ETV Bharat / state

ভাস্কৰ্য শিল্পৰ অন্যতম নিদৰ্শন, যদুমণি গগৈৰ হাতত প্ৰাণ পাই উঠিল জুবিন গাৰ্গৰ অনন্য ৰূপ

ডিব্ৰুগড়ৰ শিল্পী যদুমণি গগৈয়ে ৩ মাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি । যাক লৈ সৰ্বত্ৰে চলিছে চৰ্চা ।

Bust sculpture of Zubeen Garg
ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 4:30 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী ।‌ প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা অনুৰাগীসকল । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই মৃত্যুৰ ৰহস্য ফাদিল কৰা আৰু দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপিত কৰিছে সকলোৱে ।

ইয়াৰ মাজতে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ বিভিন্নজনে চেষ্টা অব্যাহত ৰাখিছে । বহুজনে জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিক কেন্দ্ৰ কৰি বহু বিতৰ্কৰো সৃষ্টি হৈছে ।

ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিক লৈ ব্যাপক চৰ্চা (ETV Bharat Assam)

এনে বিতৰ্কৰ মাজতে ডিব্ৰুগড়ৰ বকপৰা নিৱাসী অসমৰ আগশাৰীৰ ভাস্কৰ্য শিল্পী যদুমণি গগৈৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ মূৰ্তি ।

Bust sculpture of Zubeen Garg
ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)

প্ৰায় ৩ মাহ ধৰি একেৰাহে কৰা অশেষ পৰিশ্ৰমৰ অন্তত যদুমণি গগৈয়ে জীৱন্ত ৰূপত নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ এই পূৰ্ণাংগ ভাস্কৰ্য । প্ৰায় ৭.৫০ ফুট উচ্চতাৰ এই মূৰ্তিটোৱে ইতিমধ্যে অসমৰ শিল্পী সমাজৰ লগতে অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । নিপুণ ভাস্কৰ্য কৰ্ম, মুখাবয়বৰ সঠিক উপস্থাপন আৰু জীৱন্ত ৰূপায়ণৰে আবক্ষ মূৰ্তি অতি আকৰ্ষণীয় হৈ উঠিছে বুলি সকলোৱে প্ৰশংসা কৰিছে ।

Bust sculpture of Zubeen Garg
ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)

উল্লেখ্য যে, নিজৰ সৃষ্টিকৰ্মৰে জগত জিনিবলৈ প্ৰতিদিনে চেষ্টা অব্যাহত ৰখা এগৰাকী ভাস্কৰ্য শিল্পী হ'ল ডিব্ৰুগড় বকপৰাৰ যদুমণি গগৈ । ২০০০ চনৰ পৰা নিজৰ গৃহতে আৰম্ভ কৰি অব্যাহত ৰাখিছে ভাস্কৰ্য শিল্পৰ সাধনা ।

Bust sculpture of Zubeen Garg
ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)

জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ পৰা ৰাজীৱ শদিয়ালৈকে, ৰাম-লক্ষ্মণৰ পৰা বিভিন্ন যোদ্ধাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চৰ্চিত হৈছে ডিব্ৰুগড়ৰ যদুমণি গগৈ । তেওঁ সম্পূৰ্ণ ফাইবাৰ গ্লাছ আৰু কিছু দ্ৰব্য মিশ্ৰণ কৰি নিৰ্মাণ কৰে প্ৰতিমূৰ্তিসমূহ । জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিও ফাইবাৰ গ্লাছ আৰু কিছু দ্ৰব্য মিশ্ৰণ কৰি নিৰ্মাণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিছে ।

Bust sculpture of Zubeen Garg
ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)

বহু চেষ্টাৰ অন্তত সফলতা

নিপুণ ভাস্কৰ্য কৰ্মৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীৱন্ত ৰূপ দিয়া ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে কয়, "৩ মাহ ধৰি জুবিন দাৰ মূৰ্তিটোৰ কাম আমি কৰি আহিছিলোঁ । আমি বহু কষ্ট কৰাৰ পাছতো মুখখন সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ । কিন্তু দেহৰ বাকী অংশ সম্পূৰ্ণ কৰিব পাৰিছোঁ বুলি ভাবিছোঁ । জুবিন গাৰ্গৰ হাঁহি থকা এটা ভংগিমা দিবলৈ চেষ্টা কৰিছিলোঁ যদিও সফল হ'ব পৰা নাছিলোঁ । পাছত আকৌ নতুন ভংগিমাৰে নতুন এটা মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ । তাত আমি যথেষ্ট সফল হৈছোঁ বুলি মানুহে কৈছে । আমি জুবিন গাৰ্গৰ ন্যায় দাবী কৰি আহিছোঁ । নতুন বছৰটোত যাতে তেওঁ ন্যায় লাভ কৰে তাৰে কামনা কৰিছোঁ ।"

Bust sculpture of Zubeen Garg
ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)

উল্লেখ্য যে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পিছত বহু শিল্পীয়ে তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম হাতত লৈছে । কিন্তু কম সংখ্যক শিল্পী সফল হৈছে । আনকি তেওঁৰ মুখাবয়বক লৈ বহু বিতৰ্কও হৈছে । কিন্তু তাৰ মাজতে যদুমণি গগৈয়ে নিৰ্মাণ কৰা জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিটোৱে বিশেষ সমাদৰ লাভ কৰিছে । বহুতে তেওঁৰ এই কামৰ প্ৰশংসা কৰিছে । আনকি বিভিন্নজনে তেওঁৰ সৈতে জুবিন গাৰ্গৰ মূৰ্তি নিৰ্মাণৰ বাবে যোগাযোগো কৰিছে ।

লগতে পঢ়ক :জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন মুম্বাইৰ বিশিষ্ট উদ্যোগপতিৰ