিৰীক্ষণ কৰিছো আৰু আমাৰ সকলোৰে পৰিভ্ৰমী চৰাইবোৰক লৈ উৎকণ্ঠা থাকে । বঙাইগাঁও জিলাৰ দলনী, তামৰঙা আৰু কয়াকুঁজিয়া বিলত প্ৰতিবছৰে বিদেশী পৰিভ্ৰমী চৰাই আহে যদিও থলুৱা চৰায়ো যথেষ্ট আহে । কিন্তু লক্ষণীয়ভাৱে তামৰঙা বিলত বিশ বছৰ পূৰ্বে যিবোৰ পৰিভ্ৰমী চৰাই আমি দেখিছিলোঁ, আজি দহ পোন্ধৰ বছৰৰ পৰা সেই চৰাইবোৰ আমি দেখিবলৈ পোৱা নাই ।"
খেতিপথাৰত ৰাসায়নিক সাৰ প্ৰয়োগে পেলোৱা প্ৰভাৱ সন্দৰ্ভত তেওঁ কয়, "বিশেষকৈ বিলসমূহৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ খেতিপথাৰ আছে । খেতি কৰাৰ সময়ত খেতিয়কে মাটিবোৰ চহাই লয় আৰু বাৰিষাকালত কোমল হৈ থকা মাটিবোৰ পানীয়ে উটুৱাই বিলত পেলোৱাত বিলবোৰ ক্ৰমান্বয়ে বাম হৈ আহিছে । আন এটা কাৰণ বিলবোৰত থকা মাছ, পোক-পতংগ, বিভিন্ন জলজ উদ্ভিদ আদিৰ বাবে পৰিভ্ৰমী চৰাইবোৰ আহে, কিন্তু খেতিপথাৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত কীট-পতংগবোৰ মৰি গৈছে ।"

তেওঁ পুনৰ কয়, "আনহাতে থলুৱা মাছ নিধন কৰাৰ বাবে মাছমৰীয়াই যিবোৰ কৌশল ব্যৱহাৰ কৰে অৰ্থাৎ ঘন আঁঠুৱা জালেৰে থলুৱা সৰু মাছবোৰ ধৰাৰ ফলত লক্ষণীয়ভাৱে থলুৱা মাছৰ সংখ্যা হ্ৰাস পাইছে । ফলত কিছু পৰিভ্ৰমী চৰাইয়ে এই বিলবোৰলৈ খাদ্যৰ অভাৱত আহিবলৈ এৰি দিছে ।"

আৰণ্যকে জৰীপ চলোৱা সন্দৰ্ভত দাসে কয়, "আৰণ্যকৰ তৰফৰ পৰা আমি দলনী বিলত চৰাইৰ জৰীপ কৰিছিলোঁ । দলনী বিলত আমি পঞ্চাশৰ পৰা ৫৫ টা প্ৰজাতিৰ চৰাই আমি চিনাক্ত কৰিছিলোঁ আৰু তাৰেই ১০-১১টা পৰিভ্ৰমী চৰাই ৷ কিছুদিন পূৰ্বে মই যোগীঘোপাৰ মালেগড় গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা ৰৌমাৰী বিললৈ চৰাইৰ অধ্যয়নৰ বাবে গৈছিলোঁ আৰু তাত তিনি ঘণ্টাৰ ভিতৰত ত্ৰিশটা প্ৰজাতিৰ প্ৰায় পাঁচশ চৰাই গণিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ ভিতৰত ১০-১২ টামান পৰিভ্ৰমী চৰাইৰ প্ৰজাতি আছে ।"
কি কি পৰিভ্ৰমী চৰাই আহে বিলসমূহলৈ:
- Red crested pochard
- Feriginous pochard
- Common pochard
- Gadwal
- Indian spot billed duck
- Eirasian teal
- Common coot
- Grey headed lapwing
- Little ringed plover
- Chitrine wagtail
- White wagtail ইত্যাদি
কি কি দেশীয় চৰাই:
- Oriental Darter
- Great Cormorent
- Purple Heron
- Lesser adjutant Stork আদি ।
এই সন্দৰ্ভত অশোক কুমাৰ দাসে কয়, "ৰৌমাৰী বিলত পৰিৱেশৰ ভাৰসাম্যতা আছে, সেইবাবেই চৰাইবোৰ ইয়ালৈ আহিছে । আমি নিজেই দেখিছোঁ, বিলখনত যথেষ্ট জলজ উদ্ভিদ আৰু মাছ আছে, যাৰ বাবে চৰাইবোৰে খাদ্যৰ বাবে শীতৰ পৰা নিজক বচাবলৈ ইয়ালৈ আহিছে ।"
পক্ষী নিধন সন্দৰ্ভত তেওঁ কয়, "কিন্তু পৰিতাপৰ বিষয় যে, একাংশ মানুহে এনে পক্ষী নিধন কৰি খায় সেইটো দুখৰ কথা । কিছুমান চৰাই আমাৰ মাজৰ পৰা নাইকীয়া হ'বলৈ ধৰিছে । উদাহৰণস্বৰূপে শগুণ, শগুণ আজিৰ ছাত্ৰ-ছাত্ৰীয়ে দেখাই নাই । আমি বিভিন্ন সভা-সমিতিয়ে, সজাগতা সভাত ছাত্ৰ-ছাত্ৰীক সোধো তোমালোকে শগুণ দেখিছানে ? উত্তৰ আহে দেখাই নাই । গতিকে এই শগুণ নাইকিয়া হৈ গ'ল ।"
তেওঁ শেষত কয়, "এই পৰিভ্ৰমী চৰাইবোৰ সৰহভাগেই বিপন্ন প্ৰজাতিৰ । বিপন্ন প্ৰজাতিবোৰৰ ভিতৰত গ্ৰেট কৰ্মনেণ্ট, পাৰ্পল হেৰ'ণ, অৰিয়েণ্টেল ডাৰ্টাৰ, লেজাৰ এদজুটেণ্ট ষ্ট'ৰ্ক বা হাড়গিলা এইবোৰ চৰাই এতিয়া বিপন্ন প্ৰজাতিৰ । আমাৰ ৰাইজ তথা নৱপ্ৰজন্মই যদি সজাগ আৰু সচেতন নহয়, তেন্তে আৰু বহু চৰাই আমাৰ মাজৰ পৰা হেৰাই যাব ।"

