অসম-নাগালেণ্ডৰ জাতীয় সংগঠনৰ মাজত বৈঠক, অবৈধ পাহাৰ খনন বন্ধ কৰাৰ হুংকাৰ
শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ হোটেলত সদৌ টাই আহোম ছাত্র সন্থাৰ সৈতে নাগালেণ্ডৰ কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্ট ইউনিয়ন আৰু কন্যাক এনএছকেৰ প্ৰতিনিধিসকলৰ বৈঠক অনুষ্ঠিত হয়...

Published : August 22, 2026 at 6:42 PM IST
শিৱসাগৰ : নাগালেণ্ডত পাহাৰ খননৰ বাবে অসমত হোৱা ভয়াবহ বান আৰু অসম-নাগালেণ্ড সীমা সমস্যাৰ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ জাতীয় সংগঠনৰ মাজত এক বৈঠক অনুষ্ঠিত হয় ৷
শনিবাৰে শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ হোটেলত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল সদৌ টাই আহোম ছাত্র সন্থা, কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্ট ইউনিয়ন আৰু কন্যাক এনএছকেৰ প্ৰতিনিধিসকল ৷
উক্ত বৈঠকতে অসম-নগালেণ্ডৰ সীমা সমস্যা, সাংস্কৃতিক আদান-প্ৰদানৰ লগতে শেহতীয়া বান সম্পৰ্কেও আলোচনা হয় । বিশেষকৈ নাগালেণ্ডত হোৱা খনিজ খননৰ ফলত সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ সম্পৰ্কে সংগঠনৰ নেতৃত্বৰ মাজত বিশদ আলোচনা হয় ৷ ইফালে নদীবান্ধৰ ফলত শেহতীয়া বান হোৱা নাই বুলি কন্যাক সংগঠনৰ তৰফৰ স্পষ্টকৈ প্ৰকাশ কৰিছে ৷
ইয়াৰ বিপৰীতে নগালেণ্ডত হোৱা অবৈধ কয়লা আৰু শিলখননৰ বাবে ভয়াবহ বান সৃষ্টি হৈছিল বুলি কন্যাক সংগঠনে সহমত পোষণ কৰে ।
কন্যাক সংগঠনৰ প্ৰতিনিধিয়ে কয়, "খনিজ সম্পদ নাগালেণ্ডৰ, কিন্তু খনন নগা লোকে নকৰে । অসমকে ধৰি বিভিন্ন ৰাজ্যৰ ঠিকাদাৰে খনন কৰি অসমৰ মাজেৰে এই কয়লা-শিল-বালি আদি পৰিবহণ কৰা হয় । এনে খনন সকলো বৈধ আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা নহয় । যাৰ বাবে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ দেখা দিছে ।"
তেওঁলোকে লগতে কয়,"অসম-নাগালেণ্ডৰ লোকৰ মাজত যাতে এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে নগা জনসাধাৰণ আৰু অসমীয়া ৰাইজ সজাগ হ'ব লাগিব । যাৰ বাবে আজিৰ পৰ্যালোচনা সভাত আটাছু আৰু কন্যাক সংগঠনে যুটীয়া ভাৱে নাগালেণ্ড আৰু অসম চৰকাৰক এনে অবৈধ খনন আৰু পৰিবহনক লৈ স্মাৰক পত্ৰ প্ৰদান কৰি অবৈধ খনন-পৰিবহনক লৈ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰিব ।"
বৈঠকত লগতে এই কথাও উল্লেখ কৰা হয় যে, নাগালেণ্ডৰ খনিজ সম্পদ কোনো চৰকাৰৰ নহয়, বৰঞ্চ নগা জনগনৰ । এই সম্পদ সংবিধানৰ ৩৭১ অনুচ্ছেদৰ দ্বাৰা নগা জনগনক অধিকাৰ দিয়া হৈছে । গতিকে নগা ৰাইজৰ সৈতে একত্ৰিত হৈ এই সমূহ কেনেকৈ ৰোধ কৰা যাব সেই সন্দৰ্ভত আলোচনা কৰা হয় বুলি তেওঁলোকে মন্তব্য কৰে ।
লগতে পঢ়ক: অসম-মেঘালয় সংকট মোচনৰ চেষ্টা: গুৱাহাটীত মন্ত্ৰী অতুল বৰা-মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ বৈঠক

