ETV Bharat / state

গুৱাহাটীৰ ৰাজপথত পিষ্টল লৈ কোনে কৰিলে উদ্ভণ্ডালি ?

গণেশগুৰি নিশা যুৱকৰ মাৰপিট । প্ৰাক্তন জিলা আয়ুক্তৰ পুত্ৰসহ কেইবাজনো যুৱকক গ্ৰেপ্তাৰ ।

Midnight clash at Guwahati
গুৱাহাটীৰ ৰাজপথত একাংশ যুৱকৰ মাৰপিটৰ ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 7:15 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ ৰাজধানী চহৰ গুৱাহাটী নিশা হ'লেই যেন মাতাল হৈ পৰে ! কেতিয়াব যদি সুৰাপায়ী যুৱতীৰ তাণ্ডৱ, কেতিয়াবা আকৌ প্ৰচণ্ড মাৰপিট । মুঠতে নিশা হ'লেই গুৱাহাটীৰ ৰাজপথত সংঘটিত হয় বিভিন্ন ধৰণৰ ঘটনা । বৃহস্পতিবাৰে নিশাও গুৱাহাটীৰ গণেশগুৰিত তীব্ৰ উত্তেজনা । গণেশগুৰিৰ উৰণ সেতুৰ তলত দুই ফৈদৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । প্ৰথমে তৰ্ক-বিতৰ্ক আৰু তাৰ পিছত প্ৰচণ্ড মাৰপিট ।

কিন্তু আপুনি শুনিলে আচৰিত হ'ব যে এই কাজিয়াত আছিল এজন প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ পুত্ৰও । প্ৰাক্তন জিলা আয়ুক্ত বিভাষ মোদীৰ পুত্ৰ ৱাদিক মোদীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ৱাদিক মোদীয়ে বাউন্সাৰ লগত লৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে । কাজিয়াৰ মাজতে পিষ্টল উলিওৱাৰো অভিযোগ উঠিছে ৱাদিকৰ বিৰুদ্ধে । অৱশ্যে নিশাই দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱাদিক মোদীসহ কেইবাজনো যুৱকক ।

গুৱাহাটীৰ ৰাজপথত পিষ্টল লৈ উদ্ভণ্ডালি কৰি গ্ৰেপ্তাৰ প্ৰাক্তন জিলা আয়ুক্তৰ সন্তান (ETV Bharat)

জানিব পৰা মতে নিশা প্ৰায় ১২ বজাত এই ঘটনা সংঘটিত হয় । ডি কে বসুমতাৰী নামৰ এজন যুৱকে আন এজন বন্ধুৰ সৈতে গণেশগুৰিলৈ ভাত খাবলৈ আহিছিল । সেই স্থানত উপস্থিত আছিল অমিত ভৌমিক, জিতু বৰ্মন, টানিছ শৰ্মাৰ ৩ জনীয়া এটা দল । অভিযোগ অনুসৰি ভাতৰ দোকানখনৰ গৰাকীৰ লগত এই ৩ জনীয়া দলটোৰ কিছু তর্ক-বিতৰ্ক হয় । পাছত ভাত খাই উঠি কাষতে থকা বসুমতাৰীৰ বন্ধুজনক গতিয়াই দিয়ে ৩ জনীয়া যুৱকৰ দলটোৱে । তেনেকৈয়ে দুই ফৈদৰ কাজিয়াৰ সূত্ৰপাত হয় ।

কিন্তু ৩ জনীয়া দলটোৱে পিছত ফোন কৰি একাংশ যুৱকক মাতি পঠিয়ায় । কেইমুহূৰ্তমানৰ ভিতৰতে বিলাসী বাহন, বাইক লৈ ঘটনাস্থলীত উপস্থিত হয় একাংশ যুৱক । তাৰ পাছতে যুৱকৰ দলটোৱে বসুমতাৰী আৰু বন্ধুজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । কেৱল প্ৰহাৰ কৰাই নহয় পিষ্টলেৰে মাৰি মূৰ ফালি দিয়াৰো অভিযোগ উঠিছে । অভিযোগ অনুসৰি ৱাদিক মোদী নামৰ প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ পুত্ৰই প্ৰহাৰ কৰিছিল দুই বন্ধুক । ঘটনাৰ পিছতে ভুক্তভোগীয়ে নিশাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত নিশা দিছপুৰ আৰক্ষীয়ে ৱাদিক মোদীসহ ৭ জনীয়া দলটোক গ্ৰেপ্তাৰ কৰে ।

Midnight clash at Guwahati
গুৱাহাটীৰ ৰাজপথত একাংশ যুৱকৰ মাৰপিটৰ ঘটনা (ETV Bharat)

দিছপুৰ আৰক্ষীয়ে ৱাদিক মোদীৰ লগতে দিগন্ত হালৈ, ৱাছিম আখতাৰ, অমিত ভৌমিক, জিতু বৰ্মন, টানিছ শৰ্মা, জ্যোতিষ্মান বৰা নামৰ যুৱককেইজনক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :এ ডি আৰ ই : সংৰক্ষিত পদত ভুৱা নথিপত্রৰে চাকৰি ল'লে কোনে কোনে ? চৰকাৰৰ তদন্ত ঘোষণা