মেঘালয়ৰ চিত্ৰ শিল্পী ৰাফেল ৱাৰ্জৰিলৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা
ঘোষণা কৰা হ'ল ২০২৫ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা । মেঘালয়ৰ চিত্ৰ শিল্পী ৰাফেল ৱাৰ্জৰি নিৰ্বাচিত প্ৰণৱ বৰুৱা শিল্পী বঁটাৰ বাবে ।

Published : January 1, 2026 at 6:18 PM IST
নগাঁও : ২০০২ চনৰ পৰা বিশিষ্ট চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ সোঁৱৰণত আগবঢ়াই অহা প্ৰণৱ বৰুৱা শিল্পী বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হৈছে মেঘালয়ৰ বিশিষ্ট ভাস্কৰ্য চিত্ৰ শিল্পী ৰাফেল ৱাৰ্জৰি । প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ অধ্যক্ষ সূলক্ষণা বৰুৱা ভূঞাই জানিবলৈ দিয়ে প্ৰণৱ বৰুৱা শিল্পী বঁটা ২০২৫ ঘোষণা কৰাৰ কথা ।
প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, চিত্রকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্ৰয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে ।
ৰাফেল ৱাৰ্জৰিৰ বিষয়ে:
১৯৬১ চনৰ ১৪ মার্চত শ্বিলঙত জন্ম গ্রহণ কৰা শিল্পী ৰাফেল ৱাৰ্জৰি বিগত চাৰি দশকৰো অধিক কাল পেছাদাৰী সৃষ্টিশীলতাত একানপটীয়াকৈ নিয়োজিত হৈ আছে । ১৯৯১ চনত ৰিতি একাডেমী অৱ ভিজুৱেল আৰ্টছ নামৰ সুকুমাৰ কলা প্ৰতিষ্ঠানৰ জন্ম দিয়া শিল্পীগৰাকীয়ে ১৯৯১ চনত ইয়াৰ সৈতে সংযোজন ঘটায় এটা চিত্রশালা এম এ ডি গেলেৰী ।

২০০৫ চন আৰু ২০০৭ চনত ঢাকাৰ ভাৰতীয় উচ্চাযুক্ত আৰু গ্ৰেটাৰ চিলেট ইণ্ডিজেনাছ পিপলছ ফ'ৰামৰ সহযোগত ঢাকাত কলা শিবিৰ আয়োজন কৰাৰ উপৰিও ভাৰতৰ বিভিন্ন স্থানত আয়োজিত কলা শিবিৰত অংশগ্ৰহণ কৰা শিল্পীগৰাকী ইণ্ডিয়ান নেচনেল ট্রাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ আৰু খাচী অখৰছ' ছ'চাইটিৰ আজীৱন সদস্য ।
নর্থ-ইষ্ট ফিল্ম এণ্ড টিভি প্রডিউচাৰ এণ্ড ডাইৰেক্টৰছ এছ'চিয়েচন আৰু মেঘালয় পিপল এনভাইৰনমেণ্টেল ৰাইটছ ফ'ৰামৰো প্ৰতিষ্ঠাপক সদস্য ৰাফেল ৱাৰ্জি মেঘালয় এডভেঞ্চাৰ এছ'চিয়েশ্যন, মেঘালয় এডিটৰচ এণ্ড পাব্লিচাৰ্ছ এছ'চিয়েশ্যন আৰু শ্বিলং প্ৰেছ ক্লাবৰো সক্রিয় সদস্য । চলচ্চিত্ৰ আৰু নাট্য কলাৰ সৈতেও জড়িত শিল্পীগৰাকীৰ সৃষ্টিৰাজী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু কেইখন চলচ্চিত্ৰ আৰু নাট সমাৰোহত প্ৰদৰ্শিত হৈছে ।
কলকাতাৰ আই এছ বি এণ্ড এম, গ্রীণ ৱাৰিয়ৰ বঁটা, ৰটাৰী ক্লাব শ্বিলঙৰ উৎকৃষ্টতা বঁটা আৰু মেঘালয় চৰকাৰৰ ৰাজ্যিক টিৰত সিং সোৱৰণী কলা-সাহিত্য বঁটাৰে সন্মানিত শিল্পী সাহিত্যিকগৰাকীয়ে খাচী আৰু ইংৰাজী দুয়োটা ভাষাতে কেইবাখনো মূল্যবান গ্রন্থ প্ৰণয়ন আৰু প্ৰকাশ কৰি উলিয়াইছে ।
উল্লেখযোগ্য যে, ২০০২ চনত প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্রহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্রহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শৰ্মা, কিৰণ শংকৰ, চম্পক বৰবৰা, দিলীপ তামুলী, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্র এম থেম, ত্ৰিপুৰাৰ চিত্ৰশিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্ৰশিল্পী লাং ৰখুমা, অৰুণাচলৰ শিল্পী টাকাৰ ৰিবা আৰু নাগালেণ্ডৰ চিত্ৰশিল্পী বুদ্ধি থাপাক প্ৰদান কৰা হৈছে ।
বিশিষ্ট চিত্ৰ শিল্পী প্ৰণৱ বৰুৱাৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্রশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা ।

