অপৰাধীৰ তথ্য সংগ্ৰহৰ বাবে জিলাই জিলাই স্থাপন মেজাৰমেণ্ট কালেকচন ইউনিট
আধুনিকীকৰণৰ দিশত অসম আৰক্ষীৰ আৰু এটা খোজ । অপৰাধ কৰি সাৰি যাব নোৱাৰিব অপৰাধী ।

Published : November 28, 2025 at 8:58 PM IST
গুৱাহাটী: অসম আৰক্ষী আধুনিকীকৰণৰ দিশত আৰু এখোজ আগুৱালে । এইবাৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে দাগী অপৰাধীৰ লগতে আন অপৰাধীৰ তথ্য সংগ্ৰহ কৰা ব্যৱস্থা । ইয়াৰ বাবে ভাৰত চৰকাৰৰ ২০২২ চনৰ এখন আইনৰ ভিত্তিত ৰাজ্যৰ প্ৰতিখন জিলাত নিৰ্মাণ কৰিছে একোটাকৈ মেজাৰমেণ্ট কালেকচন ইউনিট (MCU) ৷ এককথাত এবাৰ অপৰাধ কৰি শাস্তি লাভ কৰা দাগী অপৰাধীৰ সকলো তথ্য থাকিব আৰক্ষীৰ হাতৰ মুঠিত ।
এই ব্যৱস্থাত বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ হ'ব অপৰাধীৰ চকুৰ ৰেটিনা ৷ শৰীৰৰ স্কেন কৰি ডাটাবেছ কৰি সংৰক্ষণ কৰাৰ পৰা আৰম্ভ কৰি সংৰক্ষণ কৰা হ’ব DNA নমুনা পৰ্যন্ত ৷ ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত স্থাপন হৈছে মেজাৰমেণ্ট কালেকচন ইউনিট ব্যৱস্থা । শুকুৰবাৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সদৰী কৰে এই তথ্য ।
অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কয়, “২০২২ চনত ভাৰত চৰকাৰে এখন নতুন আইন আনিছিল Criminal Procedure (Identification) Act, 2022 ৷ আগতে যেতিয়া কোনো অপৰাধীৰ আদালতত দোষী সাব্য়স্ত হয়, ফিংগাৰপ্ৰিণ্ট লোৱাৰ নিয়ম আছিল । ভৱিষ্যতে যেতিয়া কিবা অপৰাধ হয় তেতিয়া, ক্ৰাইম শ্বীনৰ পৰা ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰা হয় । সেই ফিংগাৰপ্ৰিণ্ট ডাটাবেচৰ লগত মিলাই চোৱা হয় যে আগতে অপৰাধ কৰা কোনো অপৰাধীয়ে এই অপৰাধ কৰিছে নেকি ? নতুন Criminal Procedure (Identification) Act, 2022 মতে ফিংগাৰপ্ৰিণ্টৰ উপৰি কিছুমান তথ্য় ল’ব পাৰি । যেনে অপৰাধীৰ ৰেটিনা স্কেন আদি লোৱাৰ ব্যৱস্থা আছে । গতিকে ইযাৰ দ্বাৰা এটা ডাটাবেছ তৈয়াৰ কৰা হয় ।”
“এই তথ্যসমূহ সংগ্ৰহ কৰিবৰ বাবে মেজাৰমেণ্ট কালেকচন ইউনিট ভাৰত চৰকাৰৰ নেচনেল ক্ৰাইম ৰিপ'ৰ্ট ব্যুৰ'ৰ (NCRP) সহায়ত আমি প্ৰত্য়েকখন জিলাত ইতিমধ্যে এই ব্যৱস্থা কৰিছো ।” এইদৰে কয় মুন্না প্ৰসাদ গুপ্তাই ।
কি কি নতুন ব্যৱস্থা আছে ?
যিবিলাক অপৰাধীয়ে মহিলা বা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰে বা এনে অপৰাধী যাৰ অপৰাধৰ শাস্তি সাত বছৰতকৈ অধিক, তেনে আপৰাধীৰ বায়'লজিকেল ছেম্পলো ল’ব পাৰি । সেই ছেম্পল লৈ তেওঁৰ DNA সংগ্ৰহ কৰি ডাটা সংৰক্ষণ কৰিব পাৰি । এই ডাটা সংৰক্ষণ কৰা হ’ব মেজাৰমেণ্ট কলেকচন ইউনিটত (MCU) ৷ এইদৰে জনাইছে অসম আৰক্ষীৰ অন্যতম শীৰ্ষ জ্যেষ্ঠ বিষয়াগৰাকীয়ে । এইদৰেই জিলাই জিলাই অপৰাধীৰ ডাটা ভঁৰাল গঠন হ’ব ৷ অসম আৰক্ষীয়ে নীতি অনুসৰি যিবোৰ অপৰাধীৰ DNA আদি বায়’লজিকেল ডাটা সংগ্ৰহ কৰিব লাগে সেই অনুসৰি মেজাৰমেণ্ট কালেকচন ইউনিটৰ ডাটা বেছত ডাটা ভৰোৱা আৰম্ভ কৰিছে বুলিও মুন্নাপ্ৰসাদ গুপ্তাই জানিবলৈ দিয়ে ।

