বাজেট অধিবেশনৰ প্ৰথমদিনাই মুখ্য়মন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী, ভোট বৰ্জনৰ হুংকাৰেৰে উত্তাল চচল
মধ্যাহ্ন কৰ্মচাৰীৰ মাননি ৯০০০ টকালৈ বৃদ্ধিৰ দাবী ।

Published : February 16, 2026 at 6:42 PM IST
গুৱাহাটী: পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিবেশন আজিৰে পৰা আৰম্ভ হৈছে । অহা ১৯ ফেব্ৰুৱাৰীলৈ চলিব এই অধিবেশন । বাজেট অধিবেশনৰ প্ৰথম দিনটোতেই মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত দল-সংগঠনে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।
সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ উদ্যোগত সোমবাৰে চচলৰ ধৰ্ণা স্থলীত দুঘণ্টীয়া অৱস্থান ধর্মঘট ৰূপায়ণ কৰে । বিশেষকৈ ৰান্ধনীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এইদৰে প্ৰতিবাদ জনায় । প্ৰতিবাদকাৰীসকলে হাতে হাতে ফ্লেগ,বেনাৰ, ফেষ্টুন আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়ে । মূলতঃ কর্মচাৰী সন্থাৰ তৰফৰ পৰা মধ্যাহ্ন কৰ্মচাৰীসকলৰ মাননি ৯০০০ টকালৈ বৃদ্ধি কৰা, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক ১০ মাহৰ পৰিৱৰ্তে ১২ মাহৰ মাননি আদায় দিয়াৰ ব্যৱস্থা, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়া কৰা আৰু কৰ্মচাৰীসকলক সময়মতে মাননি আদায় দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।
ভোট বৰ্জন কৰিব ৰন্ধন কৰ্মচাৰীয়ে :
এই সন্দৰ্ভত এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "ৰন্ধন কৰ্মচাৰীসকলৰ বহুত দুৰ্ভাগ্য বুলি ক'ব বিচাৰো । ২০১০ চনৰ পৰা আমাৰ আন্দোলন চলি আছে । মাৰ্চ মাহত পূৰ্ণাংগ বাজেট চলোতে এককালীন সাহাৰ্য দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল । আমাৰ মাননি বৃদ্ধিৰ দাবী আছিল ৯ হাজাৰ টকা; কিন্তু বৃদ্ধি কৰিছে মাত্ৰ পাঁচশ টকা । এতিয়া মাননি হয় মাত্ৰ দুহাজাৰ টকা । আজিৰ এই মূল্যবৃদ্ধিৰ সময়ত দুহাজাৰ টকাৰে জানো চলিব পাৰি । সেইবাবে চৰকাৰে কোনো পদক্ষেপ নল'লে জংগী আন্দোলন চলি থাকিব আৰু ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিম ।"
আনহাতে মুছলিম ছাত্র সন্থা,অসম চমুকৈ মুছাৰ উদ্যোগত চচলত দুঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিশেষকৈ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন ,ভাৰতীয় নাগৰিকসকলৰ নাম কৰ্তন বন্ধ কৰা আৰু মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীত সন্থাই এইদৰে প্ৰতিবাদ জনায় । মূলতঃ মুছলিম ছাত্র সন্থাই ভোটাৰ তালিকা বিশেষ সংশোধন প্রক্রিয়া (SR)ৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকসকলৰ নাম কৰ্তন বন্ধ কৰা,ভোটাৰ তালিকা বিশেষ সংশোধন ৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাসকলক পুনৰ ভোটাৰ তালিকাত অন্তভূক্ত কৰা,মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মুছলমানক টার্গেট কৰি সামাজিক মাধ্যমত AIৰ দ্বাৰা প্ৰচাৰ কৰা আপত্তিজনক ভিডিঅ' শ্বেয়াৰ কৰাৰ বিৰুদ্ধে ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।
আৰ এন আৰ চিত নাম অন্তর্ভুক্তসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰা আৰু নাম বাদ পৰা সকলৰ বাবে আপীল পক্রিয়া আৰম্ভ কৰা আৰু উজনি অসমত মিঞা খেদা অভিযানৰ নামত মুছলমান নাগৰিক সকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনাই সংগঠনটোৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।
অসমত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ :
এই সন্দৰ্ভত এগৰাকী প্ৰতিবাদকাৰীয়ে কয়,"বৰ্তমান অসমত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰা হৈছে । মুখ্যমন্ত্ৰীমন্ত্ৰীগৰাকীয়ে সংবিধান বিৰোধী কাম কৰি থকা পৰিলক্ষিত হৈছে । ইছলাম ধৰ্মক টাৰ্গেট কৰি বিভিন্ন সামাজিক মাধ্যমত এ আই ভিডিঅ' প্ৰচাৰ কৰি ইছলাম ধৰ্মক অপমান কৰিছে । ইয়াৰ আইনী তদন্ত বিচাৰিছো । যিসকল লোক জড়িত আছে গ্ৰেপ্তাৰৰ দাবী জনাইছো । SRৰ জৰিয়তে নাম কৰ্তন কৰি ভোটাৰ অধিকাৰ খৰ্ব কৰাৰ ষড়যন্ত্ৰ কৰিছে এয়া কোনো গ্ৰহণযোগ্য নহয় । মিয়া,বাংলাদেশী খেদাৰ নামত মুছলমানক অত্যাচাৰ কৰিছে এয়া গ্ৰহণযোগ্য নহয় ।"
মুখ্যমন্ত্ৰী সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত :
তেওঁ পুনৰ কয়,"স্বাধীনতা আন্দোলনত মুছলমানৰ ভূমিকা যথেষ্ট । এই লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক হয় । থকা খোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে । মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে । শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িক ৰাজনীতি নচলিব । আমি বিচাৰিছো অসমত ৰাষ্ট্ৰপতি শাসন হ'ব লাগে । আমি স্মাৰক পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিম । মুখ্যমন্ত্ৰীয়ে স্বেচ্ছাই পদত্যাগ কৰিব লাগে । অসমত উন্নয়ন স্থবিৰ হৈ পৰিছে । আদানী,আম্বানীক মাটি দিছে । থলুৱা লোকক উচ্ছেদ কৰি অন্যায় কৰিছে । চৰ অঞ্চলৰ উচ্ছেদিত সকলক পুনঃসংস্থাপন দিব লাগে । যদি বাংলাদেশী আছে উচ্ছেদ কৰাৰ আমি সংগঠনৰ পৰা সমৰ্থন কৰিম । "

