মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত পৌৰ প্ৰশাসনৰ সমস্যাৰ সন্দৰ্ভত বিশেষ বৈঠক
সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থা(AAMBC)ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিত জনতা ভৱনত অনুষ্ঠিত হয় বৈঠক ৷

Published : August 22, 2026 at 4:46 PM IST
হায়দৰাবাদ : শনিবাৰে জনতা ভৱনত মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক বিশেষ বৈঠক ৷ সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থা(AAMBC)ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকতে পৌৰসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আয়ুক্তসকলে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷
সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থাৰ সভাপতি সুৰজিৎ বৰ্মনে বিভিন্ন সমস্যা আৰু দাবীসমূহ মন্ত্ৰীগৰাকীক অৱগত কৰে । বৈঠকতে সংস্থাৰ বিষয়ববীয়াসকলে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী ৰায়ে ৷ লগতে পৌৰ প্ৰশাসনৰ দায়িত্বসমূহ অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে পালন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Today, I chaired an important meeting with the office bearers and members of the All Assam Municipal Board Commissioners’ Association (AAMBC), Assam, led by its President Dr. Surajit Barman to discuss a coordinated approach towards better urban governance.
— Kaushik Rai (@iKaushikRai) August 22, 2026
Discussed their… pic.twitter.com/HrDTa6HSDE
বৈঠক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰে ৰাজ্যৰ নগৰীয়া স্থানীয় নিকায়সমূহৰ কাৰ্যসম্পাদনৰ মূল্যায়ন কৰা হ’ব । কাৰ্য সম্পাদনৰ ভিত্তিত স্থানীয় নিকায়সমূহক সৌৰ শক্তিৰ (Solar Light) আদি বিভিন্ন সুবিধা প্ৰদান কৰা হ’ব ৷ পৌৰসভাসমূহক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উন্নত কাৰ্যসম্পাদন, ফলপ্ৰসূ সেৱা প্ৰদান আৰু সম্পদৰ দক্ষ ব্যৱহাৰক গুৰুত্বপূৰ্ণ মাপকাঠী হিচাপে বিবেচনা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।
নগৰ প্ৰশাসন অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমন্বয় আৰু সহযোগিতাৰ গুৰুত্ব আৰোপ কৰি মন্ত্ৰী ৰায়ে সকলোকে সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান জনায় । মন্ত্ৰী ৰায়ে লগতে জানিবলৈ দিয়ে যে অতি শীঘ্ৰে ৰাজ্যৰ সকলো স্থানীয় নিকায়ৰ অধ্যক্ষ, উপাধ্যক্ষ, কাৰ্যবাহী বিষয়া, বিত্তীয় ব্যৱস্থাপনা বিষয়া আৰু নগৰীয়া কাৰিকৰী বিষয়াসকলক লৈ আন এখন বৈঠক অনুষ্ঠিত কৰা হ’ব ।
লগতে পঢ়ক: আইভিএফৰ দ্বাৰা বিশ্বৰ প্ৰথমটো 'লখিমী' প্ৰজাতিৰ গৰু পোৱালিৰ জন্ম, অসমৰ বিজ্ঞানীৰ সফলতা

