ETV Bharat / state

মৰণত শৰণ দি দুটাকৈ উন্মুক্ত ৰে’লপথ পাৰ হয় ৪২ খন গাঁৱৰ ৰাইজে : আছুৰ স্মাৰকপত্ৰ প্ৰদান

একেঠাইতে কেইবাখনো ৰে’লৰ খুন্দাত বহু দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাসমূহত বিদ্যালয়ৰ শিক্ষাৰ্থীকে ধৰি কেইবাজনো নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

AASU Memorandum
এই সমস্যা দীৰ্ঘদিনীয়া বুলি দাবী ৰাইজৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 8:04 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ এক অতি গুৰুত্বপূৰ্ণ তথা অঞ্চল হ’ল টেঙানী । টেঙানী পঞ্চায়তৰ অধীনত থকা প্ৰায় ৪২ খন গাঁৱৰ হাজাৰ হাজাৰ লোকৰ দৈনন্দিন যাতায়াতৰ কৰা অঞ্চলৰ মূল পথটো । টেঙানীৰ খকনগুৰি হৈ গোলাঘাট চহৰলৈ সংযোগ স্থাপন কৰা এই পথটোৰে নিতৌ শতাধিক যান-বাহন চলাচল কৰে ৷ টেঙানীৰ খকনগুৰি গাঁৱৰ মূলপথত থকা ৰে’ল ক্ৰছিংটোত কোনো ৰে’ল বিভাগৰ ৰে’লগেটৰ ব্যৱস্থা নাই । ৰাইজে নিজই পৰিচালনা কৰে টেঙানীৰ ৰে’ল ক্ৰছিংটো ।

টেঙানীৰ ৰে’ল ক্ৰছিঙৰ দৰেই অনুৰূপভাৱে চুঙাজান ৰে’ল ষ্টেচনৰ ৰে’ল ক্ৰছিঙটোও ৰাইজৰ দ্বাৰাই পৰিচালিত হয় । যাতায়াতৰ সময়ত টেঙানী, চুঙাজান দুয়োটা অঞ্চলৰ ৰাইজ সদায়ে এক অনিশ্চয়তা আৰু ভয়ৰ মাজেৰে ৰে’লপথ পাৰ হ’বলগীয়া হয় ।

বিগত সময়ছোৱাত টেঙানীৰ উক্ত স্থানত কেইবাখনো ৰে’লৰ খুন্দাত বহু দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাসমূহত বিদ্যালয়ৰ শিক্ষাৰ্থীকে ধৰি কেইবাজনো নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

AASU Memorandum
ৰে’ল বিভাগৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান (ETV Bharat Assam)

উল্লেখযোগ্য যে, My Train App ৰ মাধ্যমৰে তেওঁলোকে ৰে’ল ক্ৰছিঙটো পৰিচালনা কৰে । ম’বাইল এপযোগে যাত্ৰীবাহী ট্ৰেইনৰ লোকেশ্বন চাই নিৰ্দিষ্ট সময়ত ৰাইজে গেটখন বন্ধ কৰি দিয়ে । তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মালবাহী ট্ৰেইন, ট্ৰেইনৰ ইঞ্জিন আদিবোৰ আহিলে ৰাইজে লোকেশ্বন প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হয় ৷ যাৰ বাবে ৰে’লৰ উকি শুনিলেই আকস্মিকভাৱে ৰে’লপথটো পাৰ হ’বলগীয়া যাত্ৰীসকলৰ বাহনসমূহ ৰখাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । খনকনগুৰি গাঁৱত অৱস্থিত ৰে’লগেটখনৰ এফালে জামুগুৰি ৰে’ল ষ্টেচন আৰু আনফালে বিলগাঁও ৰে’ল ষ্টেচন । তাৰ মাজতেই আছে এই গেটখন ।

AASU Memorandum
আছুৰ স্মাৰকপত্ৰ প্ৰদান (ETV Bharat Assam)

