ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ বাবে সাজু ১০ হাজাৰ বড়ো চিখলা

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত বাওখুংগ্ৰী সমষ্টিৰ শিল্পীসকলে আৰম্ভ কৰে বাগৰুম্বা নৃত্যৰ আখৰা ৷

Bagurumba practice
কোকৰাঝাৰত বাগৰুম্বাৰ আখৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 12:56 PM IST

2 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ । অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই বিশাল নৃত্যানুষ্ঠানৰ । য'ত ১০ হাজাৰ বড়ো চিখলাই পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য । অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা আছে । যাৰ বাবে ইতিমধ্যে ঠায়ে ঠায়ে বাগৰুম্বা নৃত্যুৰ আখৰা চলি আছে ।

ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে বি টি চিৰ সদৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্ততো চলিছে বাগৰুম্বা নৃত্যৰ জোৰদাৰ আখৰা ৷ ইয়াৰ অংশস্বৰূপে বৃহস্পতিবাৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত বাওখুংগ্ৰী সমষ্টিৰ শিল্পীসকলে আৰম্ভ কৰে বাগৰুম্বা নৃত্যৰ আখৰা ৷ আনহাতে ১৭ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বাগৰুম্বা নৃত্যানুষ্ঠানৰ বাবে আখৰাত অংশগ্ৰহণ কৰি নৃত্য পৰিৱেশনৰ বাবে সাজু হৈছে বি টি চি, অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু সুদূৰ নেপালৰ পৰা অহা বড়ো চিখলাৰ দল ৷

কোকৰাঝাৰত বাগৰুম্বাৰ আখৰা আৰম্ভ (ETV Bharat Assam)

কোকৰাঝাৰৰ আখৰাত অংশগ্ৰহণ কৰি বাওখুংগ্ৰী সমষ্টিৰ পাৰিষদ ধনেশ্বৰ গয়াৰীয়ে বড়ো জনগোষ্ঠীৰ জাতীয় নৃত্য 'বাগৰুম্বা' ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰি বিশ্ব অভিলেখ কৰিবলৈ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ৷ তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমাৰ বাগৰুম্বা নৃত্য দেখুৱাবলৈ যি যো-জা কৰিছে । আজি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ খেলপথাৰত আখৰাৰ মুকলি কৰি দিছোঁ । আশা কৰিছোঁ আহি থকা ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নাচনীসকলে ভালদৰে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু সফল হ'ব বুলি আশা কৰিছোঁ ।

Bagurumba practice
কোকৰাঝাৰত বাগৰুম্বাৰ আখৰা (ETV Bharat Assam)

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বাগৰুম্বা নৃত্য পৰিৱেশন কৰাৰ সুযোগ পোৱাৰ বাবে বহুত উৎফুল্লিত যুৱতীসকল । কোকৰাঝাৰত সমষ্টি ভিত্তিত অনুশীলন আৰম্ভ হোৱাৰ লগে লগে এক ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে পঢ়ক :শিল্পী দিৱসত ১০ হাজাৰোধিক বড়ো চিখলাই মুখৰিত কৰিব সৰুসজাই: প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিব বাগৰুম্বা