ETV Bharat / state

গুলপীয়া আচ্ছাদনে আৱৰি থকা মাগুৰি মটাপুং বিলত দেশী-বিদেশী পক্ষীৰ ভিৰ

বাণিজ্যিক চহৰ হিচাপে পৰিচিত তিনিচুকীয়াৰ পৰা মাত্ৰ ১১ কিলোমিটাৰ নিলগত অৱস্থিত বিখ্যাত মাগুৰি মটাপুং বিল । শীতৰ সময়ত য’ত দেখা যায় অনন্য সুন্দৰ পৰিৱেশ ৷

MAGURI MOTAPUNG BEEL
মাগুৰি মটাপুং বিলত দেশী-বিদেশী আলহী পক্ষীৰ ভিৰ (Achin Chutia facebook post)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 11:58 AM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: আপুনি বাৰু তিনিচুকীয়াৰ মাগুৰি মটাপুং বিললৈ আহিছেনে ? যদিহে অহা নাই তেন্তে এবাৰ আহিবচোন ৷ আহিলে দেখিব শীতৰ আগমনৰ লগে লগে তিনিচুকীয়াৰ পক্ষীকূলৰ আশ্ৰয়স্থল হিচাপে পৰিচিত বিখ্যাত মাগুৰি মটাপুং বিললৈ আগমন ঘটে দেশী-বিদেশী আলহী পক্ষীৰ ৷ সেই আলহী পক্ষীক চাবলৈ এতিয়া প্ৰতিদিনেই বিললৈ আগমন ঘটিছে অগণন দেশী-বিদেশী পৰ্যটকৰ ৷

বাণিজ্যিক চহৰ হিচাপে পৰিচিত তিনিচুকীয়াৰ পৰা মাত্ৰ ১১ কিলোমিটাৰ নিলগত অৱস্থিত বিখ্যাত মাগুৰি মটাপুং বিল । বিলখনত প্ৰতিবছৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা মাৰ্চ-এপ্ৰিললৈকে প্ৰায় ৩২৫ বিধৰো অধিক পক্ষীয়ে ভিৰ কৰে ৷ বাৰেকুৰি, বাঘজান আৰু নতুন ৰংগাগড়া গাঁৱে আগুৰি আছে বিলখনক ৷ আনহাতে, বিলৰ নিচেই কাষতে আছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৷

প্ৰতিবছৰে শীতকালত দেখা যায় অনন্য পৰিৱেশ (Achin Chutia facebook post and ETV Bharat Assam)

পৰিভ্ৰমী পক্ষীৰ আগমন

প্ৰায় ১০ কিল’মিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি ছাইবেৰিয়া, ৰাছিয়া, নৰ’ৱে, ইংলেণ্ড, জাপান, টুন্দ্ৰা, লেহ-লাডাখ ইত্যাদি ঠাইৰ পৰা Baikal Teal, Eastern Spot-Billed Duck, Mallard, Tufted Duck ইত্যাদি পক্ষীৰ আগমন ঘটিছে ৷ সমান্তৰালভাৱে মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন'ছ বাবলাৰ, ছোৱাম্প ফ্ৰিনকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ চাবলৈ ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে ।

MAGURI MOTAPUNG BEEL
ধেমাজিৰ পৰা আহিছে পৰ্যটকৰ দল (Achin Chutia facebook post)

ইফালে, বিগত বৰ্ষত সুন্দৰী পক্ষী হিচাপে পৰিচিত সোণালী হাঁহ(Mandarin Duck) ৰ আগমন ঘটিছিল মাগুৰি বিললৈ । অতি দুৰ্লভ প্ৰজাতিৰ এই সোণালী হাঁহৰ আগমন ঘটাৰ খবৰটো বিয়পি পৰাৰ পাছতে বিললৈ ঢপলিয়াই আহিছিল বিভিন্ন প্ৰান্তৰ পক্ষীবিদসকল ৷

MAGURI MOTAPUNG BEEL
মাগুৰি মটাপুং বিলত নৌকা ভ্ৰমণৰ আনন্দ লৈছে পৰ্যটকসকলে (Achin Chutia facebook post)

গুলপীয়াৰ আচ্ছাদনে আৱৰিছে মাগুৰি মটাপুং বিল

পৰিভ্ৰমী পক্ষীৰ সমান্তৰালকৈ ভেটফুল আৰু পদুমফুলে বিলখনৰ পৰিৱেশে নান্দনিক কৰি তুলিছে ৷ যেন এক গুলপীয়াৰ আচ্ছাদনেহে ৷ বিলখনত মাছ মাৰিয়েই প্ৰায় পাঁচখনৰো অধিক গাঁৱৰ লোকে কৰিছে জীৱন নিৰ্বাহ ৷ কিন্তু অসম চৰকাৰৰ লগতে পৰ্যটন বিভাগে বিলক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰ্যটন উদ্যোগটোৰ প্ৰতিহে প্ৰদান কৰা নাই কোনো গুৰুত্ব ৷ স্থানীয় কেইগৰাকীমান যুৱকে কৰা নিজা প্ৰচেষ্টাৰ জৰিয়তে এতিয়া প্ৰায় কুৰিৰো অধিক যুৱকে মাগুৰি মটাপুং বিলত লাভ কৰিছে সংস্থাপন ৷

MAGURI MOTAPUNG BEEL
ফটোৰ বাবে প’জ দিয়া অৱস্থাত পৰ্যটকসকল (Achin Chutia facebook post)

এইসন্দৰ্ভত এগৰাকী স্থানীয় যুৱকে কয়, ‘‘এইবাৰ মাগুৰি মটাপুং বিললৈ যথেষ্টসংখ্যক পক্ষীৰ আগমন ঘটিছে ৷ ঠিক তেনেদৰেই পৰ্যটকৰো সংখ্যা বৃদ্ধি পাইছে । আশা কৰিছোঁ এই মাগুৰি বিলক লৈ পৰ্যটন উদ্যোগটো আৰু উন্নত হৈ উঠিব । এইক্ষেত্ৰত চৰকাৰেও যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৷ নিজা প্ৰচেষ্টাৰে গাঁঠিৰ ধনেৰে এই উদ্যোগটো চলাই থকা হৈছে । এতিয়া যিহেতু কেইটামান পৰিয়ালহে জড়িত হৈ আছোঁ, সঠিকভাৱে যদি ব্যৱস্থা গ্ৰহণ কৰে, বহু লোকৰ সংস্থাপনৰ পথ মুকলি হ’ব ।’’

ধেমাজিৰ পৰা অহা এগৰাকী ছাত্ৰীয়ে মাগুৰি বিলৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি কয়, ‘‘প্ৰথমবাৰৰ বাবে মাগুৰি বিল চাবলৈ আহিছোঁ, খুব ধুনীয়া লাগিছে । বহুত চৰাই দেখিলোঁ ৷ মাছ, ফুলেৰে বিলখন ধুনীয়া লাগিছে । সকলো আহক, ভাল লাগিব ।’’

লগতে পঢ়ক: দেশী-বিদেশী পক্ষীৰ কলৰৱে মুখৰিত কৰি তুলিছে ৰৌমাৰী বিল