চুঙাজান ৰে’ল ষ্টেচনৰ মাজত থকা ৰাইজৰ দ্বাৰা পৰিচালিত গেটখনৰ নামনি দিশত বোকাজান ৰে’ল ষ্টেচন, উজনিৰ দিশে নাওজান, সৰুপথাৰ ৰে’ল ষ্টেচন অৱস্থিত । বিভাগীয় কামৰ বাবে বুধবাৰে বৰপথাৰত উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ সাধাৰণ প্ৰবন্ধক(General Manager) উপস্থিত হৈছিল । তেনে সময়তেই এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ ধনশিৰি মহকুমা ছাত্ৰ সন্থাই বিষয়াগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে । টেঙানী-বিলগাঁও আৰু চুঙাজানত ৰে’ল বিভাগৰ লেভেল ক্ৰছিং(Level Crossing) নিৰ্মাণৰ দাবীতে ছাত্ৰ সন্থাই এই স্মাৰকপত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে, টেঙানী আৰু চুঙাজান সৰুপথাৰ সমজিলাৰ অন্তৰ্গত দুটা প্ৰধান অঞ্চল । বিশেষকৈ গুৱাহাটী-ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰে’লপথটো চুঙাজান আৰু টেঙানি-বিলগাঁও অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে ।

ধনশিৰি মহকুমা ছাত্ৰ সন্থাই বিগত সময়ছোৱাত টেঙানি-বিলগাঁও সংযোগস্থলত আৰু চুঙাজান ৰে’ল ষ্টেচনৰ সমীপত ৰে’ল ক্ৰছিং নিৰ্মাণৰ দাবীত বহুবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিল বুলিও এইবেলি দিয়া স্মাৰকপত্ৰত উল্লেখ কৰিছে । তথাপিও দুয়োটা অঞ্চলৰ ৰাইজ এতিয়ালৈকে এই সমস্যাৰ স্থায়ী সমাধানৰ পৰা বঞ্চিত হৈ আছে ।

শিক্ষাৰ ওপৰত প্ৰভাৱ

বৃহত্তৰ টেঙানি অঞ্চলটো ৪২ খন গাঁৱৰে গঠিত । প্ৰতিদিনে এই অঞ্চলৰ ৭০০ ত কৈও অধিক শিক্ষাৰ্থীয়ে প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈকে বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ গোলাঘাট, জামুগুৰি আৰু বিলগাঁৱলৈ ৰে’লপথ অতিক্ৰম যাবলগা হয় ।

অৰ্থনৈতিক সমস্যা

টেঙানিৰ ৰাইজৰ প্ৰধান জীৱিকা হ’ল চাহখেতি । খেতিয়কসকলে প্ৰতিদিনে কেঁচা চাহপাত এই ৰে’লপথৰ ওপৰেৰে কঢ়িয়াই নিবলগা হোৱাত অত্যন্ত অসুবিধাৰ সন্মুখীন হৈছে ।

আঞ্চলিক সংযোগ

চুঙাজান অঞ্চলত ৰে’ল ক্ৰছিং নথকাৰ বাবে ৰাজহুৱা যোগাযোগ, স্থানীয় ব্যৱসায়-বাণিজ্য, বজাৰ আৰু শিক্ষাৰ্থীসকলৰ শিক্ষানুষ্ঠানলৈ যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ বাধাৰ সৃষ্টি হৈছে ।

টেঙানি আৰু চুঙাজানৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে এই সমস্যাসমূহৰ বাবে দীৰ্ঘদিন ধৰি কষ্ট ভোগ কৰি আহিছে । ধনশিৰি মহকুমা ছাত্ৰ সন্থাই এই দুই অঞ্চলত একোটাকৈ ৰে’ল ক্ৰছিং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই পুনৰ স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: তেলৰ নাটনি হোৱা নাই ! ৰাইজক উৰাবাতৰিত পতিয়ন নাযাবলৈ আহ্বান যোৰহাটৰ জিলা আয়ুক্তৰ