লখিমপুৰ কৃষি গৱেষণা কেন্দ্ৰৰ বাওধান সমাদৃত বিশ্ববজাৰত: ৰাছিয়া, ডুবাইলৈও ৰপ্তানি
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ অংশগ্ৰহণেৰে দুদিনীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে বৃহৎ কৃষক মেলা।

Published : January 10, 2026 at 11:19 AM IST
যোৰহাট : যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 'বৃহৎ কৃষক মেলা-২০২৬' । অসম কৃষি বিশ্ববিদ্যালয়ৰ আই চি আৰ ফাৰ্মত অনুষ্ঠিত কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি আদৰণী ভাষণ আগবঢ়ায় সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ মনোৰঞ্জন নেওগে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই অংশগ্ৰহণ কৰে । ভাষণ প্ৰসংগত তেখেতে কৃষকক যথোচিত গুৰুত্ব আৰু মৰ্যাদা দি কৃষকৰ মনত আনন্দ দিয়াৰ মানসিকতা সৃষ্টি হ'ব লাগিব বুলি উল্লেখ কৰে ।
এই কৃষক মেলা সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই কয়, "অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰত্যেক বছৰৰ দৰে এইবছৰো দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত কৰিছোঁ। এই কৃষক মেলাত অসমৰ লগতে কাষৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ডৰ পৰাও অংশগ্ৰহণ কৰিছে । এই মেলাত কৃষিজাত সামগ্ৰীৰ লগতে বহু নতুন প্ৰযুক্তি কৌশল ইয়াত উপলব্ধ হৈছে বা প্ৰদৰ্শনী কৰা হৈছে ।"
আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰই উদ্ভাৱন আৰু উন্নীতকৰণ কৰা পাঁচটা প্ৰজাতিৰ ধানো এই মেলাত কৃষকৰ উপযোগী হোৱাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ।

এই সন্দৰ্ভত লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ য়াটেৰ দাসে কয়, "আমাৰ গৱেষণা প্ৰতিষ্ঠানত কৃষকৰ উপযোগী হোৱাকৈ পানীন্দ্ৰ,পদ্মনাথ, পদুমনি, পঞ্চানন আৰু বাসুদেৱ নামৰ ৫টা প্ৰজাতিৰ বাওধান উদ্ভাৱন কৰি ইয়াক উন্নীতকৰণ কৰা হৈছে । এই প্ৰজাতিৰ ধানক প্ৰাকৃতিক জলবায়ুৰ লগত খাপ খোৱাকৈ আৰু অৰ্গেনিক হিচাপে গঢ়ি তোলা হৈছে । এই প্ৰজাতিৰ ধানৰ বানপানী প্ৰতিৰোধী ক্ষমতা থকাৰ লগতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশত যুঁজ দিব পাৰে আৰু ইয়াৰ উৎপাদন বহুত বেছি । লগতে সচৰাচৰ বাওধানত হোৱা ৰোগসমূহ ইয়াত দেখা পোৱা নাযায় ।"

তেওঁ লগতে কয়, "উক্ত প্ৰজাতিৰ ধানত প্ৰ'টিন, আইৰণ আৰু জিংক পোৱা যায় । ইতিমধ্যে আমি ২৬৫ টন এই বাওধান ৰাছিয়া আৰু ডুবাইলৈ ৰপ্তানি কৰিছোঁ । এই ধানৰ গুণাগুণ, প্ৰতিৰোধ ক্ষমতা আৰু বজাৰৰ বিষয়ে যেতিয়া গম পালে তেতিয়া কৃষকসকল এই খেতি কৰিবলৈ আগবাঢ়ি আহিছে । এই ধানৰ পৰা চিৰা আৰু পিঠাগুড়ি প্ৰস্তুত কৰা হয় ।"
উল্লেখ্য যে 'বৃহৎ কৃষক মেলা-২০২৬'ত কৃষক ৰাইজৰ সহায়ক হোৱাকৈ কৃষি প্ৰদৰ্শনী, কৃষি বিষয়ক প্ৰশিক্ষণ, কৃষক-বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, কৃষি উদ্যোগীৰ সমাৰোহ, বীজ উৎপাদকৰ সমাৰোহ আদিৰ ব্যৱস্থা কৰা হৈছে । কৃষক ৰাইজৰ উপৰি কৃষি তথা আনুষংগিক ক্ষেত্ৰত জড়িত অসমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠান, কৃষক-উৎপাদক গোট, আত্মসহায়ক গোট আদিয়ে এই মেলাত অংশগ্ৰহণ কৰিছে ।

